--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ পেনচিলভেনিয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ এই আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰে। তাৰ লগতে তেওঁ ‘বন্ধু’ ট্ৰাম্পৰ আশু আৰোগ্যও কামনা কৰে৷

কেৱল মোডীয়েই নহয়, ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে আমেৰিকাৰ শাসকীয় দলৰ পৰা বিৰোধী দললৈকে সকলো নেতাই থিয় হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে তেওঁৰ দেশত এই হিংসাৰ কোনো স্থান নাই। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, জৰ্জ বুশ্বেও প্ৰতিবাদ কৰে।

দেওবাৰে পুৱা মোদীয়ে নিজৰ এক্স (প্ৰাক্তন টুইটাৰ) হেণ্ডেলত লিখিছে, ‘মোৰ বন্ধু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণক লৈ মই গভীৰভাৱে চিন্তিত। এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। গণতন্ত্ৰ আৰু ৰাজনীতিত হিংসাৰ কোনো স্থান নাই। তেওঁৰ আশু আৰোগ্য কামনা কৰি। মৃত্যু হোৱাসকলৰ পৰিয়াললৈ, আহতসকলৰ প্ৰতি আৰু সৰ্বোপৰি আমেৰিকাৰ জনসাধাৰণলৈ মোৰ সমবেদনা।'' ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই পোষ্টটো শ্বেয়াৰ কৰে।

সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও উদ্বেগ প্ৰকাশ কৰে। এক্সত তেওঁ লিখিছে, “আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হত্যাৰ চেষ্টাক লৈ মই গভীৰভাৱে চিন্তিত। এনে আচৰণক কঠোৰ দমনৰ প্ৰয়োজন। তেওঁৰ শীঘ্ৰে আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিলো।”

ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিও বাইডেনে পোষ্ট কৰে। তেওঁ লিখিছে, “পেনচিলভেনিয়াত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত হোৱা আক্ৰমণৰ কথা শুনিছিলো।” তেওঁ সুস্থ আৰু নিৰাপদ বুলি শুনি মই কৃতজ্ঞ। তেওঁৰ লগতে তেওঁৰ পৰিয়াল আৰু সভাত উপস্থিত থকা সকলোৰে বাবে প্ৰাৰ্থনা জনাইছো। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে। জিল (জিল বাইডেন, আমেৰিকাৰ ফাৰ্ষ্ট লেডী) আৰু মই ট্ৰাম্পক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে ছিক্ৰেট চাৰ্ভিচৰ প্ৰতি কৃতজ্ঞ।’’

প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই লিখিছে, ‘আমাৰ গণতন্ত্ৰত ৰাজনৈতিক হিংসাৰ কোনো স্থান নাই। আমি এতিয়াও সঠিকভাৱে নাজানো কি হৈছিল। কিন্তু আমি এই কথা জানি আশ্বস্ত হোৱা উচিত যে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প গুৰুতৰভাৱে আহত হোৱা নাছিল। নাগৰিক হিচাপে আমি ৰাজনীতিক অধিক সন্মান কৰা উচিত। মিচেল (ওবামাৰ পত্নী) আৰু মই ট্ৰাম্পৰ আশু আৰোগ্য কামনা কৰিছো।''

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে লিখিছে, “ট্ৰাম্পৰ ওপৰত কৰা এই কাপুৰুষালি আক্ৰমণক মই গৰিহণা দিছো। তেওঁ সুস্থ বুলি শুনি আমি আশ্বস্ত হৈ পৰিছো। গোপন সেৱাৰ সকলো বিষয়াই তেওঁলোকৰ এই কাৰ্য্যৰ বাবে প্ৰশংসা কৰিব লাগিব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক