--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ সংসদত ভাষণ দিলে সংসদত ভাষণ দিলে জম্মু আৰু কাশ্মীৰৰ সাংবাদিক য়ানা মীৰে । নিজৰ ভাষণত সাংবাদিক মীৰে এটা ডাঙৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। য়ানাই তেওঁৰ ভাষণত মুকলিকৈ ভাৰতৰ প্ৰশংসা কৰি ব্ৰিটিছ সংসদৰ পৰা বিশ্বক এক বাৰ্তা দিবলৈ সক্ষম হৈছে। সাংবাদিকগৰাীয়ে  পাকিস্তানৰ ভাৰত বিৰোধী প্ৰচাৰকো গৰিহণা দিয়ে।  এনেদৰে জম্মু-কাশ্মীৰৰ সাংবাদিক য়ানা মীৰে ব্ৰিটিছ সংসদত এক উদাত্ত  ভাষণ দি ১৪০ কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছে। য়ানা মীৰে ব্ৰিটিছ সংসদত সংকল্প দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনলৈ গৈছে। 

.য়ানাই কয় "মই পৃথিৱীৰ অন্যতম সুন্দৰ ঠাই কাশ্মীৰৰ পৰা আহিছোঁ, য'ত সমগ্ৰ বিশ্বৰ পৰ্যটকসকলে বৰফৰ খেলা  চাবলৈ আহে, কিন্তু মই মালালা ইউছুফজাই নহয়, কাৰণ মই মোৰ কাশ্মীৰত মুক্ত আৰু সুৰক্ষিত। মই মোৰ দেশ ভাৰতত শান্তিৰে বাস কৰিছো, মোৰ গৃহ কাশ্মীৰ  ভাৰতৰ অংশ। মই ভাৰতত সম্পূৰ্ণৰূপে সুৰক্ষিত। যিয়েই নহওঁক কিয়, মই কেতিয়াও মোৰ দেশৰ পৰা পলায়ন কৰিব নালাগিব। মালালাই মোৰ দেশক বদনাম কৰাত মই আপত্তি জনাইছো।"


মীৰে ব্ৰিটিছ সংসদত এইদৰেও কয় , 'মালালাই মোৰ দেশক বদনাম কৰাত মই আপত্তি জনাইছো। মোৰ উন্নত  মাতৃভূমিক তেওঁ নিপীড়িত বুলি অভিহিত কৰিছে। মই সামাজিক মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমত এই কথাৰ আপত্তি জনাইছো,  তেওঁ  কেতিয়াও ভাৰতলৈ আহিবলৈ চেষ্টা  কৰা নাছিল।


লণ্ডনত য়ানা মীৰৰ ভাষণে  ব্ৰিটেইনৰ  সংসদ ভৱনত উচ্চ  প্ৰশংসা লাভ কৰিছিল। য়ানাক তাত উপস্থিত থকা সকলো মানুহে প্ৰশংসা কৰে আৰু তেওঁক  উৎসাহিত কৰে। য়ানাই তেওঁৰ ভাষণ জম্মু-কাশ্মীৰৰ লোকসকলক আদৰ্শগত বা আন কোনো ভিত্তিত বিভক্ত নকৰিবলৈ আহ্বান জনায়।

তেওঁ কয় "মই  ধৰ্মৰ ভিত্তিত ভাৰতীয়সকলৰ মেৰুকৰণ বন্ধ কৰিবলৈ অনুৰোধ জনাইছো।  এই বছৰৰ সংকল্প দিৱসত, মই কেৱল আশা কৰোঁ যে ব্ৰিটেইন  আৰু পাকিস্তানত বাস কৰা আমাৰ লোকসকলে মোৰ দেশক বদনাম কৰা বন্ধ কৰক। আন্তৰ্জাতিক মাধ্যম আৰু আন্তৰ্জাতিক মানৱ অধিকাৰ মঞ্চত কাম কৰা সকলে বৈাছি বাছি  কাম কৰা উচিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন