ডিজিটেল ডেস্ক: ভাৰত আৰু ছিংগাপুৰৰ মাজত প্রায় ৩ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বিদ্যুৎ পৰিবহণ কৰিড'ৰ নিৰ্মাণৰ কথা বিবেচনা কৰি থকা হৈছে। মণিপুৰৰ ইম্ফলৰ পৰা ম্যানমাৰ হৈ থাইলেণ্ড আৰু মালয়েছিয়াৰ মাজেৰে ভূ-ভাগত স্থাপন কৰিবলগীয়া এই বিদ্যুৎ পৰিবাহী কৰিড'ৰৰ জৰিয়তে ২০০০ মেগাৱাট বিদ্যুৎ ভাৰতৰ পৰা ছিংগাপুৰলৈ নিয়া হ'ব। প্ৰস্তাৱিত এই কৰিড'ৰে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বিদ্যুৎ সংযোগে এক নতুন যুগৰ সূচনা কৰিব।
উল্লেখযোগ্য যে ভাৰতে আছিয়ান দেশবোৰৰ সৈতে সহযোগিতা কেৱল বাণিজ্য আৰু প্ৰতিৰক্ষাতে সীমিত ৰাখিবলৈ বিচৰা নাই। শক্তিৰ সংযোগৰ ক্ষেত্ৰতো ভাৰতে বৃহৎ সহযোগিতাৰ সম্ভাৱনাৰ সন্ধান কৰি আছে। বিদেশ মন্ত্ৰ্যালয়ে আছিয়ান দেশবোৰৰ সৈতে পাৱাৰ গ্ৰীড ইন্টিগ্ৰেশ্যনত সহযোগিতা এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। উল্লেখযোগ্য যে ভাৰতৰ বৃহৎ পৰ্যায়ত বিদ্যুৎ পৰিবহণ নেটৱৰ্কৰ বিকাশ কৰা আৰু সুকীয়া সুকীয়া গ্ৰীডক সংযোজিত কৰাৰ অভিজ্ঞতা আছে। এই অভিজ্ঞতাক এতিয়া আছিয়ান দেশবোৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তাৱ দিয়া হৈছে।
উল্লেখযোগ্য যে যোৱা মাহত মেনিলাত অনুষ্ঠিত পূব এছিয়া শীর্ষ সন্মিলনত শক্তি মন্ত্রীসকলৰ বৈঠকত ভাৰতে ২ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন এখন দেশৰ পৰা আন এখন দেশলৈ বিদ্যুৎ পৰিবহণৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্রস্তাৱৰ অধীনত ইম্ফলৰ পৰা ছিংগাপুৰলৈ ভূ-ভাগেৰে প্রায় ৩ হাজাৰ কিল মিটাৰ দৈৰ্ঘাৰ ট্রেন্সমিশ্যন কৰিড'ৰ এক বিকল্পৰূপে বিবেচনা কৰি থকা হৈছে। এই প্রস্তাৱৰ উদ্দেশ্য কেৱল এখন দেশৰ পৰা আন এখন দেশলৈ বিদ্যুৎ যোগান ধৰাই নহয়, ইয়াৰ জৰিয়তে ইখনৰ সৈতে সিখনৰ বিদ্যুতৰ ব্যৱসায়, নিৰ্মল শক্তিৰ ব্যৱহাৰ আৰু সমগ্ৰ অঞ্চলটোত শক্তিৰ সুৰক্ষা শক্তিশালী কৰিব পৰা যাব। এই প্রস্তাৱ ব্যাপক আছিয়ান পাৱাৰ গ্ৰীড (এ পি জি) প্রতি লক্ষ্য ৰাখি আগবঢ়োৱা হৈছে। এই পাৱাৰ গ্ৰীড স্থাপনৰ লক্ষ্য লোৱা হৈছে দক্ষিণ-পূব এছিয়াৰ দেশবোৰক পৰস্পৰৰ সৈতে বিদ্যুৎ নেটৱৰ্কৰ সৈতে সংযোজিত কৰা আৰু আঞ্চলিক পৰ্যায়ত বিদ্যুতৰ ব্যৱসায় বৃদ্ধি কৰা।
আছিয়ানে ২০৪৫ৰ ভিতৰত সম্পূৰ্ণৰূপে সংহত আঞ্চলিক পাৱাৰ গ্ৰীড স্থাপন কৰা। ভাৰতে এই প্রকল্পত বিশেষজ্ঞৰ ভূমিকা পালন কৰিবলৈ বিচাৰিছে। এই প্রকল্পত প্রায় ৭৬৪০০ কোটি টকা ব্যয় হ'ব। অৱশ্যে তিনি হাজাৰ কিল'মিটাৰৰ প্ৰস্তাৱিত বিদ্যুৎ কৰিড'ৰ নিৰ্মাণ কৰাটো ইমান সহজো নহয়। ইয়াৰ বাবে ম্যানমাৰ, থাইলেণ্ড আৰু মালয়েছিয়াসহ সংশ্লিষ্ট দেশৰ সন্মতিৰ প্ৰয়োজন। ইয়াৰ লগতে বিদ্যুৎ পৰিবাহী আন্তঃগাঁথনি, কাৰিকৰী মান, বিদ্যুতৰ ব্যৱসায় আদি বিষয়ত এই দেশবোৰৰ সন্মতিৰ প্ৰয়োজন হ'ব।
উৎস: দৈনিক জনমভূমি