গুৱাহাটী: কাজিৰঙাৰ ৰংজাজানত যোৱা ১৩ নৱেম্বৰত এখন ট্ৰেভেলাৰ বাহন আৰু ট্ৰাকৰ মাজত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। এই মৰ্মান্তিক দুৰ্ঘটনাটোত মিনীবাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত কমেও ২৩ গৰাকী লোকৰ নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। এই শোকাৱহ পৰিস্থিতিত গভীৰ দুখ প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (এআইইউডিএফ)।
দলটোৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ম মৌলানা বদৰুদ্দিন আজমলে এক বিবৃতিত এই দুৰ্ঘটনাটোক অতি দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক বুলি অভিহিত কৰে। তেওঁ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
ইয়াৰ লগতে, এআইইউডিএফ প্ৰধানগৰাকীয়ে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তিজকাসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰকাশিত খবৰ অনুসৰি, এই ভয়াৱহ পথ দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত শোকৰ পৰিৱেশ বিৰাজ কৰিছে।