--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০০৬ চনৰ ১৯ এপ্ৰিলত বৰপেটা জিলাৰ নাগিনীকুৰত এখন বৰযাত্ৰীৰ বাছ ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। এই দুৰ্ঘটনাত বাছখনৰ চালক আৰু সহ-চালকসহ প্রায় ৭৫গৰাকী লোকৰ মাজৰে ৬৪ গৰাকী যাত্রীয়ে প্রাণ হেৰুৱাইছিল।

ডিজিটেল ডেস্ক: কাজিৰঙাৰ ৰঙাজানত কালি সংঘটিত ভয়াৱহ পথ দুর্ঘটনাই ৰাজ্যবাসীক শোকস্তব্ধ কৰি তুলিছে। কিন্তু অসমত এইটোৱেই প্রথম শোকাৱহ দুর্ঘটনা নহয়। বহু লোকৰ অকাল মৃত্যুৱে ৰাজ্যবাসীক শোকাহত কৰি তোলা অসমৰ ইতিহাসত ইতিপূর্বে সংঘটিত ৭টা ভয়াৱহ পথ দুর্ঘটনা হ'ল- ২০০৬ চনৰ ১৯ এপ্ৰিলত বৰপেটা জিলাৰ নাগিনীকুৰত এখন বৰযাত্ৰীৰ বাছ ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। এই দুৰ্ঘটনাত বাছখনৰ চালক আৰু সহ-চালকসহ প্রায় ৭৫গৰাকী লোকৰ মাজৰে ৬৪ গৰাকী যাত্রীয়ে প্রাণ হেৰুৱাইছিল। 


১৯৯৪ চনৰ ১১ নৱেম্বৰত ডিমৌৰ ৰজাবাৰী অঞ্চলত এখন যাত্রীবাহী বাছে নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ এটা দ পুখুৰীত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত প্রায় ৬০গৰাকী যাত্ৰীৰ সলিল সমাধি ঘটিছিল। ১৯৮৬ চনৰ অক্টোবৰত নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্রীবাহী বাছ গুৱাহাটীৰ সমীপত নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে। এই দুর্ঘটনাত প্রায় ৫০ গৰাকী যাত্ৰীয়ে প্রাণ হেৰুৱায়। ১৯৮৬ চনতে গুৱাহাটী-নলবাৰী পথত সংঘটিত হোৱা আন এক ভয়ংকৰ দুৰ্ঘটনাত প্রায় ৪২গৰাকী লোকৰ মৃত্যু ঘটিছিল। এখন কাঠৰ দলং পাৰ হোৱাৰ সময়ত দলংখন ভাঙি পৰাত বাছখন গভীৰ খাৱৈত বাগৰি পৰিছিল। 


১৯৮৬ চনৰ ১১ ছেপ্টেম্বৰত এখন যাত্রীবাহী বাছে মুকলি ৰে'ল ক্ৰছিং পাৰ হ'বলৈ লোৱাৰ সময়ত পথালি পাহাৰ অঞ্চলত সংঘটিত হোৱা আন এক মর্মান্তিক দুর্ঘটনাত মালবাহী ৰে'লৰ খুন্দাত প্রায় ২৮গৰাকী যাত্রীয়ে কৰুণভাৱে প্রাণ হেৰুৱায়। ২০১১ চনৰ ৩১ মে'ত কামৰূপ জিলাৰ হাজোত বৰযাত্রী কঢ়িয়াই নিয়া এখন বাছ এখন কাঠৰ দলং পাৰ হ'বলৈ লোৱাৰ সময়ত দলংখন ভাঙি পৰে আৰু বাছখন গভীৰ পানীত বাগৰি পৰে। এই শোকাৱহ দুর্ঘটনাত ২৭গৰাকী লোকৰ মৃত্যু হৈছিল। ২০২৬ চনৰ ১৩ নৱেম্বৰত কাজিৰঙাৰ ৰঙাজানত এখন যাত্রীবাহী ট্রেভেলাৰ আৰু এখন কণ্টেইনাৰ বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত এইপর্যন্ত ২৬গৰাকী লোকে প্রাণ হেৰুৱাইছে।


৪ বছৰত ৰাজ্যত ২৮,৪৫০টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী