--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ সোমবাৰে বদোদৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে ৰোড শ্ব’ অনুষ্ঠিত কৰে। ইয়াৰ পাছতে আজি দুয়োগৰাকী নেতাই বদোদৰাত চি ২৯৫ বিমানৰ চূড়ান্ত এছেম্বলি লাইন প্লাণ্ট উদ্বোধন কৰে। লক্ষাধিক লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

প্ৰধানমন্ত্ৰী মোদীৰ আভাস পাবলৈ এই ৰোডশ্ব’ত উপস্থিত থাকে দিয়া গোঁসাই নামৰ এগৰাকী দিব্যাংগ ছোৱালী। এই আশাব্যঞ্জক ছোৱালীজনীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজক দিলে নিজৰ হাতেৰে নিৰ্মিত এখন ছবি।

 

ৰাজনীতিবিদ দুজনৰ কনভয় ৰাস্তাত গতি কৰি থকাৰ সময়তে দিব্যাংগ ছোৱালীজনীয়ে দুখন প্ৰতিকৃতি বিষয়াসকলৰ হাতত তুলি দিয়ে। বিষয়াসকলে এই প্ৰতিকৃতি প্ৰধানমন্ত্ৰী মোদী আৰু পেড্ৰ’ ছানচেজক গতাই দিয়ে। প্ৰতিকৃতিবোৰ চাই দুয়োজন ৰাজনীতিবিদ গাড়ীৰ পৰা নামি ছোৱালীজনীৰ কাষ চাপিল।



ৰাজনীতিবিদ দুজনক লগ পোৱাৰ পিছত দিয়া গোসাইয়ে সংবাদ মাধ্যমত কয়, "তেওঁলোকে প্ৰথমে স্কেচটো গ্ৰহন কৰে আৰু ওচৰলৈ আহি মোৰ লগত হাত মিলাই। দুয়োজনে মোৰ লগত আহি কথা পাতে। মই বহুত সুখী।"

চি-২৯৫ বিমান কমপ্লেক্স উদ্বোধন



ৰোডশ্ব’ৰ অন্তত স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাটা এডভান্সড চিষ্টেমছ লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।

চি-২৯৫ কাৰ্যসূচীৰ অধীনত ৫৬খন বিমান নিৰ্মাণ কৰা হ’ব। স্পেইনৰ পৰা পোনপটীয়াকৈ এয়াৰবাছে যোগান ধৰিছে ১৬খন বিমান। একে সময়তে ভাৰতত ৪০খন বিমান নিৰ্মাণ কৰা হ’ব। টাটা এডভান্সড চিষ্টেমছ লিমিটেডে এই ৪০ খন বিমান ভাৰতত নিৰ্মাণ কৰিবলৈ ওলাইছে। উল্লেখ্য যে আমৰেলীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব আৰু প্ৰায় ৪৯০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

ৰতন টাটাক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে


Ratan Tata Dies At 86

উদ্বোধনী অনুষ্ঠানৰ পিছত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰতন টাটাক স্মৰণ কৰে। তেওঁ কয়, "শেহতীয়াকৈ আমি দেশৰ মহান পুত্ৰ ৰতন টাটাক হেৰুৱালোঁ। আজি যদি তেওঁ আমাৰ মাজত থাকিলহেঁতেন তেন্তে তেওঁ সুখী হ'লহেঁতেন, কিন্তু তেওঁৰ আত্মা য'তেই আছে তাতেই সুখী হ'ব। এই চি-২৯৫ বিমান কাৰখানাটোৱে নতুন ভাৰতৰ নতুন কৰ্ম সংস্কৃতিক প্ৰতিফলিত কৰিছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement