--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে নামানে কোনো সীমনা। প্ৰেমত পৰিলে কোনো ভাগৰ নলগাকৈয়ে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰিব পাৰি। সেই কথাই যেন প্ৰমাণ কৰিলে এজন যুৱকে। স্কটলেণ্ডত বাস কৰা এজন যুৱক প্ৰেমত পৰে আমেৰিকাত বাস কৰা এগৰাকী যুৱতীৰ। প্ৰেয়সীক এবাৰ লগ পাবৰ বাবে, সন্মুখৰ পৰা চাবৰ বাবে ব্যাকুল হৈ উঠিল যুৱকজন। সেয়েহে তেওঁ প্ৰেমিকাক লগ পাবৰ বাবে স্কটলেণ্ডৰ পৰা ৭৫৬৩ কিলোমিটাৰ দূৰ ভ্ৰমণ কৰি আমেৰিকালৈ যাত্ৰা কৰে।
 ডেটিং এপ টিণ্ডাৰত দুয়ো দুয়োৰে চিনাকি হৈছিল। অনলাইন প্ৰেম কৰি মগন হোৱাৰ পাছত দুয়ো সিদ্ধান্ত ল’লে যে এদিন লগ কৰাটো ভাল হ’ব। এই স্কটিছ মানুহজনৰ নাম পেডী কেম্পবেল। তেওঁৰ প্ৰেমিকা হৈছে আমেৰিকাৰ বাসিন্দা ব্ৰীজেট কেলি। দুয়োৰে মাজত অনলাইন ৰোমাঞ্চ আৰম্ভ হোৱাৰ লগে লগে পেডীয়ে সিদ্ধান্ত লয় যে তেওঁ কেলিক লগ কৰিবলৈ যাব। তাৰপাছত কেলিক লগ কৰিবলৈ আমেৰিকৰ উইস্কনচিনলৈ আহে পেডী কেম্পবেল। দুয়োৰে ৪ মাহ ধৰি অনলাইন ৰোমাঞ্চ চলি আছিল। 

বিমানবন্দৰত ইজনে সিজনক লগ পোৱাৰ পিছত দুয়োজনে ইজনে সিজনলৈ চাই বহুত লাজ লাজ অনুভৱ কৰে। যি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ব্ৰীজেট কেলিয়ে প্ৰেমিকৰ সৈতে কটোৱা মূহুৰ্তবোৰ টিকটকত সকলোকে দেখুৱায়৷ ব্ৰীজেটে ভিডিঅ’বোৰত দেখুৱাইছে যে কেনেকৈ দুয়ো একেলগে এখন বিয়াত উপস্থিত আছিল, নাচিছিল, আমেৰিকান খাদ্য খাইছিল আৰু ব্লুজ বেণ্ড উপভোগ কৰিছিল। ইয়াৰপিছতে নেটিজেনসকলে দুয়োকে অভিনন্দন জনায়। এখিনি ধুনীয়া সময় বুকুত বান্ধি পুনৰ স্কটলেণ্ডলৈ যাত্ৰা কৰে পেডী কেম্পবেলে। এতিয়া ইজনে সিজনক লগ পাবলৈ দ্বিতীয় ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে প্ৰেমিক-প্ৰেমিকাহালে।
 ব্ৰীজেটে কৈছিল ‘‘আশাকৰোঁ অহাবাৰ মই স্কটলেণ্ডলৈ যাম। মই পেডীক বহুত মিছ কৰি আছো।’’ উল্লেখ্য যে পেডী কেম্পবেলৰ ২০২২ চনৰ জানুৱাৰী মাহত ক’ভিডৰ পাছত তেওঁৰ প্ৰেমিকাৰ সৈতে ব্ৰেকআপ হৈছিল। তাৰপিছত তেওঁ টিণ্ডাৰত যোগদান কৰে। আগতে কেতিয়াও তেওঁ ডেটিং এপ ব্যৱহাৰ কৰা নাছিল। এই ডেটিং এপতে তেওঁৰ নৱতম প্ৰেয়সী ব্ৰীজেট কেলিক লগ পাই অতি সুখী হৈ পৰিছে পেডী কেম্পবেল। পেডীয়ে কয় যে টিণ্ডাৰত অহাৰ কেইমাহমান পাৰ হৈ গ’ল, তাৰ পিছত তেওঁ ব্ৰীজেট কেলিৰ পৰা প্ৰথমে এটা মেছেজ পাইছিল। এই মেছেজৰ পৰাই দুয়োৰে মাজত বন্ধুত্ব আৰু লাহে লাহে প্ৰেম গঢ় লৈ উঠে। যি প্ৰেম কাহিনী এতিয়া চৰ্চিত হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ