--°C
Loading...
Listen to Article
2 min read
80%

কলাইগাঁও: নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত স্থানীয় ৰাইজে নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে বিটিচিৰ এগৰাকী অন্যতম কাৰ্যবাহী সদস্য তথা মুদৈবড়ী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ পাৰিষদ দিগন্ত বৰুৱা বিৰুদ্ধে। উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপিত হৈছে৷ জানিব পৰা মতে, কলাইগাঁৱৰ বৰক’লা অঞ্চলৰ এগৰাকী আদহীয়া মহিলাৰ ঘৰত পুৱতিনিশা এখন স্কুটীৰে অকলে প্ৰৱেশ কৰিছিল দিগন্ত বৰুৱাই।

আৰু পঢ়িব পাৰিব :ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কংগ্ৰেছী নেতাৰ মৃত্যু

ৰাইজৰ দাবী ইয়াৰ পূৰ্বেও মহিলাগৰাকীৰ ঘৰত অকলে থকা অৱস্থাত কেইবাবাৰো আহিছিল দিগন্ত বৰুৱা৷ কিন্তু আজি কপাল বেয়া আছিল তেওঁৰ৷ পুৱতিনিশা স্কুটীৰে মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে একাংশ সচেতন লোকে বৰুৱাক মহিলাগৰাকীৰ ঘৰত আবদ্ধ কৰি জৱাবদিহী কৰে৷ অৱশ্যে বৰুৱাই নিৰ্বাচনৰ বতৰত ধনৰ লেনদেনৰ বাবেহে এনেদৰে অকলশৰে পুৱতিনিশা মহিলাগৰাকীৰ ঘৰলৈ অহা বুলি উপস্থিত লোকক জানিবলৈ দিয়ে যদিও ৰাইজে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰে। দীৰ্ঘদিনৰপৰা মহিলাগৰাকীৰ সৈতে বৰুৱাই অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ তুলি স্থানীয় ৰাইজে কাৰ্যবাহী সদস্যগৰাকীক অপদস্থ কৰে৷

আৰু পঢ়িব পাৰিব :“বিগত ৫বছৰত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাই” : অমিত শ্বাহ

এই সমগ্ৰ দৃশ্য লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত সমগ্ৰ কলাইগাঁও অঞ্চলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজৰ লগতে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে৷ এগৰাকী সন্মানীয় কাৰ্যবাহী সদস্যৰ এনে অনৈতিক কাৰ্যই সমগ্ৰ বিটিচিৰ সন্মান লাঘব কৰা বুলি উল্লেখ কৰি জগদীশ সৰকাৰে বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীৰ এনে কাৰ্যক গৰিহণা দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু