--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তদন্তত ‘আম্বানি গেং’ নামৰ এটা কুখ্যাত চক্ৰৰ নাম পোহৰলৈ আহিছে। এই গেঙৰ সৈতে ছাত্তাৰ আমিন, ইক্ৰামুল আৰু খাইৰুল নামৰ অপৰাধী কেইজনৰ উপৰি অজয় বিশ্বকৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: জালনোট আৰু নকল সোণৰ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। লখিমপুৰত আৰক্ষীৰ এই অভিযানৰ সময়ত এক চাঞ্চল্যকৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়, য’ত জালনোট চক্ৰৰ সৈতে জড়িত দুই অভিযুক্ত গুৰুতৰভাৱে আহত হৈছে।


আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৃত অভিযুক্ত অজয় বিশ্বকৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন অপৰাধীক কৰায়ত্ত কৰিবলৈ এক অভিযান চলাইছিল। এই অভিযানৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে মুকছিদুল আলম আৰু মতিউৰ ৰহমান নামৰ দুই অভিযুক্ত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয়।


বিগত দুদিনত মূল মাষ্টাৰমাইণ্ডসহ মুঠ ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বঙালমৰাৰ পৰা পুনৰ তিনি অভিযুক্ত— ইক্ৰামুল, মিজানুৰ আৰু হেজিবুৰক আৰক্ষীয়ে জালত পেলায়।


এই সমগ্ৰ চক্ৰটোৰ মূল নায়ক আইনুল হকক বঙালমৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত আইনুল হক আৰু অজয় বিশ্বকৰ্মাৰ জেৰাৰ অন্তত জালনোট আৰু নকল সোণৰ সাম্ৰাজ্যখনৰ কেইবাটাও গোপন তথ্য ফাদিল হৈছে।


তদন্তত ‘আম্বানি গেং’ নামৰ এটা কুখ্যাত চক্ৰৰ নাম পোহৰলৈ আহিছে। এই গেঙৰ সৈতে ছাত্তাৰ আমিন, ইক্ৰামুল আৰু খাইৰুল নামৰ অপৰাধী কেইজনৰ উপৰি অজয় বিশ্বকৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা জানিব পৰা গৈছে।


আৰক্ষীৰ মতে, এই চক্ৰটোৱে গুৱাহাটী মহানগৰীক কেন্দ্ৰ কৰি জালনোট সৰবৰাহৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। কেৱল অসমে নহয়, এই জালনোট সাম্ৰাজ্য বহিঃৰাজ্যৰ সৈতেও সংলগ্ন হৈ আছে। বৰ্তমান গুৱাহাটীৰ এই নেটৱৰ্কটো সম্পূৰ্ণৰূপে ধংস কৰিবলৈ আৰু চক্ৰটোৰ অন্য মূল মাষ্টাৰমাইণ্ডসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী