--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মঞ্চত থকা বেনাৰতো নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ। মঞ্চত উপস্থিত হৈ দুখ মনে বহি থাকিল বিধায়ক ভৱেশ কলিতা।

ডিজিটেল ডেস্কঃ ক্ৰমাৎ গুৰুত্বহীন হৈছে নেকি বিধায়ক ভৱেশ কলিতা? ৰাজনৈতিক প্ৰেক্ষাপটত শেহতীয়াকৈ এই প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ বিজেপি প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ ৰাজনৈতিক প্ৰেক্ষাপটতত লাগিছে আউল। সেই ছবি ফুটি উঠিছে এক উদ্বোধনী অনুষ্ঠানত।


দুদিন আগত গোৰেশ্বৰ মণ্ডল বিজেপি কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২০২২ ৰ ১৭ আগষ্টত আধাৰশিলা স্থাপন কৰিছিল বিধায়ক ভৱেশ কলিতাই , কিন্তু উদ্বোধনী অনুষ্ঠানত নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ।


মঞ্চত থকা বেনাৰতো নাম নিদিলে বিধায়ক ভৱেশ কলিতাৰ। মঞ্চত উপস্থিত হৈ দুখ মনে বহি থাকিল বিধায়ক ভৱেশ কলিতা।


সাংবাদিকে কৰা প্ৰশ্নত ভৱেশ কলিতাই কয় যে ''মোৰ সমষ্টি এতিয়া ৰঙিয়া, গোৰেশ্বৰ সমষ্টিৰ সংগঠনৰ কাম কাজ মই নাচাও, উন্নয়নৰ কামখিনিহে মই চাম। অনুষ্ঠানত মোৰ নাম নিদিলেও আক্ষেপ নাই কিয়নো মোক গোটেই ভাৰতৰ মানুহে চিনি পায়! মই এতিয়া সভাপতি নহয়,মোক আপোনালোকে উল্টা পুল্টা প্ৰশ্ন নকৰিব।''


এনেকৈ কৈয়েই সন্তুষ্টি লভিলে নেকি ক্ৰমাৎ এলাগী হোৱা বিধায়ক ভৱেশ কলিতাই? সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!