--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধনঞ্জয় কুমাৰে বিগত ৩ বছৰ ধৰি ষঠ পূজাত ঘৰলৈ অহা নাছিল। এইবাৰ তেওঁ ঠিক কৰি লৈছিল যে যিকোনো প্ৰকাৰে ষঠ পূজাত গাঁৱৰ ঘৰলৈ যাবই। বিগত ২ মাহ ধৰি তেওঁ ট্রেইনৰ টিকটৰ বাবে চেষ্টা কৰি আছিল যদিও টিকট পোৱা নাছিল।

ডিজিটেল ডেস্ক: লোক আস্থাৰ মহাপৰ্ব 'ষঠ পূজা' পালন কৰিবলৈ এজন ব্যক্তিয়ে এনে এক কাম কৰে, যি কাম এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ট্রেইনত টিকট নোপোৱাৰ বাবে আৰু বিমানৰ ভাড়া বৃদ্ধি পোৱাৰ বাবে ধনঞ্জয় কুমাৰ নামৰ ব্যক্তিজনে ২৬ লাখ টকাৰ এখন গাড়ী কিনি লয় আৰু বেংগালুৰুৰ পৰা বিহাৰলৈ চাৰিদিনতে যাত্ৰা সম্পূৰ্ণ কৰি গাঁৱত উপস্থিত হয়। এই যাত্ৰাৰ সময়ত তেওঁ প্ৰয়াগৰাজত স্নান কৰে, ঠায়ে ঠায়ে হোটেলত জিৰণি লয় আৰু সমগ্ৰ যাত্ৰাটো উপভোগ কৰি গন্তব্যস্থান পায়গৈ। এই যাত্ৰাৰ তেওঁ এটা ভিডিঅ'ও বনায়, যি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে।


বিহাৰৰ বেগুচৰাইৰ গাৰহাৰা গাঁৱৰ ধনঞ্জয় কুমাৰ বেংগালুৰুত থাকে। ধনঞ্জয় কুমাৰে বিগত ৩ বছৰ ধৰি ষঠ পূজাত ঘৰলৈ অহা নাছিল। এইবাৰ তেওঁ ঠিক কৰি লৈছিল যে যিকোনো প্ৰকাৰে ষঠ পূজাত গাঁৱৰ ঘৰলৈ যাবই। বিগত ২ মাহ ধৰি তেওঁ ট্রেইনৰ টিকটৰ বাবে চেষ্টা কৰি আছিল যদিও টিকট পোৱা নাছিল। সেই সময়ত বিমানৰ টিকটৰ দাম আছিল ১৭,৫০০ টকা। তেওঁ ভাবিছিল যে যোৱাৰ সময় হ’লে বিমানৰ টিকট ল’ব। তাৰ পিছত পুনৰ চাই দেখা পায় যে বেংগালুৰুৰ পৰা পাটনাৰ বিমান ভাড়া ২৫ হাজাৰ টকালৈ বৃদ্ধি পাইছে। তেওঁৰ পুৰণি এখন সৰু গাড়ী আছিল, তাৰ পিছত তেওঁ ভাবিলে যে এখন নতুন গাড়ী ল’ব লাগে।


তেওঁ এটা ভিডিঅ' বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰিলে আৰু মানুহৰ পৰা পৰামৰ্শ বিচাৰিলে যে আপোনালোকে কওকচোন গাঁৱলৈ কেনেকৈ যোৱা উচিত। সেই ভিডিঅ'টো বহুতে দেখি পৰামৰ্শ দিলে যে এখন গাড়ী বুক কৰি গুচি যাওক। তাৰ পিছত তেওঁ ভাবিলে যে এদিন নহয় এদিন গাড়ী এখন কিনিয়েই ল’ব লাগিব, তেন্তে এতিয়াই কিয় নলওঁ? তেওঁ টাটাৰ এজেন্সীলৈ গ’ল, য’ত দেখিলে যে যথেষ্ট ৱেইটিং আছে। তেওঁ ক’লে যে ষঠ পূজাৰ বাবে ঘৰলৈ যাব লাগিব, সেয়েহে নতুন গাড়ী ল’বলৈ আহিছো।


এজেঞ্চিৰ লোকসকলে যথেষ্ট সহযোগিতা কৰিলে আৰু তেওঁ যোৱাৰ ১০ দিনৰ আগতেই ২৬ লাখ টকাত 'ছাফাৰী' গাড়ীখন ডেলিভাৰী দি দিলে। গাড়ীখন চলাই চাৰ্ভিচিং কৰাই ল’লে আৰু ৪ নৱেম্বৰত পত্নী জ্যোতি কুমাৰী, পুত্ৰ কুমাৰ দশ (৮), ধ্ৰুৱ (২) আৰু বন্ধু হিমাংশুৰ সৈতে যাত্ৰা আৰম্ভ কৰি ৮ নৱেম্বৰত বিহাৰৰ ঘৰত উপস্থিত হয়। এই যাত্ৰাত প্ৰায় ১৩ হাজাৰ ৫০০ টকাৰ ডিজেল খৰচ হয়। ৫ জনীয়া দলটোৰ খোৱা-বোৱা,থকা, টোলপাছ, ডিজেল আদিত মুঠ খৰচ হয় ২৯,৫৮৫ টকা। 


ধনঞ্জয় কুমাৰে কয় যে বাটত সৰু পুত্ৰ ধ্ৰুৱৰ স্বাস্থ্য অলপ বেয়া হৈছিল, কিন্তু যাত্ৰাটো অতিশয় আনন্দদায়ক আছিল। সন্তানে যাতে আমনি নাপায়, তাৰ বাবে গাড়ীখনতেই বিনোদনৰ ব্যৱস্থা কৰি লৈছিল। লুডু ৰাখিছিল, কিছুমান গেমছ ৰাখিছিল। বন্ধুৱে গাড়ী চলাইছিল, আৰু তেওঁ পিছত বহি ল’ৰা-ছোৱালীৰ সৈতে খেলিছিল। গাড়ীতে শুৱাৰ ব্যৱস্থাও কৰি লৈছিল। অৱশেষত তেওঁলোকে ভালে-ভালে নিজ ঘৰখনত উপস্থিত হয়।


ধনঞ্জয়ে এতিয়ালৈকে ঘূৰি যোৱাৰ তাৰিখ ঠিক কৰা নাই। কিয়নো ৩ বছৰৰ মূৰত তেওঁ গাঁৱলৈ আহিছে। কিছুদিন ছুটি কটোৱাৰ পিছতহে উভতি যোৱাৰ কথা চিন্তা কৰিব।


তেওঁ কয় যে ''যদিও টকা খৰচ হ'ল এই যাত্ৰাৰ আটাইতকৈ ডাঙৰ লাভ কি আছিল জানেনে? আমি নিজৰ মনেৰে যাত্ৰা কৰিছিলোঁ, ধুনীয়া ঠাইবোৰ চাইছিলোঁ, প্ৰয়াগৰাজ আৰু বাৰাণসী দৰ্শন কৰিছিলোঁ, পৰিয়ালৰ সৈতে সময় কটাইছিলোঁ আৰু কিছুমান মধুৰ স্মৃতি সজাই তুলিছিলোঁ যিবোৰ ধন-সম্পদেৰে কিনিব নোৱাৰি। এইখিনি সময়ত আমাৰ বাবে টকা খৰচ হোৱাটো ডাঙৰ কথা নাছিল, বৰঞ্চ যাত্ৰাটো সুন্দৰকৈ উপভোগ কৰাটোহে মূল উদ্দেশ্য আছিল।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী