গুৱাহাটী: ৰাজ্যখনৰ নষ্ট হৈ পৰা তথা অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰৰ দিশেৰে নিৰলস সেৱা আগবঢ়াই অহা ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ শলাগ লৈছে অসমে মুখ্যমন্ত্ৰীয়ে। প্ৰাকৃতিক পৰিৱেশ উভতাই অনা আৰু আঞ্চলিক সেউজ আৱৰণ বিস্তাৰৰ ক্ষেত্ৰত এই বাহিনীখনে প্ৰদৰ্শন কৰা দায়বদ্ধতাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে।
অসমত ক্ষতিগ্ৰস্ত পৰিৱেশ তন্ত্ৰ পুনৰ্জীৱিত কৰাৰ লগতে অৱক্ষয়িত ভূমি পুনৰুদ্ধাৰৰ বিশেষ প্ৰকল্পসমূহ ৰূপায়ণ কৰি আহিছে ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চে। বনভূমিৰ ক্ষয়ক্ষতি ৰোধ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এই সংৰক্ষণমূলক পদক্ষেপসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
কৰ্মচাৰীসকলৰ এই নিষ্ঠাবান প্ৰচেষ্টাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বহনক্ষম পৰিৱেশগত ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত এই টাস্ক ফ’ৰ্চৰ অৱদান অপৰিহাৰ্য। ৰাজ্যখনত পৰিৱেশ সুৰক্ষা আৰু বনভূমি পুনৰুদ্ধাৰৰ এই ধাৰা අাগুৱাই নিবলৈ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।