--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আন মহিলাৰ সৈতে কথা পতাক লৈ বিগত কিছুদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত তীব্ৰ বিবাদ চলি আছিল।

ডিজিটেল ডেস্ক: বিশ্বনাথৰ বালিপুখুৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ গৃহৰ ভিতৰতে তেজৰে লুটুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় মামণি ভুমিজ বৰা (২৩) নামৰ মহিলাগৰাকীৰ মৃতদেহ।


মৃত মামনিৰ স্বামী প্ৰাঞ্জল বৰাৰ দাবী অনুসৰি, মামনিয়ে চিপ লৈ আত্মহত্যা কৰিছে। কিন্তু এই দাবীক পোনচাটেই নাকচ কৰি মামনিৰ মাতৃ আৰু পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লক্ষণীয়ভাৱে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্বামী প্ৰাঞ্জলে মামনিৰ ডিঙিৰ পৰা চিপজৰী খুলি পেলাইছিল, যাৰ বাবে ঘটনাটোক লৈ সন্দেহ অধিক ঘনীভূত হৈ পৰিছে।


পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, আন মহিলাৰ সৈতে কথা পতাক লৈ বিগত কিছুদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত তীব্ৰ বিবাদ চলি আছিল। আন মহিলাৰ সৈতে ফোনত কথা পতাৰ বাবে হোৱা কাজিয়াৰ পৰিণতিত কালি মামণি জপৌবাৰীস্থিত নিজৰ মাতৃগৃহলৈ গুছি গৈছিল।


আজি পুৱাই স্বামী প্ৰাঞ্জলে জপৌবাৰীৰ পৰা মামণিক বুজাই-বঢ়াই বালিপুখুৰীৰ ঘৰলৈ লৈ আহে। ইয়াৰ কিছু সময় পিছতেই এই ৰহস্যজনক ঘটনাটো সংঘটিত হয়।


মামণিৰ মাতৃগৃহৰ লোকৰ অভিযোগ অনুসৰি, পূৰ্বেও প্ৰাঞ্জলে মামনিৰ ওপৰত বহুবাৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। উল্লেখ্য যে, প্ৰেমসূত্ৰে আদিবাসী সম্প্ৰদায়ৰ যুৱতী মামনিক বিবাহ কৰোৱাৰ বাবে প্ৰাঞ্জলৰ পৰিয়ালে তেওঁলোকক ঘৰত স্থান দিয়া নাছিল আৰু তেওঁলোকে সুকীয়াকৈ বসবাস কৰিছিল।


ঘটনাৰ খবৰ পাই জিনজিয়া আৰক্ষী ততালিকে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত ক্ষিপ্ৰ তদন্ত চলাই আৰক্ষীয়ে ইতিমধ্যে ৩ গৰাকী ব্যক্তিক আটক কৰিছে। তেওঁলোক ক্ৰমে প্ৰাঞ্জল বৰা (স্বামী), লক্ষ্যপতি বৰা (শহুৰেক)ৰমেন ভূঁঞা (ঘৰত কাম কৰা যুৱক)


আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে এইয়া আত্মহত্যা নে এক পৰিকল্পিত হত্যাকাণ্ড, সেয়া স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
টাছিঙত চীনা অনুপ্ৰৱেশৰ অভিযোগ মুখ্যমন্ত্ৰী খাণ্ডুৱে খাৰিজ কৰিলে, স্বাধীন তদন্তৰ প্ৰতিশ্ৰুতি
শিৱসাগৰত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰে'লপথ পুনৰুদ্ধাৰ, সেৱা স্বাভাৱিক
ওপৰ অসমত পুনৰ ৰে'ল চলাচল আৰম্ভ, জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ
আশফাকে অনুৰ্ধ-২০ বিশ্ব এথলেটিকছত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে
কানাডিয়ান অপেনত ছাবালেংকা আৰু পেগুলাৰ শেষ ষোল্ললৈ অগ্ৰগতি
শিৱসাগৰৰ ব্যৱসায়ীৰ মহানুভৱতা: নিজৰ ক্ষতি পাহৰি বানাক্ৰান্ত শিক্ষাৰ্থীক পোছাক বিতৰণ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন