--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমে নামানে কোনো সীমনা। প্ৰেমত পৰিলে কোনো ভাগৰ নলগাকৈয়ে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰিব পাৰি। সেই কথাই যেন প্ৰমাণ কৰিলে এজন যুৱকে। স্কটলেণ্ডত বাস কৰা এজন যুৱক প্ৰেমত পৰে আমেৰিকাত বাস কৰা এগৰাকী যুৱতীৰ। প্ৰেয়সীক এবাৰ লগ পাবৰ বাবে, সন্মুখৰ পৰা চাবৰ বাবে ব্যাকুল হৈ উঠিল যুৱকজন। সেয়েহে তেওঁ প্ৰেমিকাক লগ পাবৰ বাবে স্কটলেণ্ডৰ পৰা ৭৫৬৩ কিলোমিটাৰ দূৰ ভ্ৰমণ কৰি আমেৰিকালৈ যাত্ৰা কৰে।
 ডেটিং এপ টিণ্ডাৰত দুয়ো দুয়োৰে চিনাকি হৈছিল। অনলাইন প্ৰেম কৰি মগন হোৱাৰ পাছত দুয়ো সিদ্ধান্ত ল’লে যে এদিন লগ কৰাটো ভাল হ’ব। এই স্কটিছ মানুহজনৰ নাম পেডী কেম্পবেল। তেওঁৰ প্ৰেমিকা হৈছে আমেৰিকাৰ বাসিন্দা ব্ৰীজেট কেলি। দুয়োৰে মাজত অনলাইন ৰোমাঞ্চ আৰম্ভ হোৱাৰ লগে লগে পেডীয়ে সিদ্ধান্ত লয় যে তেওঁ কেলিক লগ কৰিবলৈ যাব। তাৰপাছত কেলিক লগ কৰিবলৈ আমেৰিকৰ উইস্কনচিনলৈ আহে পেডী কেম্পবেল। দুয়োৰে ৪ মাহ ধৰি অনলাইন ৰোমাঞ্চ চলি আছিল। 

বিমানবন্দৰত ইজনে সিজনক লগ পোৱাৰ পিছত দুয়োজনে ইজনে সিজনলৈ চাই বহুত লাজ লাজ অনুভৱ কৰে। যি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ব্ৰীজেট কেলিয়ে প্ৰেমিকৰ সৈতে কটোৱা মূহুৰ্তবোৰ টিকটকত সকলোকে দেখুৱায়৷ ব্ৰীজেটে ভিডিঅ’বোৰত দেখুৱাইছে যে কেনেকৈ দুয়ো একেলগে এখন বিয়াত উপস্থিত আছিল, নাচিছিল, আমেৰিকান খাদ্য খাইছিল আৰু ব্লুজ বেণ্ড উপভোগ কৰিছিল। ইয়াৰপিছতে নেটিজেনসকলে দুয়োকে অভিনন্দন জনায়। এখিনি ধুনীয়া সময় বুকুত বান্ধি পুনৰ স্কটলেণ্ডলৈ যাত্ৰা কৰে পেডী কেম্পবেলে। এতিয়া ইজনে সিজনক লগ পাবলৈ দ্বিতীয় ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে প্ৰেমিক-প্ৰেমিকাহালে।
 ব্ৰীজেটে কৈছিল ‘‘আশাকৰোঁ অহাবাৰ মই স্কটলেণ্ডলৈ যাম। মই পেডীক বহুত মিছ কৰি আছো।’’ উল্লেখ্য যে পেডী কেম্পবেলৰ ২০২২ চনৰ জানুৱাৰী মাহত ক’ভিডৰ পাছত তেওঁৰ প্ৰেমিকাৰ সৈতে ব্ৰেকআপ হৈছিল। তাৰপিছত তেওঁ টিণ্ডাৰত যোগদান কৰে। আগতে কেতিয়াও তেওঁ ডেটিং এপ ব্যৱহাৰ কৰা নাছিল। এই ডেটিং এপতে তেওঁৰ নৱতম প্ৰেয়সী ব্ৰীজেট কেলিক লগ পাই অতি সুখী হৈ পৰিছে পেডী কেম্পবেল। পেডীয়ে কয় যে টিণ্ডাৰত অহাৰ কেইমাহমান পাৰ হৈ গ’ল, তাৰ পিছত তেওঁ ব্ৰীজেট কেলিৰ পৰা প্ৰথমে এটা মেছেজ পাইছিল। এই মেছেজৰ পৰাই দুয়োৰে মাজত বন্ধুত্ব আৰু লাহে লাহে প্ৰেম গঢ় লৈ উঠে। যি প্ৰেম কাহিনী এতিয়া চৰ্চিত হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ