--°C
Loading...
Listen to Article
2 min read
80%

কলাইগাঁও: নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত স্থানীয় ৰাইজে নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে বিটিচিৰ এগৰাকী অন্যতম কাৰ্যবাহী সদস্য তথা মুদৈবড়ী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ পাৰিষদ দিগন্ত বৰুৱা বিৰুদ্ধে। উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপিত হৈছে৷ জানিব পৰা মতে, কলাইগাঁৱৰ বৰক’লা অঞ্চলৰ এগৰাকী আদহীয়া মহিলাৰ ঘৰত পুৱতিনিশা এখন স্কুটীৰে অকলে প্ৰৱেশ কৰিছিল দিগন্ত বৰুৱাই।

আৰু পঢ়িব পাৰিব :ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কংগ্ৰেছী নেতাৰ মৃত্যু

ৰাইজৰ দাবী ইয়াৰ পূৰ্বেও মহিলাগৰাকীৰ ঘৰত অকলে থকা অৱস্থাত কেইবাবাৰো আহিছিল দিগন্ত বৰুৱা৷ কিন্তু আজি কপাল বেয়া আছিল তেওঁৰ৷ পুৱতিনিশা স্কুটীৰে মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে একাংশ সচেতন লোকে বৰুৱাক মহিলাগৰাকীৰ ঘৰত আবদ্ধ কৰি জৱাবদিহী কৰে৷ অৱশ্যে বৰুৱাই নিৰ্বাচনৰ বতৰত ধনৰ লেনদেনৰ বাবেহে এনেদৰে অকলশৰে পুৱতিনিশা মহিলাগৰাকীৰ ঘৰলৈ অহা বুলি উপস্থিত লোকক জানিবলৈ দিয়ে যদিও ৰাইজে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰে। দীৰ্ঘদিনৰপৰা মহিলাগৰাকীৰ সৈতে বৰুৱাই অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ তুলি স্থানীয় ৰাইজে কাৰ্যবাহী সদস্যগৰাকীক অপদস্থ কৰে৷

আৰু পঢ়িব পাৰিব :“বিগত ৫বছৰত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাই” : অমিত শ্বাহ

এই সমগ্ৰ দৃশ্য লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত সমগ্ৰ কলাইগাঁও অঞ্চলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজৰ লগতে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে৷ এগৰাকী সন্মানীয় কাৰ্যবাহী সদস্যৰ এনে অনৈতিক কাৰ্যই সমগ্ৰ বিটিচিৰ সন্মান লাঘব কৰা বুলি উল্লেখ কৰি জগদীশ সৰকাৰে বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীৰ এনে কাৰ্যক গৰিহণা দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ