অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (APCB) এক বিতৰ্কিত আদেশ বাতিল কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰকাশ কৰিছে। আমিনগাঁৱৰ ঔদ্যোগিক উদ্যানত এটা অতি প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা 'সন্মতিপত্ৰ'ৰ অবৈধ সম্প্ৰসাৰণ খাৰিজ কৰে আদালতে। ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ প্ৰঞ্জল দাসৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰে।
আদালতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক ১ লাখ টকাৰ জৰিমনা বিহে। এই ধনৰাশি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জৰিয়তে দুৰ্গম জিলাসমূহৰ শিশু গৃহত থকা বিশেষভাৱে সক্ষম কন্যা শিশুসকলৰ সুবিধাৰ বাবে জমা কৰিব লাগিব। ইয়াৰোপৰি, ৰাজ্য চৰকাৰে বিচাৰিলে এই জৰিমনাৰ ধন দায়িত্বজ্ঞানহীন বিষয়া সকলৰ পৰা আদায় কৰিব পাৰিব বুলিও আদালতে স্পষ্ট কৰি দিয়ে।
এনঅ'চি ফাউণ্ডেশ্যন নামৰ আবেদনকাৰী সংস্থাই আমিনগাঁৱত লাল শ্ৰেণীৰ প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ অনুমতি দিয়াৰ ফলত হ'ব পৰা পরিবেশৰ অৱনতি আৰু প্ৰদূষণৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। বিচাৰপীঠে লক্ষ্য কৰে যে উক্ত উদ্যোগৰ বাবে প্ৰাথমিক অনুমতিপত্ৰ ২০১৩ চনৰ ৯ ডিচেম্বৰতে ম্যাদ উকলি গৈছিল আৰু ইয়াক আইনগতভাৱে বৃদ্ধি কৰাটো সম্ভৱ আছিল নহয়। লগতে পৰৱৰ্তী পৰ্যায়ত কোনো কাৰ্যক্ষমতাৰ সন্মতিপত্ৰ নোলোৱাকৈয়ে কাম কাজ চলি থকা বিষয়টোত পৰিষদে গুৰুত্ব প্ৰদান কৰা নাছিল বুলি আদালতে মত প্ৰকাশ কৰে।