--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ পেনচিলভেনিয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এই আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰে। তাৰ লগতে তেওঁ ‘বন্ধু’ ট্ৰাম্পৰ আশু আৰোগ্যও কামনা কৰে৷

কেৱল মোডীয়েই নহয়, ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে আমেৰিকাৰ শাসকীয় দলৰ পৰা বিৰোধী দললৈকে সকলো নেতাই থিয় হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে তেওঁৰ দেশত এই হিংসাৰ কোনো স্থান নাই। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, জৰ্জ বুশ্বেও প্ৰতিবাদ কৰে।

দেওবাৰে পুৱা মোদীয়ে নিজৰ এক্স (প্ৰাক্তন টুইটাৰ) হেণ্ডেলত লিখিছে, ‘মোৰ বন্ধু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণক লৈ মই গভীৰভাৱে চিন্তিত। এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। গণতন্ত্ৰ আৰু ৰাজনীতিত হিংসাৰ কোনো স্থান নাই। তেওঁৰ আশু আৰোগ্য কামনা কৰি। মৃত্যু হোৱাসকলৰ পৰিয়াললৈ, আহতসকলৰ প্ৰতি আৰু সৰ্বোপৰি আমেৰিকাৰ জনসাধাৰণলৈ মোৰ সমবেদনা।'' ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই পোষ্টটো শ্বেয়াৰ কৰে।

সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও উদ্বেগ প্ৰকাশ কৰে। এক্সত তেওঁ লিখিছে, “আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হত্যাৰ চেষ্টাক লৈ মই গভীৰভাৱে চিন্তিত। এনে আচৰণক কঠোৰ দমনৰ প্ৰয়োজন। তেওঁৰ শীঘ্ৰে আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিলো।”

ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিও বাইডেনে পোষ্ট কৰে। তেওঁ লিখিছে, “পেনচিলভেনিয়াত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত হোৱা আক্ৰমণৰ কথা শুনিছিলো।” তেওঁ সুস্থ আৰু নিৰাপদ বুলি শুনি মই কৃতজ্ঞ। তেওঁৰ লগতে তেওঁৰ পৰিয়াল আৰু সভাত উপস্থিত থকা সকলোৰে বাবে প্ৰাৰ্থনা জনাইছো। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে। জিল (জিল বাইডেন, আমেৰিকাৰ ফাৰ্ষ্ট লেডী) আৰু মই ট্ৰাম্পক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে ছিক্ৰেট চাৰ্ভিচৰ প্ৰতি কৃতজ্ঞ।’’

প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই লিখিছে, ‘আমাৰ গণতন্ত্ৰত ৰাজনৈতিক হিংসাৰ কোনো স্থান নাই। আমি এতিয়াও সঠিকভাৱে নাজানো কি হৈছিল। কিন্তু আমি এই কথা জানি আশ্বস্ত হোৱা উচিত যে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প গুৰুতৰভাৱে আহত হোৱা নাছিল। নাগৰিক হিচাপে আমি ৰাজনীতিক অধিক সন্মান কৰা উচিত। মিচেল (ওবামাৰ পত্নী) আৰু মই ট্ৰাম্পৰ আশু আৰোগ্য কামনা কৰিছো।''

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে লিখিছে, “ট্ৰাম্পৰ ওপৰত কৰা এই কাপুৰুষালি আক্ৰমণক মই গৰিহণা দিছো। তেওঁ সুস্থ বুলি শুনি আমি আশ্বস্ত হৈ পৰিছো। গোপন সেৱাৰ সকলো বিষয়াই তেওঁলোকৰ এই কাৰ্য্যৰ বাবে প্ৰশংসা কৰিব লাগিব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস