--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মোগলৰ দিনৰে পৰাই ভাৰতত জনপ্ৰিয় হৈ পৰা এবিধ খাদ্য হৈছে বিৰিয়ানী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এতিয়া বহু মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছে এই সু-স্বাদু খাদ্য বিধ। অসমত জনপ্ৰিয় হোৱাৰ আগতেই বিৰিয়ানী জনপ্ৰিয় খাদ্য হিচাবে পৰিগণিত হৈছিল বংগত।

 ১৮৫৬ চনত নৱাব ৱাজিদ আলী শ্বাহ কলকাতালৈ অহাৰ পিছতহে চহৰখনত বিৰিয়ানীৰ যাত্ৰা আৰম্ভ হৈছিল। মোগলৰ খাদ্য সম্ভাৰৰ  জুতি লোৱাসকলে কলকাতা চহৰত   বিৰিয়ানীৰ সোৱাদ আৰু গোন্ধৰ সৈতেও পৰিচিত হৈ পৰিছিল।

 বিৰিয়ানীৰ আলুৰ চোববাবলৈ কিমান মজা সেয়া খাওতাইহে বুজি পায়।এতিয়া নৱ প্ৰজন্মৰ বহুতৰে মাজতে হায়দৰাবাদী বিৰিয়ানীৰ পৰা আৰম্ভ কৰি নানান প্ৰকাৰৰ বিৰিয়ানীৰ প্ৰতি থকা  প্ৰেম কাৰো বাবে অজ্ঞাত নহয়। দেশৰ প্ৰায় ভাগ চহৰৰে  আলিৰ দাঁতিত  এতিয়া বিৰিয়ানী দোকান ভৰি পৰিছে । 

 দোকানৰ পৰা প্ৰায় এশ মিটাৰ দূৰৈৰ পৰা বতাহত ভাঁহি আহে বিৰিয়ানীৰ মলমলীয়া গোন্ধ! প্ৰায়ভাগ চহৰৰে পথৰ দাঁতিত দূৰৰ পৰাই আপুনি ৰঙা কাপোৰৰে মেৰিয়াই থোৱা বিৰিয়ানীৰ  ডাঙৰ পাত্ৰ দেখা পাব  পাৰে। সেই ৰঙা কাপোৰেৰে আবৰি ৰখা পাত্ৰই যেন গ্ৰাহকক টানি লৈ যায়। আপুনি হয়তো মন কৰিছে যে বজাৰত বিক্ৰীৰ বাবে ৰখা বিৰিয়ানীৰ পাত্ৰ বোৰ ৰঙা কাপোৰেৰে ঢাকি ৰখা হয়।

 মটনেই হওঁক বা মুৰ্গী মাংসৰেই হওঁক- যিকোনো বিৰিয়ানীৰেই পাত্ৰ প্ৰায় সকলো দোকানতে ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা তাকে। কিন্তু কিয় ৰঙা কাপোৰেৰে মেৰিয়াই ৰখা হয় বিৰিয়ানীৰ পাত্ৰ? বুৰঞ্জীৰ তথ্য অনুসৰি সম্ৰাট হুমায়ুনৰ খাদ্য পৰিৱেশন কৰাৰ 'দৰবাৰী ৰীতি' অনুসৰি  যদি খাদ্য ৰূপৰ পাত্ৰত পৰিৱেশন কৰা হৈছিল তেন্তে তেনে পাত্ৰ ৰঙা কাপোৰেৰে ঢাকি ৰখা হৈছিল । 

আনহাতে ৰূপৰ সলনি আন ধাতু বা পোৰ্চেলিনৰ বাচন-বৰ্তন বগা কাপোৰেৰে ঢাকি ৰখা হৈছিল। ধাতু অনুসৰি বিভিন্ন ৰঙৰ কাপোৰেৰে ঢাকি ৰখা পাত্ৰৰ পৰাই  অতিথিসকলক খাদ্য পৰিৱেশন কৰা হৈছিল।  সম্ৰাট হুমায়ুনৰ দিনৰে পৰাই খাদ্য পৰিবেশনৰ এনে নিয়ম মানি চলা হৈছে। পিছত, মোগল আদালতেওঁ এই প্ৰথাক স্বীকৃতি দিছিল। খাদ্য ৰখা পাত্ৰ কি ৰঙৰ কাপোৰেৰে মেৰিয়াই ৰাখিব সেই ৰীতিটো লক্ষ্ণৌৰ নৱাবসকলেও পিছলৈ অনুসৰণ কৰিবলৈ লৈছিল।

 বহুতে ধাৰণা কৰে যে বিৰিয়ানী যিহেতু মোগলৰ খাদ্য সম্ভাৰ, সেয়ে তেতিয়াৰে  পৰাই বিৰিয়ানী ৰখা  পাত্ৰ  ৰঙা কাপোৰেৰে ঢাকি ৰখাৰ নিয়ম প্ৰচলিত হৈ আহিছে। যি  পৰম্পৰা আজিও  চলি আছে। আন বহুতে আকৌ ভাবে যে গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈয়েই বিৰিয়ানী ৰখা পাত্ৰ  ৰঙা কাপোৰেৰে ঢাকি ৰখা হয়।  কাৰণ ৰঙা ৰংটোৱে বহু দূৰৰ পৰাই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। 

কাৰণ যিয়েই নহওঁক, ৰঙা কাপোৰেৰে ঢাকি ৰখা বিৰিয়ানীৰ পাত্ৰই অৱশ্যে সকলোকে সু-স্বাদু আহাৰ বিধৰ কথা মনত পেলাই দিয়ে, জিঙা ওপচাই পেলায় পানীৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ