--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ ৩য় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত পুনৰ উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । হাজোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ প্ৰচাৰ চলাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিলীপ শইকীয়া, কুইন ওজা, কেশৱ মহন্ত আৰু বৈজয়ন্ত পাণ্ডাও উপস্থিত থাকে নিৰ্বাচনী প্ৰচাৰ সভাখনত।

আৰু পঢ়িব পাৰিব : ক’ভিড–১৯ত আক্রান্ত পত্নীসহ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী

অসমখন শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈৰ নামেৰে পৰিচিত বুলি উল্লেখ কৰাৰ বিপৰীতে অসমৰ পৰিচয় আজমল হ’ব নোৱাৰে বুলিও আজমলক কটাক্ষ কৰে শ্বাহে।

আনহাতে ৰাহুল গান্ধীক ‘ৰাহুল বাবা’ বুলি সম্বোধন কৰি ‘পৰ্যটক’ আখ্যা দিয়ে। অসমৰ সংস্কৃতিৰক্ষা কেৱল বিজেপিয়েহে কৰিব পাৰিব বুলি দাবী কৰে কেন্দ্ৰীয় নেতাগৰাকীয়ে। যেতিয়ালৈ বিজেপিৰ চৰকাৰ থাকিব, তেতিয়ালৈ অনুপ্ৰৱেশকাৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও ব্যক্ত কৰে নেতাগাৰকীয়ে।

আৰু পঢ়িব পাৰিব : তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত উদ্ধাৰ মৃতদেহ : আজিকোপতি হোৱা নাই তদন্ত

২লাখ চৰকাৰী আৰু ৮লাখ ব্যক্তিগত খণ্ডত চাকৰি ২০২২ৰ ভিতৰত দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে শ্বাহে। অমিত শ্বাহৰ ভাষণৰ সময়ত বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া আৱেগিক হৈ চকুলো টোকে। অসমক বিজেপিয়ে সন্ত্ৰাসবাদ মুক্ত কৰিছে বুলিও ব্যক্ত কৰে কেন্দ্ৰীয় নেতাগৰাকীয়ে।

হাজোৰ পাছতে সোণাপুৰতো অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইফালে ভাষণ প্ৰসংগতে শ্বাহে বিগত পাঁচ বছৰত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাই বুলিও মন্তব্য প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ