--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পদবীত থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱা এগৰাকী মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ খবৰে কেৱল ৰাষ্ট্ৰীয় সংবাদমাধ্যমতেই  নহয়, আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো বিশেষ গুৰুত্ব লাভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা সুৰা নীতিৰ গোচৰত  গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিচাবে কেজৰিৱালৰ আন্তঃৰাষ্ট্ৰীয় স্তৰতো বিশেষ সুনাম আছে।

 আনকি দিল্লীৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত সবিস্তাৰে প্ৰতিবেদনো প্ৰকাশ পাইছে। শিক্ষাকে ধৰি আন বহু ক্ষেত্ৰত অভূতপূৰ্ব সংস্কাৰৰ জড়িয়তে বিশ্বৰ সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ সেয়ে বিশ্বৰ সংবাদমাধ্যমৰ বাবে এক হট কেক হৈ পৰিছিল।   বিশ্বজুৰি মিডিয়া প্ৰতিষ্ঠানসমূহে এই গ্ৰেপ্তাৰক তেওঁলোকৰ নিজৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি সেই মতে বাতৰিৰ শিৰোনাম দিয়া পৰিলক্ষিত হৈছে। আমেৰিকাৰ পৰা প্ৰকাশিত বিশ্ব বিখ্যাত ৱাশ্বিংটন পোষ্টে  শিৰোনাম দিছে, 'বিৰোধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে  দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ '।

একে সময়তে, চিএনএন-এ  কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিটো  মুখ্য পৃষ্ঠাত প্ৰকাশ কৰিছে। চিএনএন-এ শিৰোনাম দিছে, 'দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ , বিৰোধীৰ মতে ই এক ষড়যন্ত্ৰ '। চিএনএনৰ লগতে বিবিচিয়েও কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিটো  মূল পৃষ্ঠাত স্থান দিছে।
ৱাশ্বিংটন পোষ্টে শিৰোনাম দিছে "কেজৰিৱালৰ গ্ৰেপ্তাৰ  বিৰোধী নেতাক কৰা দ্বিতীয়টো বৃহৎ গ্ৰেপ্তাৰৰ ঘটনা," । ৱাশ্বিংটন পোষ্টে বাতৰিত  কেজৰিৱালৰ আগত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰিছে। 

চিএনএন-এ লিখিছিল, "বৃহস্পতিবাৰে নিশা ভাৰতৰ এজন গুৰুত্বপূৰ্ণ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে এনে গ্ৰেপ্তাৰকলৈ  প্ৰশ্ন উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল প্ৰধানমন্ত্ৰীৰ শক্তিশালী সমালোচকসকলৰ ভিতৰৰে  অন্যতম এজন । 

বিবিচিয়ে লিখিছে, "ভাৰতৰ বিৰোধী নেতাসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা দিছে। কেজৰিৱালে কোনো ধৰণৰ অন্যায়ৰ সৈতে জড়ি থকাৰ  কথা অস্বীকাৰ কৰিছে। বিৰোধীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে। অৱশ্যে বিজেপিয়ে এই অভিযোগ খণ্ডন কৰি কয় যে চৰকাৰে কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে কাম কৰিছে। আনহাতে আল জাজিৰাই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিৰ শিৰোনাম দিছে–  গণতন্ত্ৰৰ অপমৃত্যু। এনেদৰেই বিশ্বৰ আগশাৰীৰ সংবাদমাধ্যমে কেজৰিৱাৱলৰ গ্ৰেপ্তাৰকলৈ ভিন্ন দৃষ্টিকোণেৰে সংবৈাদ পৰিবেশন কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি