ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ অজনাৰ নদী চাফা কৰাত মাহৰ পিছত মাহ ধৰি ব্যস্ত থকা বিট্টু তবাহি এতিয়া অসুস্থ হৈ পৰিছে। বিট্টুৱে ১৬ নৱেম্বৰত এটা নতুন ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত তেওঁ নিজৰ বেয়া স্বাস্থ্য আৰু হাতত হোৱা সংক্ৰমণ প্ৰদৰ্শন কৰে। কিন্তু ভিডিঅ’টোত তেওঁ আটাইতকৈ বেছি দুখ পাইছে এই কথাটোক লৈ যে যিখন নদী চাফা কৰিবলৈ তেওঁ মাহৰ পিছত মাহ ধৰি পৰিশ্ৰম কৰিছিল, সেইখন নদীত আকৌ আৱৰ্জনা জমা হ’বলৈ আৰম্ভ কৰিছে।
অজনাৰ নদীখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বিট্টু তবাহি। তেওঁ দীৰ্ঘদিন ধৰি নদীত নামি প্লাষ্টিক, আৱৰ্জনা আৰু অন্যান্য ডাঙৰ ডাঙৰ লেতেৰা বস্তু আঁতৰাইছিল। অক্টোবৰ মাহতো তেওঁ জনাইছিল যে প্ৰায় প্ৰায় এবছৰ ধৰি কৰা পৰিশ্ৰমৰ অন্তত চাফা হোৱা নদীখনত পুনৰ আৱৰ্জনা জমা হৈছে। ইয়াৰ পিছত তেওঁ পুনৰ নদীত চাফাই অভিযান চলাইছিল।
বিট্টুৱে কয় যে এই কামটো নিৰন্তৰ কৰি যোৱাত তেওঁ বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ লগতে কয় যে নদীৰ চাফাই অভিযানৰ সময়ত তেওঁৰ স্বাস্থ্য বেয়া হৈ পৰে আৰু শৰীৰত বিভিন্ন ধৰণৰ সংক্ৰমণ হয়। বিট্টুৱে মানুহক নদীখন পুনৰ লেতেৰা নকৰিবলৈ অনুৰোধ জনায়।
বিট্টুৰ বক্তব্য আছিল যে তেওঁ নিজৰ কামটোৰ বাবে ইমান কষ্ট সহ্য কৰিবলগীয়া হৈছে, তথাপিও কিছুমান মানুহে তেওঁক সংগ দিয়া নাই। তেওঁৰ মতে, বাৰে বাৰে নদী চাফা কৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পৰিছে।
বিট্টুৱে নদীৰ পাৰত মানুহৰ সুবিধাৰ বাবে ডাষ্টবিন ৰাখিছিল, কিন্তু তাৰে এটা ডাষ্টবিন চুৰি হৈ গ’ল। অৰ্থাৎ চাফাইৰ পিছতো নদীখন পৰিষ্কাৰ কৰি ৰখাটো তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
বিট্টু তবাহিৰ নদী চাফা কৰা কামৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ দেশতে তেওঁৰ চৰ্চা হৈছিল। আনকি The Ocean Cleanup ৰ প্ৰতিষ্ঠাপক Boyan Slat-এও তেওঁৰ কামৰ প্ৰতি লক্ষ্য ৰাখিছিল আৰু কামৰ অফাৰ দিছিল।
ইয়াৰ পিছত বিট্টুৱে নিজৰ চাফাই অভিযান অন্যান্য অঞ্চললৈও সম্প্ৰসাৰিত কৰে। তেওঁ বাংগালুৰুৰ তুৰাহল্লী জংঘলত প্ৰায় ১০০ জন লোকৰ এটা দলৰ সৈতে চাফাই অভিযানত অংশগ্ৰহণ কৰে। পিছলৈ দিল্লী-এনচিআৰতো তেওঁ চাফাই অভিযান চলায়।
উল্লেখ্য যে মৃত্যুমুখী হোৱা এখন নদীক অদম্য ইচ্ছা শক্তিৰে অকলেই জীয়াই তুলিছিল বিট্টুৱে। মধ্য প্ৰদেশৰ বিওৰা জিলাৰ মাজেৰে বৈ যোৱা আজনাৰ নদীখন প্লাষ্টিক, আৱৰ্জনা আৰু ফাংগাছৰ ফলত সম্পূৰ্ণৰূপে প্ৰদূষিত আৰু দুৰ্গন্ধময় হৈ পৰিছিল। দেখিলে এনে লাগে যেন সেইয়া নদী নহয় এটা লেতেৰা নলাহে। মানুহে আজনাৰক এখন মৃত নদী বুলি ধৰি লৈছিল। নদীখনৰ এই অৱস্থা দেখি বিট্টুৰ অন্তৰে কান্দি উঠিল। বিট্টুৱে হাৰ নামানি অকলেই আজনাৰ নদী পৰিষ্কাৰ কৰাৰ কঠিন পণ লয়। কোনো চৰকাৰী বিষয়া বা কোনো চাফাই অভিযানৰ অপেক্ষাত নাথাকি বিট্টুৱে হাতে-কামে লাগে। কোনো সুৰক্ষামূলক সামগ্ৰী নোহোৱাকৈ, কেৱল নিজৰ সাহসেৰে তেওঁ দিনৰ পিছত দিন ধৰি নদীৰ লেতেৰা পানীত নামি প্লাষ্টিক আৰু আৱৰ্জনাবোৰ নিজ দুহাতেৰে দূৰ কৰিবলৈ ধৰে। অৱশেষত সম্পূৰ্ণৰূপে চাফা হৈ পৰিছিল অজনাৰ নদী। ইমানৰ পাছতো একাংশ মানুহৰ স্বভাৱ সলনি হল, নিজক নকৰিলে সংশোধন। এতিয়া পুনৰ আৱৰ্জনা পেলাই নদীখন লেতেৰা কৰিবলৈ ধৰিছে অবিবেচক লোকে। মানুহৰ এই কাণ্ড দেখি দুখত ভাগি পৰিছে বিট্টু তবাহি। মানুহৰ মানৱীয়তা ক'ত হেৰাই গৈছে? এজন ২০ বছৰীয়া যুৱকৰ ইমান মহান কৰ্মৰ প্ৰতি মানুহৰ কিয় অলপো গুৰুত্ব নাই, সেই প্ৰশ্নই এতিয়া ভবাই তুলিছে সকলোকে।