--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা অসম জীয়াৰী ৰীমা দাসৰ আন এক সফলতা ৷ বলিউডৰ প্ৰখ্যাত তথা বজৰংগী ভাইজান , এক থা টাইগাৰ আদি ছবিৰ পৰিচালক কবীৰ খান , ৰকষ্টাৰ , জব উই মেটৰ পৰিচালক প্ৰখ্যাত ইমতিযাজ আলী আৰু অনিৰ সৈতে যুটীয়াভাৱে ৰীমা দাসে পৰিচালনা কৰা MY MELBOURNE ছবিখন বৰ্তমান মুক্তি পাইছে ভাৰতৰ সকলো ছবিগৃহত ৷ 



যোৱা ৬ মাৰ্চত অষ্টেলিয়া , নিউজিলেণ্ড , আৰু ফিজিত মুক্তি দিয়াৰ পিছত বৰ্তমান ভাৰতৰ ছবিগৃহত মুক্তি পাইছে ছবিখনে ৷ চাৰিগৰাকী দেশৰ প্ৰখ্যাত পৰিচালকৰ দ্বাৰা নিৰ্মিত ছবিখনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিছে। 

উল্লেখযোগ্য যে ,My Melbourne হৈছে সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত এখন ভাৰত-অষ্ট্ৰেলিয়ান এন্থ'লজি চলচ্চিত্ৰ।  মেলবৰ্ণৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰা চাৰিটা কাহিনীৰ জৰিয়তে ব্যক্তিৰ পৰিচয় আৰু সম্পৰ্কক গভীৰতাৰে সন্ধান কৰাৰ প্ৰয়াস কৰিছে।

My Melbourne-এ বৰ্ণ, অক্ষমতা, লিংগ, আৰু যৌনতাক বিষয়বস্তু হিচাপে সামৰি লৈছে। চাৰিটা কাহিনী হৈছে – এমা, নন্দিনী, জুলছ, আৰু ছেতাৰা। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বসবাস কৰা ব্যক্তিৰ জীৱনৰ সত্য অভিজ্ঞতাৰ ওপৰত আধাৰিত এই কাহিনী কেইটাই  ব্যক্তিৰ আত্ম-আবিষ্কাৰ, সহনশীলতা আৰু সম্পৰ্কৰ এক যাত্ৰাক প্ৰতিফলিত কৰিছে।  

মিতু ভৌমিক লেঙৰ পৰিকল্পনা আৰু প্ৰযোজিত, আৰু ভিকস্ক্ৰীন আৰু স্ক্ৰীন অষ্ট্ৰেলিয়াৰ সমৰ্থনত নিৰ্মিত, ছবিখন সম্পূৰ্ণৰূপে মেলবৰ্ণত চিত্ৰগ্ৰহণ কৰা হৈছে।  

ভাৰতৰ বাহিৰৰ অষ্ট্ৰেলিয়ান অভিনেতা আৰু কলা-কুশলীৰ সৈতে প্ৰথম ইংৰাজী ভাষাৰ এই চিনেমাখনৰ বিষয়ে ৰীমা দাসে এইদৰে কয়, "মেলবৰ্ণক বিশেষৰূপত দেখুওৱা হৈছে এই কাহিনীবোৰৰ দ্বাৰা। চিনেমাখনৰ প্ৰতিটো অংশ হৈছে মেলবৰ্ণৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ পটভূমিত মানৱীয় সম্পৰ্কৰ এক হৃদয়স্পৰ্শী অনুসন্ধান।"  

চলচিত্ৰখন ইংৰাজী, বাংলা, হিন্দী, দাৰী আৰু অষ্ট্ৰেলিয়ান চাইন লেংগুৱেজ (Auslan)-ত উপস্থাপন কৰা হৈছে, যিয়ে মহানগৰখনৰ বহুসংস্কৃতিক বুনিয়াদক প্ৰদৰ্শন কৰে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আৰু ফিজিত সফলভাবে মুক্তি পোৱাৰ পিছত, My Melbourne-এ এতিয়া ভাৰতৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু