--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলা চ‌লি আছে। ৫খন টি-২০ শৃংখলাত ইতিমধ্যে ২-০ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে অতিথি দলটোৱে। আজি বিশাখাপট্টনমৰ ACK-VDCA ক্ৰিকেট ষ্টেডিয়ামত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ ৩য় টি-২০। আইপিএলত ভাল প্ৰদৰ্শন কৰি জাতীয় দললৈ নিমন্ত্ৰণ পাইছে অন্যতম চৰ্চিত যুৱ ক্ৰিকেটাৰ উমৰাণ মালিকে। ৰাষ্ট্ৰীয় দলত ২২ বছৰীয়া পেচাৰ গৰাকীক চাবলৈ উত্‍কণ্ঠা অনুৰাগীৰ। আগেয়ে উঠাৰ দৰে এইবাৰো উঠিছে একেটা প্ৰশ্নই-বিশাখাপট্টনমতেই হ’ব নেকি উমৰাণৰ অভিষেক? ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰৰো একেই মত, উমৰাণে বিশাখাপট্টনমত খেলক।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ এটা ছিৰিজ সম্প্ৰচাৰকক গাভাস্কৰে কয়, ‘মই শচীনক চাবলৈ ভাৰতীয় সকলৰ মাজত শেষবাৰৰ বাবে বিচাৰি আছিলো। শচীনৰ পাছতে মই উমৰাণ মালিকক চাব বিচাৰো। মই ভাবো তেওঁ খেলিব। কিন্তু দলে হয়তো ক'ব, তৃতীয় মেচত জয়ী হোৱাৰ পাছত শেহতীয়া পৰিস্থিতিক লৈ পৰীক্ষা-নিৰীক্ষা চলোৱা হ’ব। ভুৱনেশ্বৰ কুমাৰ আৰু যুজবেন্দ্ৰ চাহালৰ বাহিৰে উইকেট ল'ব পৰা বলাৰ বৰ্তমান নাই টীমত। উইকেট ল’ব পাৰিলেহে প্ৰতিপক্ষক চাপত ৰাখিব পৰা যাব। ভুৱেনশ্বৰৰ বাহিৰে কাৰো বল মুভ কৰা নাই। সেইবাবেই ২১১ ৰান কৰাৰ পাছতো পৰাস্ত হৈছে ভাৰত।’

আইপিএলৰ পঞ্চদশ ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ উমৰাণে ২২টা উইকেট দখল কৰিছিল। লগতে আইপিএলৰ চতুৰ্থ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ। যি অভিলেখে উমৰাণত দিছে এক অন্য স্বীকৃতি। তেনেস্থলত উমৰাণৰ অভিষেক এতিয়া সকলোৰে বাবে চিন্তাৰ বিষয়। আন ক্ৰীড়ানুৰাগীৰ দৰে সুনীল গাভাস্কাৰেও আশা পালি ৰৈ আছে উমৰাণৰ অভিষেকৰ বাতৰিলৈ...!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু