--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিউয়ৰ্কত আকাশত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হ’বলৈ ওলাইছিল।কিন্তু ভাগ্যক্ৰমে যেনিবা এক অঘটন হোৱাৰ পৰা ৰক্ষা পৰিল। চিৰাকিউজ হেনকক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত সংঘৰ্ষৰ পৰা বাচিল দুখন বিমান।

৮ জুলাইৰ পুৱা ১১:৫০ বজাত সংঘটিত এই কাণ্ডটো চিৰাকিউজ আৰক্ষী বিভাগৰ টহলদাৰী ডেছ কেমেৰাত বন্দী হয়। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো পোহৰলৈ আহিছে। আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে এই বিষয়ৰ তদন্ত আৰম্ভ কৰিছে। দুয়োখন বাণিজ্যিক বিমান বুলি কোৱা হৈছে

দুয়োখন বিমান কেনেকৈ ওচৰলৈ আহিল?

যেতিয়া এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে (এটিচি) ৱাশ্বিংটনৰ পৰা অহা পিএছএ এয়াৰলাইন্সৰ আমেৰিকান ঈগল বিমান ৫৫১১ক অৱতৰণ কৰিবলৈ অনুমতি দিছিল, একে সময়তে নিউয়ৰ্কৰ পৰা অহা এণ্ডেভাৰ এয়াৰ ৫৪২১ বিমানখনে উৰণৰ বাবে সেউজ সংকেত পাইছিল।
তাৰ পিছত ৫৫১১ৰ পাইলটে একেখন বিমানপথৰ পৰা আন এখন বিমানৰ বিষয়ে প্ৰশ্ন কৰিলে। এ টি চিয়ে ভুলটো উপলব্ধি কৰিলে যদিও তেতিয়ালৈকে বিমানখনে উৰা মাৰিলে। দুয়োখন বিমান ৭৪৫ ফুট দূৰত্বত আছিল।

দুয়োখন বিমানতে ৭৫-৭৫ জন যাত্ৰী আছিল

ঘটনাৰ সময়ত দুয়োখন বিমানত ৭৫-৭৫ জন যাত্ৰী আৰু ৪-৪ জন ক্ৰু মেম্বাৰ আছিল। বিশেষজ্ঞসকলে কয় যে বিমান দুখনৰ সংঘৰ্ষৰ কোনো সম্ভাৱনা নাছিল যদিও এটিচিৰ অডিঅ’ত আতংকৰ শব্দ শুনা গৈছে। বিষয়টো তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক