--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ সংসদত ভাষণ দিলে সংসদত ভাষণ দিলে জম্মু আৰু কাশ্মীৰৰ সাংবাদিক য়ানা মীৰে । নিজৰ ভাষণত সাংবাদিক মীৰে এটা ডাঙৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। য়ানাই তেওঁৰ ভাষণত মুকলিকৈ ভাৰতৰ প্ৰশংসা কৰি ব্ৰিটিছ সংসদৰ পৰা বিশ্বক এক বাৰ্তা দিবলৈ সক্ষম হৈছে। সাংবাদিকগৰাীয়ে  পাকিস্তানৰ ভাৰত বিৰোধী প্ৰচাৰকো গৰিহণা দিয়ে।  এনেদৰে জম্মু-কাশ্মীৰৰ সাংবাদিক য়ানা মীৰে ব্ৰিটিছ সংসদত এক উদাত্ত  ভাষণ দি ১৪০ কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছে। য়ানা মীৰে ব্ৰিটিছ সংসদত সংকল্প দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনলৈ গৈছে। 

.য়ানাই কয় "মই পৃথিৱীৰ অন্যতম সুন্দৰ ঠাই কাশ্মীৰৰ পৰা আহিছোঁ, য'ত সমগ্ৰ বিশ্বৰ পৰ্যটকসকলে বৰফৰ খেলা  চাবলৈ আহে, কিন্তু মই মালালা ইউছুফজাই নহয়, কাৰণ মই মোৰ কাশ্মীৰত মুক্ত আৰু সুৰক্ষিত। মই মোৰ দেশ ভাৰতত শান্তিৰে বাস কৰিছো, মোৰ গৃহ কাশ্মীৰ  ভাৰতৰ অংশ। মই ভাৰতত সম্পূৰ্ণৰূপে সুৰক্ষিত। যিয়েই নহওঁক কিয়, মই কেতিয়াও মোৰ দেশৰ পৰা পলায়ন কৰিব নালাগিব। মালালাই মোৰ দেশক বদনাম কৰাত মই আপত্তি জনাইছো।"


মীৰে ব্ৰিটিছ সংসদত এইদৰেও কয় , 'মালালাই মোৰ দেশক বদনাম কৰাত মই আপত্তি জনাইছো। মোৰ উন্নত  মাতৃভূমিক তেওঁ নিপীড়িত বুলি অভিহিত কৰিছে। মই সামাজিক মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমত এই কথাৰ আপত্তি জনাইছো,  তেওঁ  কেতিয়াও ভাৰতলৈ আহিবলৈ চেষ্টা  কৰা নাছিল।


লণ্ডনত য়ানা মীৰৰ ভাষণে  ব্ৰিটেইনৰ  সংসদ ভৱনত উচ্চ  প্ৰশংসা লাভ কৰিছিল। য়ানাক তাত উপস্থিত থকা সকলো মানুহে প্ৰশংসা কৰে আৰু তেওঁক  উৎসাহিত কৰে। য়ানাই তেওঁৰ ভাষণ জম্মু-কাশ্মীৰৰ লোকসকলক আদৰ্শগত বা আন কোনো ভিত্তিত বিভক্ত নকৰিবলৈ আহ্বান জনায়।

তেওঁ কয় "মই  ধৰ্মৰ ভিত্তিত ভাৰতীয়সকলৰ মেৰুকৰণ বন্ধ কৰিবলৈ অনুৰোধ জনাইছো।  এই বছৰৰ সংকল্প দিৱসত, মই কেৱল আশা কৰোঁ যে ব্ৰিটেইন  আৰু পাকিস্তানত বাস কৰা আমাৰ লোকসকলে মোৰ দেশক বদনাম কৰা বন্ধ কৰক। আন্তৰ্জাতিক মাধ্যম আৰু আন্তৰ্জাতিক মানৱ অধিকাৰ মঞ্চত কাম কৰা সকলে বৈাছি বাছি  কাম কৰা উচিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক