--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আন মহিলাৰ সৈতে কথা পতাক লৈ বিগত কিছুদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত তীব্ৰ বিবাদ চলি আছিল।

ডিজিটেল ডেস্ক: বিশ্বনাথৰ বালিপুখুৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ গৃহৰ ভিতৰতে তেজৰে লুটুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় মামণি ভুমিজ বৰা (২৩) নামৰ মহিলাগৰাকীৰ মৃতদেহ।


মৃত মামনিৰ স্বামী প্ৰাঞ্জল বৰাৰ দাবী অনুসৰি, মামনিয়ে চিপ লৈ আত্মহত্যা কৰিছে। কিন্তু এই দাবীক পোনচাটেই নাকচ কৰি মামনিৰ মাতৃ আৰু পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লক্ষণীয়ভাৱে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্বামী প্ৰাঞ্জলে মামনিৰ ডিঙিৰ পৰা চিপজৰী খুলি পেলাইছিল, যাৰ বাবে ঘটনাটোক লৈ সন্দেহ অধিক ঘনীভূত হৈ পৰিছে।


পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আন মহিলাৰ সৈতে কথা পতাক লৈ বিগত কিছুদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত তীব্ৰ বিবাদ চলি আছিল। আন মহিলাৰ সৈতে ফোনত কথা পতাৰ বাবে হোৱা কাজিয়াৰ পৰিণতিত কালি মামণি জপৌবাৰীস্থিত নিজৰ মাতৃগৃহলৈ গুছি গৈছিল।


আজি পুৱাই স্বামী প্ৰাঞ্জলে জপৌবাৰীৰ পৰা মামণিক বুজাই-বঢ়াই বালিপুখুৰীৰ ঘৰলৈ লৈ আহে। ইয়াৰ কিছু সময় পিছতেই এই ৰহস্যজনক ঘটনাটো সংঘটিত হয়।


মামণিৰ মাতৃগৃহৰ লোকৰ অভিযোগ অনুসৰি, পূৰ্বেও প্ৰাঞ্জলে মামনিৰ ওপৰত বহুবাৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। উল্লেখ্য যে, প্ৰেমসূত্ৰে আদিবাসী সম্প্ৰদায়ৰ যুৱতী মামনিক বিবাহ কৰোৱাৰ বাবে প্ৰাঞ্জলৰ পৰিয়ালে তেওঁলোকক ঘৰত স্থান দিয়া নাছিল আৰু তেওঁলোকে সুকীয়াকৈ বসবাস কৰিছিল।


ঘটনাৰ খবৰ পাই জিনজিয়া আৰক্ষী ততালিকে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত ক্ষিপ্ৰ তদন্ত চলাই আৰক্ষীয়ে ইতিমধ্যে ৩ গৰাকী ব্যক্তিক আটক কৰিছে। তেওঁলোক ক্ৰমে প্ৰাঞ্জল বৰা (স্বামী), লক্ষ্যপতি বৰা (শহুৰেক)ৰমেন ভূঁঞা (ঘৰত কাম কৰা যুৱক)


আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে এইয়া আত্মহত্যা নে এক পৰিকল্পিত হত্যাকাণ্ড, সেয়া স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী