ৰাজ্যৰ মুখ্য চহৰ গুৱাহাটীত সপৰ্জনে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬। এই সপ্তাহজোৰা কাৰ্যসূচীৰ জৰিয়তে ফাৰ্মাচী খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানসমূহৰ ওপৰত আলোকপাত কৰা হ’ব।
অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফাৰ্মাচী পেছাদাৰী, বিশেষজ্ঞ তথা গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্ৰহণ কৰে। স্বাস্থ্যসেৱা প্ৰদান আৰু জনস্বাস্থ্যৰ কল্যানৰ দিশত ফাৰ্মাচিষ্টসকলৰ ভূমিকা কেনেধৰণৰ, সেই বিষয়ে এই অনুষ্ঠানত বহল আলোচনা কৰা হ’ব।
ইয়াৰোপৰি, ফাৰ্মাচী খণ্ডৰ মান উন্নত কৰা আৰু এই ক্ষেত্ৰত থকা বিভিন্ন প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ উদ্দেশ্যে এই সপ্তাহটোত কেইবাখনো সজাগতামূলক অনুষ্ঠান আৰু আলোচনাচক্ৰ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।