--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ মাজতে ৰাছিয়াৰ চৰকাৰী টিভি চেনেলে বুধবাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ  প্ৰেমিকা আলিনা কাবায়েভাৰ সন্মানত এক জিমনাষ্টিক উৎসৱৰ অনুষ্ঠান সম্প্ৰচাৰ কৰে। অনুষ্ঠানটো সম্প্ৰচাৰ কৰা  হৈছিল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ ১০০ সংখ্যাক দিনত প্ৰৱেশ কৰাৰ দিনত। কিন্তু এই উৎসৱক লৈ এতিয়া এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। খবৰ অনুসৰি, অলিম্পিক পদক জয়ী জিমনাষ্টিক খেলুৱৈ এলিনা কাবায়েভাৰ নামৰে এই উৎসৱৰ আয়োজন কৰা হৈছিল। এলিনা ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ প্ৰেমিকা হিচাপে ৰাছিয়াত পৰিচিত। চৰকাৰী সংবাদ মাধ্যমত উক্ত উৎসৱৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত ইয়াক লৈ ৰাছিয়াত বিতৰ্কৰ সুত্ৰপাত হৈছে।   

 

নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, 'ফেষ্টিভেল আলিনা' নামৰ এই অনুষ্ঠানটোত যোৱা মাহত অলিম্পিক চেম্পিয়নৰ হৈ অভিনয় কৰা হৈছিল, সেই অনুষ্ঠানটো বুধবাৰে ৰাছিয়া-১ চৰকাৰী চেনেলত প্ৰিমিয়াৰ হৈছিল। কাৰ্যসূচীটো আছিল শিশুসুৰক্ষাৰ বাবে আন্তৰ্জাতিক দিৱস উদযাপন কৰা। অনুষ্ঠানটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

 

ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ'টোত কোৱা হৈছিল যে উৎসৱটো আয়োজন কৰাত সামৰিক গান ব্যৱহাৰ কৰা হৈছিল। একে সময়তে, কাৰ্যসূচীটোৰ সৈতে জড়িত জিমনাষ্টিকসকলক ৰঙা পোছাকত নৃত্য কৰা দেখা গৈছিল।

 

এই অনুষ্ঠানত আলিনাই ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ প্ৰশংসা কৰে। এই সময়ছোৱাত, আলিনাই দ্বিতীয় বিশ্বযুদ্ধত নাজীসকলৰ বিৰুদ্ধে ছোভিয়েট বিজয় আৰু ইউক্ৰেইনৰ বৰ্তমানৰ যুদ্ধৰ মাজৰ সাদৃশ্যৰ বিষয়েও কৈছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?