--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তদন্তত ‘আম্বানি গেং’ নামৰ এটা কুখ্যাত চক্ৰৰ নাম পোহৰলৈ আহিছে। এই গেঙৰ সৈতে ছাত্তাৰ আমিন, ইক্ৰামুল আৰু খাইৰুল নামৰ অপৰাধী কেইজনৰ উপৰি অজয় বিশ্বকৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: জালনোট আৰু নকল সোণৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। লখিমপুৰত আৰক্ষীৰ এই অভিযানৰ সময়ত এক চাঞ্চল্যকৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়, য’ত জালনোট চক্ৰৰ সৈতে জড়িত দুই অভিযুক্ত গুৰুতৰভাৱে আহত হৈছে।


আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৃত অভিযুক্ত অজয় বিশ্বকৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন অপৰাধীক কৰায়ত্ত কৰিবলৈ এক অভিযান চলাইছিল। এই অভিযানৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে মুকছিদুল আলম আৰু মতিউৰ ৰহমান নামৰ দুই অভিযুক্ত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয়।


বিগত দুদিনত মূল মাষ্টাৰমাইণ্ডসহ মুঠ ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বঙালমৰাৰ পৰা পুনৰ তিনি অভিযুক্ত— ইক্ৰামুল, মিজানুৰ আৰু হেজিবুৰক আৰক্ষীয়ে জালত পেলায়।


এই সমগ্ৰ চক্ৰটোৰ মূল নায়ক আইনুল হকক বঙালমৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত আইনুল হক আৰু অজয় বিশ্বকৰ্মাৰ জেৰাৰ অন্তত জালনোট আৰু নকল সোণৰ সাম্ৰাজ্যখনৰ কেইবাটাও গোপন তথ্য ফাদিল হৈছে।


তদন্তত ‘আম্বানি গেং’ নামৰ এটা কুখ্যাত চক্ৰৰ নাম পোহৰলৈ আহিছে। এই গেঙৰ সৈতে ছাত্তাৰ আমিন, ইক্ৰামুল আৰু খাইৰুল নামৰ অপৰাধী কেইজনৰ উপৰি অজয় বিশ্বকৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে।


আৰক্ষীৰ মতে, এই চক্ৰটোৱে গুৱাহাটী মহানগৰীক কেন্দ্ৰ কৰি জালনোট সৰবৰাহৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। কেৱল অসমে নহয়, এই জালনোট সাম্ৰাজ্য বহিঃৰাজ্যৰ সৈতেও সংলগ্ন হৈ আছে। বৰ্তমান গুৱাহাটীৰ এই নেটৱৰ্কটো সম্পূৰ্ণৰূপে ধংস কৰিবলৈ আৰু চক্ৰটোৰ অন্য মূল মাষ্টাৰমাইণ্ডসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী