--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি ভূটান ভ্ৰমণ কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ চৰকাৰে প্ৰদান কৰিলে দেশ খনৰ  সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো । প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে  ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা প্ৰথম বিদেশী চৰকাৰৰ মুৰব্বী ।ভূটানৰ ৰজাই প্ৰধানমন্ত্ৰী মোদীক অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো প্ৰদান কৰে।  অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো জীৱনজোৰা কৰ্মৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় আৰু এই সন্মান হৈছে  ভূটানৰ  সৰ্বোচ্চ সন্মান। এতিয়ালৈকে  এই সন্মান  মাত্ৰ চাৰিগৰাকী  বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে। 


উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  চুবুৰীয়া দেশলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ গৈছে। মোদীৰ এই ভ্ৰমণ  কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। ভূটান চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণ কৰি  আবেগিক হৈ পৰা  মোদীয়ে কয়, "আজি মোৰ বাবে  জীৱনৰ এটা ডাঙৰ দিন। মোক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হৈছে। প্ৰতিটো পুৰস্কাৰেই বিশেষ। কিন্তু যেতিয়া আন দেশৰ পৰা পুৰস্কাৰ লাভ কৰা যায় , ই দেখুৱায় যে দুয়োখন দেশ সঠিক দিশত আগবাঢ়িছে। মই ১৪০ কোটি  ভাৰতীয়ৰ হৈ এই বঁটা গ্ৰহণ কৰিছো। এই বঁটাৰ  বাবে বহুত ধন্যবাদ। "

 মোদীয়ে ভূটানৰ এক  সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁৰ লগত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আছিল। ইয়াৰ পূৰ্বে  ভূটানৰ  এটা  সাংস্কৃতিক দলে মোদীক  স্বাগতম জনোৱাৰ বাবে লিখা গৰ্বা গীতত নৃত্য প্ৰদৰ্শন কৰে। মোদীয়ে থিম্ফুত এখন শিশু চিকিৎসালয় উদ্বোধন কৰাৰ কথা আছে। ভাৰতে ভূটান চৰকাৰক এই চিকিৎসালয় খন নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে।

তেওঁ বৃহস্পতিবাৰৰ পৰা দুদিনৰ বাবে ভূটান ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু কালি তেওঁৰ ভ্ৰমণ হঠাতে বাতিল কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণ "প্ৰতিকূল বতৰৰ" বাবে বাতিল কৰা হৈছে। অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰৰ পৰিৱৰ্তে শুকুৰবাৰে ভূটানত উপস্থিত হয়। তেওঁ দুদিনৰ বাবে দেশখনত থাকিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
বক্সিং ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক সমালোচনা লাভলীনাৰ
অসমৰ যুৱ চিত্রশিল্পীলৈ ৰাষ্ট্ৰীয় অকাদেমি বঁটা
দেশজুৰি ভেজাল ঔষধৰ বেহা চলোৱা চক্ৰ উৎখাত
ড’নাল্ড ট্ৰাম্পৰ ৫০% শুল্ক বোমাত ভাৰতক মুকলিকৈ সমৰ্থন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত বৃহৎ আক্ৰমণ
সোণাৰিত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বিশাল প্রতিবাদী সমদল
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ