গুৱাহাটী: গুৱাহাটীৰ ব্যস্ত বাণিজ্যিক কেন্দ্ৰস্থল ফেন্সি বজাৰৰ উৰ্বশী বজাৰৰ কাষৰীয়া অঞ্চলত ব্যৱসায় চলাই থকা লোকসকল এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। অঞ্চলটোৰ প্ৰায় ১০০ গৰাকী দোকানপহৰীয়ে এন্দুৰৰ উপদ্ৰৱ প্ৰতিহত কৰিবলৈ সংগ্ৰাম চলাই থকাৰ সময়তে গুৱাহাটী মহানগৰ নিগম চমুকৈ জিএমচিৰ তৰফৰ পৰাও নিয়মীয়াকৈ জৰিমনাৰ সন্মুখীন হবলগীয়া হৈছে।
এই পুৰণি বাণিজ্যিক অঞ্চলটোত মহানগৰীৰ কেইবাখনো পুৰণি ব্যৱসায়িক প্ৰতিষ্ঠান, জলপান গৃহ, হোটেল আৰু কাপোৰৰ দোকান আদি পৰিচালিত হৈ আহিছে। দোকানীকাসকলৰ অভিযোগ অনুসৰি, তেওঁলোকৰ প্ৰতিষ্ঠানসমূহৰ পৰা এন্দুৰ খেদাওৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ অজুহাত দেখুৱাই জিএমচিৰ কৰ্মচাৰীসকলে আৰক্ষীৰ সহযোগত অঞ্চলটোত উপস্থিত হৈ কোনো অভিযোগ নশুনেই চেলান জাৰি কৰি আহিছে।
ব্যৱসায়ীসকলে অভিযোগ কৰা মতে, ৱাকফ ব’ৰ্ড আৰু ভাড়া সংগ্ৰহকাৰী ব্যক্তিগৰাকীৰ মাজত ভূমিৰ মালিকত্বক লৈ চলা এক বিবাদৰ বাবে তেওঁলোকে মেৰামতি বা সংস্কাৰমূলক কাম-কাজ কৰাত বাধাৰ সৃষ্টি হৈছে। যেতিয়াই তেওঁলোকে এন্দুৰৰ সমস্যা দূৰ কৰিবলৈ মেৰামতিৰ কাম হাতত লয়, তেতিয়াই ৱাকফ ব’ৰ্ডে আইনী জাননী প্ৰেৰণ কৰি কাম বন্ধ ৰাখিবলৈ বাধ্য কৰে।