--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ সন্মুখত নিজৰ নমনীয় আৰু পৰিৱৰ্তিত ৰূপৰ ছৱি এখন উপস্থাপন কৰিবলৈ বিচাৰিলেও আচলতে সলনি হোৱা নাই তালিবানৰ চৰিত্ৰ।সেইবাবেই তালিবানীৰ দ্বাৰা আফগানিস্তানৰ অধিগ্ৰহণৰ পাছতেই পৰিস্হিতি দিনে দিনে অধিক উদ্বেগজনক হৈ পৰিছে । দেশখনৰ ঠাই বিশেষে বিভিন্ন দল সংগঠন প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

শনিবাৰে এনে এক প্ৰতিবাদী কাৰ্যসূচীয়ে ৰূপায়ণ কৰিছিল আফগানিস্তানৰ কিছু সংখ্যক মহিলা সমাজ কৰ্মীয়ে।কিন্তু নাৰীৰ এই মুক্ত প্ৰতিবাদ সহ্য নহ'ল তালিবানৰ।গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে সক্ৰিয় সমাজকৰ্মী নাৰ্গিছ চাদ্দাক।

উল্লেখ্য যে মহিলা কৰ্মী সকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্যৰে একগোট হৈছিল।কিন্তু তেওঁলোকক ইছলামিক এমিৰেটৰ সদস্য সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অনুমতি দিয়া নাছিল।ইয়াৰ পিছতেই তালিবানীয়ে মহিলা প্ৰতিবাদকাৰী সকলৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰে।তাতেই ক্ষান্ত নাথাকি নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত তালিবানীয়ে গুলীবৰ্ষণো কৰে।সাংবাদিক সকলকো প্ৰতিবাদস্থলীৰ পৰা আতঁৰি আহিবলৈ নিৰ্দেশ দিয়া হয় ।

তালিবানীৰ এই আক্ৰমণতে নাৰ্গিছ চাদ্দাই মূৰত আঘাত পোৱাৰ লগতে মুখৰ পৰাও তেজ বৈ আহে।
এই সমস্ত ঘটনাই তালিবানীৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিছে আৰু তালিবানী শাসনত আফগান নাৰীৰ কেনে দুৰ্দশা হ'ব তাৰো আভাস দিছে।এই ঘটনাত ইতিমধ্যেই বিশ্ব সম্প্ৰদায়ে উদ্বেগ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক