--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পদবীত থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱা এগৰাকী মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ খবৰে কেৱল ৰাষ্ট্ৰীয় সংবাদমাধ্যমতেই  নহয়, আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো বিশেষ গুৰুত্ব লাভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে নিশা সুৰা নীতিৰ গোচৰত  গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিচাবে কেজৰিৱালৰ আন্তঃৰাষ্ট্ৰীয় স্তৰতো বিশেষ সুনাম আছে।

 আনকি দিল্লীৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত সবিস্তাৰে প্ৰতিবেদনো প্ৰকাশ পাইছে। শিক্ষাকে ধৰি আন বহু ক্ষেত্ৰত অভূতপূৰ্ব সংস্কাৰৰ জড়িয়তে বিশ্বৰ সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ সেয়ে বিশ্বৰ সংবাদমাধ্যমৰ বাবে এক হট কেক হৈ পৰিছিল।   বিশ্বজুৰি মিডিয়া প্ৰতিষ্ঠানসমূহে এই গ্ৰেপ্তাৰক তেওঁলোকৰ নিজৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি সেই মতে বাতৰিৰ শিৰোনাম দিয়া পৰিলক্ষিত হৈছে। আমেৰিকাৰ পৰা প্ৰকাশিত বিশ্ব বিখ্যাত ৱাশ্বিংটন পোষ্টে  শিৰোনাম দিছে, 'বিৰোধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে  দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ '।

একে সময়তে, চিএনএন-এ  কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিটো  মুখ্য পৃষ্ঠাত প্ৰকাশ কৰিছে। চিএনএন-এ শিৰোনাম দিছে, 'দিল্লীৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ পূৰ্বে গ্ৰেপ্তাৰ , বিৰোধীৰ মতে ই এক ষড়যন্ত্ৰ '। চিএনএনৰ লগতে বিবিচিয়েও কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিটো  মূল পৃষ্ঠাত স্থান দিছে।
ৱাশ্বিংটন পোষ্টে শিৰোনাম দিছে "কেজৰিৱালৰ গ্ৰেপ্তাৰ  বিৰোধী নেতাক কৰা দ্বিতীয়টো বৃহৎ গ্ৰেপ্তাৰৰ ঘটনা," । ৱাশ্বিংটন পোষ্টে বাতৰিত  কেজৰিৱালৰ আগত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰিছে। 

চিএনএন-এ লিখিছিল, "বৃহস্পতিবাৰে নিশা ভাৰতৰ এজন গুৰুত্বপূৰ্ণ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে এনে গ্ৰেপ্তাৰকলৈ  প্ৰশ্ন উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল প্ৰধানমন্ত্ৰীৰ শক্তিশালী সমালোচকসকলৰ ভিতৰৰে  অন্যতম এজন । 

বিবিচিয়ে লিখিছে, "ভাৰতৰ বিৰোধী নেতাসকলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ তীব্ৰ গৰিহণা দিছে। কেজৰিৱালে কোনো ধৰণৰ অন্যায়ৰ সৈতে জড়ি থকাৰ  কথা অস্বীকাৰ কৰিছে। বিৰোধীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে। অৱশ্যে বিজেপিয়ে এই অভিযোগ খণ্ডন কৰি কয় যে চৰকাৰে কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে কাম কৰিছে। আনহাতে আল জাজিৰাই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বাতৰিৰ শিৰোনাম দিছে–  গণতন্ত্ৰৰ অপমৃত্যু। এনেদৰেই বিশ্বৰ আগশাৰীৰ সংবাদমাধ্যমে কেজৰিৱাৱলৰ গ্ৰেপ্তাৰকলৈ ভিন্ন দৃষ্টিকোণেৰে সংবৈাদ পৰিবেশন কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক