--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি ভূটান ভ্ৰমণ কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ চৰকাৰে প্ৰদান কৰিলে দেশ খনৰ  সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো । প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে  ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা প্ৰথম বিদেশী চৰকাৰৰ মুৰব্বী ।ভূটানৰ ৰজাই প্ৰধানমন্ত্ৰী মোদীক অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো প্ৰদান কৰে।  অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো জীৱনজোৰা কৰ্মৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় আৰু এই সন্মান হৈছে  ভূটানৰ  সৰ্বোচ্চ সন্মান। এতিয়ালৈকে  এই সন্মান  মাত্ৰ চাৰিগৰাকী  বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে। 


উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  চুবুৰীয়া দেশলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ গৈছে। মোদীৰ এই ভ্ৰমণ  কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ভূটান চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণ কৰি  আবেগিক হৈ পৰা  মোদীয়ে কয়, "আজি মোৰ বাবে  জীৱনৰ এটা ডাঙৰ দিন। মোক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হৈছে। প্ৰতিটো পুৰস্কাৰেই বিশেষ। কিন্তু যেতিয়া আন দেশৰ পৰা পুৰস্কাৰ লাভ কৰা যায় , ই দেখুৱায় যে দুয়োখন দেশ সঠিক দিশত আগবাঢ়িছে। মই ১৪০ কোটি  ভাৰতীয়ৰ হৈ এই বঁটা গ্ৰহণ কৰিছো। এই বঁটাৰ  বাবে বহুত ধন্যবাদ। "

 মোদীয়ে ভূটানৰ এক  সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁৰ লগত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আছিল। ইয়াৰ পূৰ্বে  ভূটানৰ  এটা  সাংস্কৃতিক দলে মোদীক  স্বাগতম জনোৱাৰ বাবে লিখা গৰ্বা গীতত নৃত্য প্ৰদৰ্শন কৰে। মোদীয়ে থিম্ফুত এখন শিশু চিকিৎসালয় উদ্বোধন কৰাৰ কথা আছে। ভাৰতে ভূটান চৰকাৰক এই চিকিৎসালয় খন নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে।

তেওঁ বৃহস্পতিবাৰৰ পৰা দুদিনৰ বাবে ভূটান ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু কালি তেওঁৰ ভ্ৰমণ হঠাতে বাতিল কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ "প্ৰতিকূল বতৰৰ" বাবে বাতিল কৰা হৈছে। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে ভূটানত উপস্থিত হয়। তেওঁ দুদিনৰ বাবে দেশখনত থাকিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক