--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰ প্ৰতিদ্বন্দ্বী দুই দেশ ভাৰত-পাকিস্তান। ২২ গজৰ ক্ৰিকেটত এই দুই প্ৰতিদ্বন্দ্বীয়ে বছৰৰ পিছত বছৰ ধৰি একাধিক মেচত তীব্ৰ যুঁজ দি থকা দেখা গৈছে। কেতিয়াবা যদি বেট-বলৰ মাজত যুঁজ, কেতিয়াবা আকৌ দুই দেশৰ ক্ৰিকেটাৰৰ মগজুৰ যুঁজ হৈ আহিছে লক্ষ্যণীয় বিষয়। শেহতীয়াকৈ দুই দেশৰ দুই শ্ৰেষ্ঠ বেটছমেন এই ২২ গজৰ যুঁজ বা বিতৰ্কৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। 

বিৰাট কোহলী নে বাবৰ? শ্ৰেষ্ঠ বেটছমেন কোন? তাকে লৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইবাৰ পাকিস্তানৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদীয়ে বিৰাট আৰু বাবৰৰ মাজত হোৱা বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে। 

উল্লেখ্য যে, ২০১৮ চনত ছৰফৰাজ আহমেদৰ অধিনায়কত্বৰ সময়তে অভিষেক ঘটিছিল শ্বাহিন শ্বাহ আফ্ৰিদীৰ। অৱশ্যে, বাবৰ আজমৰ অধিনায়কত্বত তেওঁ পাকিস্তান ক্ৰিকেট দলত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ফলত শ্বাহিনে বাবৰক অতি ওচৰৰ পৰা দেখিছে। বাবৰৰ উত্থান একপ্ৰকাৰ সন্মুখৰ পৰাই দেখিছে তেওঁ। এটাৰ পিছত এটাকৈ অভিলেখ ভংগ কৰা দেখা গৈছে বাবৰক। বিৰাটৰ বিৰুদ্ধে মাত্ৰ এখন মেচ খেলিছে শ্বাহিনে। ২০২১ চনৰ টি-২০ বিশ্বকাপত সেই মেচখনত বিৰাটৰ উইকেট দখল কৰিছিল শ্বাহিনে।

ইএছপিএন ক্ৰিচিনফ’ৰ সৈতে হোৱা এক দ্ৰুত সাক্ষাৎকাৰত বাবৰ আৰু বিৰাট কোন শ্ৰেষ্ঠ? এই সম্পৰ্কে মতামত বিচৰা হৈছিল শ্বাহিনৰ পৰা। শ্বাহিনৰ স্পষ্ট মত, ‘মই দুয়োকে ভাল পাওঁ।’ স্বাভাৱিকতে পাক পেচাৰগৰাকীৰ এই মন্তব্যই বিশেষ গুৰুত্ব বহন কৰা দেখা গৈছে। ক্ৰীড়া বিশ্বত বিৰাট আৰু বাবৰক লৈ নানা প্ৰসংগ উত্থাপন হোৱাৰ সময়তে যুৱ পেচাৰ শ্বাহিনৰ মন্তব্যই বিশেষভাৱে ক্ৰিয়া কৰিছে ক্ৰিকেট এৰিণাত।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ