--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৱে হাতৰ সন্মুখত থকা সকলো বস্তুকে খেলৰ সামগ্ৰী বুলি ভাবে আৰু সেই খেলৰ মাজতে ঘটে অঘটন, হৈ যায় দুৰ্ঘটনা।অলপতে, এনে এটা ঘটনাই সংঘটিত হৈছে আমেৰিকাৰ ফ্ল’ৰিডাত।  দুবছৰীয়া এটি শিশুই ভুলবশতঃ নিজৰ পিতৃকে গুলীওৱা বুলি খবৰ ওলাইছে। শিশুটিৰ এই  গুলীত প্ৰাণ হেৰুৱায় পিতৃয়ে। তেওঁৰ বয়স ২৬ বছৰ।

এসপ্তাহ পূৰ্বে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কেঁচুৱাটোৰ মাতৃ মেৰী আয়লাই স্বামীক চিপিআৰ চিকিৎসা কৰি থকা অৱস্থাত উদ্ধাৰ কৰে। চিকিৎসালয়ত স্বামী ৰেগি মাব্ৰিক মৃত বুলি ঘোষণা কৰা হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে অনুমান কৰিছিল যে,  ২৬ বছৰীয়া ৰেগিয়ে আত্মহত্যা কৰিছিল। কিন্তু ৰেগিৰ ডাঙৰ পুত্ৰৰ কথাত ভুল ভাঙিল আৰক্ষীৰ। তেওঁ কয় যে তেওঁৰ সৰু ভায়েকে ভুলবশতঃ বন্দুকৰ ট্ৰিগাৰটো ঠেলি দিছিল। ফলত গুলীবিদ্ধ হৈছিল শিশুটিৰ পিতৃ। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২৬ মে’ত সংঘটিত হৈছিল এই ঘটনা।

আদালতৰ বিবৃতি অনুসৰি, এই পৰিয়ালটোৰ মুঠ সদস্যৰ সংখ্যা হৈছে পাঁচজন। পিতৃ-মাতৃৰ সৈতে তেওঁলোকৰ তিনিটা সন্তান আছে। মন কৰিবলগীয়া যে, সৰু শিশুটিৰ বয়স মাত্ৰ পাঁচ মাহ। ঘটনাটো সংঘটিত হোৱাৰ দিনা সকলো একেটা কোঠাতে আছিল। এটা বেগত আছিল আগ্নেয়াস্ত্ৰটো। মাটিত পৰি থকা বেগটো কোনেও লক্ষ্য কৰা নাছিল। দুবছৰীয়া সৰু শিশুটিয়ে হঠাত্‍ বেগটোৰ ফালে আগুৱাই আহে। শিশুটিৰ পিতৃয়ে ভিডিঅ’ গেম খেলি আছিল। শিশুটিয়ে ভুলতে বন্দুকৰ ট্ৰিগাৰত হেঁচা মাৰি ধৰিলে আৰু তাৰ পাছতে গুলীবিদ্ধ হয় তেওঁৰ পিতৃ।

জানিবলৈ পোৱা মতে, এই দম্পতীৰ বিৰুদ্ধে শিশুক অৱহেলা কৰা বা ড্ৰাগছ সেৱন কৰাৰ দৰে ভয়ানক অভিযোগ উত্থাপিত হৈছে। তদন্তৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে এই ঘটনাক গৰিহণা দি কয় যে, বন্দুকৰ মালিকসকলে যদি আগ্নেয়াস্ত্ৰ সঠিকভাৱে সুৰক্ষা নিদিয়ে তেন্তে তেওঁলোকৰ ঘৰত এনে ঘটনা সংঘটিত হৈয়ে থাকিব। বৰ্তমান এই তিনি সন্তানে অভিভাৱক অবিহনে দিন কটাব লাগিব। কাৰণ, পিতৃৰ মৃত্যুৰ উপৰি আদালতে তেওঁলোকৰ মাতৃক কাৰাগাৰত বন্দী কৰাৰো নিৰ্দেশ দিছে। কিন্তু আমেৰিকাত এনে ঘটনা নতুন কথা নহয়। ইয়াৰ পূৰ্বে ২০২১ চনত এটি দুবছৰীয়া শিশুৰ হাতত গুলীবিদ্ধ হৈছিল শিশুটিৰ মাতৃ।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ