--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলা চ‌লি আছে। ৫খন টি-২০ শৃংখলাত ইতিমধ্যে ২-০ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে অতিথি দলটোৱে। আজি বিশাখাপট্টনমৰ ACK-VDCA ক্ৰিকেট ষ্টেডিয়ামত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ ৩য় টি-২০। আইপিএলত ভাল প্ৰদৰ্শন কৰি জাতীয় দললৈ নিমন্ত্ৰণ পাইছে অন্যতম চৰ্চিত যুৱ ক্ৰিকেটাৰ উমৰাণ মালিকে। ৰাষ্ট্ৰীয় দলত ২২ বছৰীয়া পেচাৰ গৰাকীক চাবলৈ উত্‍কণ্ঠা অনুৰাগীৰ। আগেয়ে উঠাৰ দৰে এইবাৰো উঠিছে একেটা প্ৰশ্নই-বিশাখাপট্টনমতেই হ’ব নেকি উমৰাণৰ অভিষেক? ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰৰো একেই মত, উমৰাণে বিশাখাপট্টনমত খেলক।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ এটা ছিৰিজ সম্প্ৰচাৰকক গাভাস্কৰে কয়, ‘মই শচীনক চাবলৈ ভাৰতীয় সকলৰ মাজত শেষবাৰৰ বাবে বিচাৰি আছিলো। শচীনৰ পাছতে মই উমৰাণ মালিকক চাব বিচাৰো। মই ভাবো তেওঁ খেলিব। কিন্তু দলে হয়তো ক'ব, তৃতীয় মেচত জয়ী হোৱাৰ পাছত শেহতীয়া পৰিস্থিতিক লৈ পৰীক্ষা-নিৰীক্ষা চলোৱা হ’ব। ভুৱনেশ্বৰ কুমাৰ আৰু যুজবেন্দ্ৰ চাহালৰ বাহিৰে উইকেট ল'ব পৰা বলাৰ বৰ্তমান নাই টীমত। উইকেট ল’ব পাৰিলেহে প্ৰতিপক্ষক চাপত ৰাখিব পৰা যাব। ভুৱেনশ্বৰৰ বাহিৰে কাৰো বল মুভ কৰা নাই। সেইবাবেই ২১১ ৰান কৰাৰ পাছতো পৰাস্ত হৈছে ভাৰত।’

আইপিএলৰ পঞ্চদশ ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ উমৰাণে ২২টা উইকেট দখল কৰিছিল। লগতে আইপিএলৰ চতুৰ্থ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ। যি অভিলেখে উমৰাণত দিছে এক অন্য স্বীকৃতি। তেনেস্থলত উমৰাণৰ অভিষেক এতিয়া সকলোৰে বাবে চিন্তাৰ বিষয়। আন ক্ৰীড়ানুৰাগীৰ দৰে সুনীল গাভাস্কাৰেও আশা পালি ৰৈ আছে উমৰাণৰ অভিষেকৰ বাতৰিলৈ...!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ