--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰ প্ৰতিদ্বন্দ্বী দুই দেশ ভাৰত-পাকিস্তান। ২২ গজৰ ক্ৰিকেটত এই দুই প্ৰতিদ্বন্দ্বীয়ে বছৰৰ পিছত বছৰ ধৰি একাধিক মেচত তীব্ৰ যুঁজ দি থকা দেখা গৈছে। কেতিয়াবা যদি বেট-বলৰ মাজত যুঁজ, কেতিয়াবা আকৌ দুই দেশৰ ক্ৰিকেটাৰৰ মগজুৰ যুঁজ হৈ আহিছে লক্ষ্যণীয় বিষয়। শেহতীয়াকৈ দুই দেশৰ দুই শ্ৰেষ্ঠ বেটছমেন এই ২২ গজৰ যুঁজ বা বিতৰ্কৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। 

বিৰাট কোহলী নে বাবৰ? শ্ৰেষ্ঠ বেটছমেন কোন? তাকে লৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইবাৰ পাকিস্তানৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদীয়ে বিৰাট আৰু বাবৰৰ মাজত হোৱা বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে। 

উল্লেখ্য যে, ২০১৮ চনত ছৰফৰাজ আহমেদৰ অধিনায়কত্বৰ সময়তে অভিষেক ঘটিছিল শ্বাহিন শ্বাহ আফ্ৰিদীৰ। অৱশ্যে, বাবৰ আজমৰ অধিনায়কত্বত তেওঁ পাকিস্তান ক্ৰিকেট দলত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ফলত শ্বাহিনে বাবৰক অতি ওচৰৰ পৰা দেখিছে। বাবৰৰ উত্থান একপ্ৰকাৰ সন্মুখৰ পৰাই দেখিছে তেওঁ। এটাৰ পিছত এটাকৈ অভিলেখ ভংগ কৰা দেখা গৈছে বাবৰক। বিৰাটৰ বিৰুদ্ধে মাত্ৰ এখন মেচ খেলিছে শ্বাহিনে। ২০২১ চনৰ টি-২০ বিশ্বকাপত সেই মেচখনত বিৰাটৰ উইকেট দখল কৰিছিল শ্বাহিনে।

ইএছপিএন ক্ৰিচিনফ’ৰ সৈতে হোৱা এক দ্ৰুত সাক্ষাৎকাৰত বাবৰ আৰু বিৰাট কোন শ্ৰেষ্ঠ? এই সম্পৰ্কে মতামত বিচৰা হৈছিল শ্বাহিনৰ পৰা। শ্বাহিনৰ স্পষ্ট মত, ‘মই দুয়োকে ভাল পাওঁ।’ স্বাভাৱিকতে পাক পেচাৰগৰাকীৰ এই মন্তব্যই বিশেষ গুৰুত্ব বহন কৰা দেখা গৈছে। ক্ৰীড়া বিশ্বত বিৰাট আৰু বাবৰক লৈ নানা প্ৰসংগ উত্থাপন হোৱাৰ সময়তে যুৱ পেচাৰ শ্বাহিনৰ মন্তব্যই বিশেষভাৱে ক্ৰিয়া কৰিছে ক্ৰিকেট এৰিণাত।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ