--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিউয়ৰ্কত আকাশত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হ’বলৈ ওলাইছিল।কিন্তু ভাগ্যক্ৰমে যেনিবা এক অঘটন হোৱাৰ পৰা ৰক্ষা পৰিল। চিৰাকিউজ হেনকক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত সংঘৰ্ষৰ পৰা বাচিল দুখন বিমান।

৮ জুলাইৰ পুৱা ১১:৫০ বজাত সংঘটিত এই কাণ্ডটো চিৰাকিউজ আৰক্ষী বিভাগৰ টহলদাৰী ডেছ কেমেৰাত বন্দী হয়। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো পোহৰলৈ আহিছে। আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে এই বিষয়ৰ তদন্ত আৰম্ভ কৰিছে। দুয়োখন বাণিজ্যিক বিমান বুলি কোৱা হৈছে

দুয়োখন বিমান কেনেকৈ ওচৰলৈ আহিল?

যেতিয়া এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে (এটিচি) ৱাশ্বিংটনৰ পৰা অহা পিএছএ এয়াৰলাইন্সৰ আমেৰিকান ঈগল বিমান ৫৫১১ক অৱতৰণ কৰিবলৈ অনুমতি দিছিল, একে সময়তে নিউয়ৰ্কৰ পৰা অহা এণ্ডেভাৰ এয়াৰ ৫৪২১ বিমানখনে উৰণৰ বাবে সেউজ সংকেত পাইছিল।
তাৰ পিছত ৫৫১১ৰ পাইলটে একেখন বিমানপথৰ পৰা আন এখন বিমানৰ বিষয়ে প্ৰশ্ন কৰিলে। এ টি চিয়ে ভুলটো উপলব্ধি কৰিলে যদিও তেতিয়ালৈকে বিমানখনে উৰা মাৰিলে। দুয়োখন বিমান ৭৪৫ ফুট দূৰত্বত আছিল।

দুয়োখন বিমানতে ৭৫-৭৫ জন যাত্ৰী আছিল

ঘটনাৰ সময়ত দুয়োখন বিমানত ৭৫-৭৫ জন যাত্ৰী আৰু ৪-৪ জন ক্ৰু মেম্বাৰ আছিল। বিশেষজ্ঞসকলে কয় যে বিমান দুখনৰ সংঘৰ্ষৰ কোনো সম্ভাৱনা নাছিল যদিও এটিচিৰ অডিঅ’ত আতংকৰ শব্দ শুনা গৈছে। বিষয়টো তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক