--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ সোমবাৰে বদোদৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে ৰোড শ্ব’ অনুষ্ঠিত কৰে। ইয়াৰ পাছতে আজি দুয়োগৰাকী নেতাই বদোদৰাত চি ২৯৫ বিমানৰ চূড়ান্ত এছেম্বলি লাইন প্লাণ্ট উদ্বোধন কৰে। লক্ষাধিক লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

প্ৰধানমন্ত্ৰী মোদীৰ আভাস পাবলৈ এই ৰোডশ্ব’ত উপস্থিত থাকে দিয়া গোঁসাই নামৰ এগৰাকী দিব্যাংগ ছোৱালী। এই আশাব্যঞ্জক ছোৱালীজনীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজক দিলে নিজৰ হাতেৰে নিৰ্মিত এখন ছবি।

 

ৰাজনীতিবিদ দুজনৰ কনভয় ৰাস্তাত গতি কৰি থকাৰ সময়তে দিব্যাংগ ছোৱালীজনীয়ে দুখন প্ৰতিকৃতি বিষয়াসকলৰ হাতত তুলি দিয়ে। বিষয়াসকলে এই প্ৰতিকৃতি প্ৰধানমন্ত্ৰী মোদী আৰু পেড্ৰ’ ছানচেজক গতাই দিয়ে। প্ৰতিকৃতিবোৰ চাই দুয়োজন ৰাজনীতিবিদ গাড়ীৰ পৰা নামি ছোৱালীজনীৰ কাষ চাপিল।



ৰাজনীতিবিদ দুজনক লগ পোৱাৰ পিছত দিয়া গোসাইয়ে সংবাদ মাধ্যমত কয়, "তেওঁলোকে প্ৰথমে স্কেচটো গ্ৰহন কৰে আৰু ওচৰলৈ আহি মোৰ লগত হাত মিলাই। দুয়োজনে মোৰ লগত আহি কথা পাতে। মই বহুত সুখী।"

চি-২৯৫ বিমান কমপ্লেক্স উদ্বোধন



ৰোডশ্ব’ৰ অন্তত স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।

চি-২৯৫ কাৰ্যসূচীৰ অধীনত ৫৬খন বিমান নিৰ্মাণ কৰা হ’ব। স্পেইনৰ পৰা পোনপটীয়াকৈ এয়াৰবাছে যোগান ধৰিছে ১৬খন বিমান। একে সময়তে ভাৰতত ৪০খন বিমান নিৰ্মাণ কৰা হ’ব। টাটা এডভান্সড চিষ্টেমছ লিমিটেডে এই ৪০ খন বিমান ভাৰতত নিৰ্মাণ কৰিবলৈ ওলাইছে। উল্লেখ্য যে আমৰেলীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব আৰু প্ৰায় ৪৯০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

ৰতন টাটাক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে


Ratan Tata Dies At 86

উদ্বোধনী অনুষ্ঠানৰ পিছত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰতন টাটাক স্মৰণ কৰে। তেওঁ কয়, "শেহতীয়াকৈ আমি দেশৰ মহান পুত্ৰ ৰতন টাটাক হেৰুৱালোঁ। আজি যদি তেওঁ আমাৰ মাজত থাকিলহেঁতেন তেন্তে তেওঁ সুখী হ'লহেঁতেন, কিন্তু তেওঁৰ আত্মা য'তেই আছে তাতেই সুখী হ'ব। এই চি-২৯৫ বিমান কাৰখানাটোৱে নতুন ভাৰতৰ নতুন কৰ্ম সংস্কৃতিক প্ৰতিফলিত কৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে