--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৱে হাতৰ সন্মুখত থকা সকলো বস্তুকে খেলৰ সামগ্ৰী বুলি ভাবে আৰু সেই খেলৰ মাজতে ঘটে অঘটন, হৈ যায় দুৰ্ঘটনা।অলপতে, এনে এটা ঘটনাই সংঘটিত হৈছে আমেৰিকাৰ ফ্ল’ৰিডাত।  দুবছৰীয়া এটি শিশুই ভুলবশতঃ নিজৰ পিতৃকে গুলীওৱা বুলি খবৰ ওলাইছে। শিশুটিৰ এই  গুলীত প্ৰাণ হেৰুৱায় পিতৃয়ে। তেওঁৰ বয়স ২৬ বছৰ।

এসপ্তাহ পূৰ্বে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কেঁচুৱাটোৰ মাতৃ মেৰী আয়লাই স্বামীক চিপিআৰ চিকিৎসা কৰি থকা অৱস্থাত উদ্ধাৰ কৰে। চিকিৎসালয়ত স্বামী ৰেগি মাব্ৰিক মৃত বুলি ঘোষণা কৰা হয়। প্ৰথম অৱস্থাত আৰক্ষীয়ে অনুমান কৰিছিল যে,  ২৬ বছৰীয়া ৰেগিয়ে আত্মহত্যা কৰিছিল। কিন্তু ৰেগিৰ ডাঙৰ পুত্ৰৰ কথাত ভুল ভাঙিল আৰক্ষীৰ। তেওঁ কয় যে তেওঁৰ সৰু ভায়েকে ভুলবশতঃ বন্দুকৰ ট্ৰিগাৰটো ঠেলি দিছিল। ফলত গুলীবিদ্ধ হৈছিল শিশুটিৰ পিতৃ। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২৬ মে’ত সংঘটিত হৈছিল এই ঘটনা।

আদালতৰ বিবৃতি অনুসৰি, এই পৰিয়ালটোৰ মুঠ সদস্যৰ সংখ্যা হৈছে পাঁচজন। পিতৃ-মাতৃৰ সৈতে তেওঁলোকৰ তিনিটা সন্তান আছে। মন কৰিবলগীয়া যে, সৰু শিশুটিৰ বয়স মাত্ৰ পাঁচ মাহ। ঘটনাটো সংঘটিত হোৱাৰ দিনা সকলো একেটা কোঠাতে আছিল। এটা বেগত আছিল আগ্নেয়াস্ত্ৰটো। মাটিত পৰি থকা বেগটো কোনেও লক্ষ্য কৰা নাছিল। দুবছৰীয়া সৰু শিশুটিয়ে হঠাত্‍ বেগটোৰ ফালে আগুৱাই আহে। শিশুটিৰ পিতৃয়ে ভিডিঅ’ গেম খেলি আছিল। শিশুটিয়ে ভুলতে বন্দুকৰ ট্ৰিগাৰত হেঁচা মাৰি ধৰিলে আৰু তাৰ পাছতে গুলীবিদ্ধ হয় তেওঁৰ পিতৃ।

জানিবলৈ পোৱা মতে, এই দম্পতীৰ বিৰুদ্ধে শিশুক অৱহেলা কৰা বা ড্ৰাগছ সেৱন কৰাৰ দৰে ভয়ানক অভিযোগ উত্থাপিত হৈছে। তদন্তৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে এই ঘটনাক গৰিহণা দি কয় যে, বন্দুকৰ মালিকসকলে যদি আগ্নেয়াস্ত্ৰ সঠিকভাৱে সুৰক্ষা নিদিয়ে তেন্তে তেওঁলোকৰ ঘৰত এনে ঘটনা সংঘটিত হৈয়ে থাকিব। বৰ্তমান এই তিনি সন্তানে অভিভাৱক অবিহনে দিন কটাব লাগিব। কাৰণ, পিতৃৰ মৃত্যুৰ উপৰি আদালতে তেওঁলোকৰ মাতৃক কাৰাগাৰত বন্দী কৰাৰো নিৰ্দেশ দিছে। কিন্তু আমেৰিকাত এনে ঘটনা নতুন কথা নহয়। ইয়াৰ পূৰ্বে ২০২১ চনত এটি দুবছৰীয়া শিশুৰ হাতত গুলীবিদ্ধ হৈছিল শিশুটিৰ মাতৃ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ