--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • বঙাইগাঁও জিলাৰ এটা ব্যক্তিগত আৱাসিক ছোৱালী মাদ্ৰাছাত ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে মূল অভিযুক্ত আৰু দুজন ন্যাসৰক্ষী-শিক্ষককে ধৰি তিনিজনক গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰ ব্যাপক প্ৰতিবাদ আৰু অনুষ্ঠানটো বন্ধ কৰাৰ পিছত কৰা হৈছে।

বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলৰ মালেগাওঁস্থিত ইছাতুল উলুম মাদ্ৰাছাতুল বানাত নামৰ ব্যক্তিগত আৱাসিক ছোৱালী মাদ্ৰাছাখনত ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে মূল অভিযুক্তসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সন্দৰ্ভত সৃষ্টি হোৱা ব্যাপক উত্তেজনা আৰু প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে এই লোকসকলক আটক কৰে।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ যে, এই ঘটনাৰ মূল অভিযুক্ত আমিনুল ইছলামক শুকুৰবাৰে ডুমুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও, মাদ্ৰাছাখনৰ দুজন ন্যাসৰক্ষী সদস্য তথা শিক্ষক ক্ৰমে আব্দুল জব্বাৰ আৰু হজৰত আলীকো আৰক্ষীয়ে আটক কৰিছে। আব্দুল জব্বাৰক টিংকুনীয়াৰ পৰা আৰু হজৰত আলীক পিৰাধৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই চাৰিজন অভিযুক্তৰ বিৰুদ্ধে যোগীঘোপা আৰক্ষী থানাত ১০৯/২০২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

উল্লেখযোগ্য যে, যোৱা কেইদিনমানৰ পূৰ্বে ইছাতুল উলুম মাদ্ৰাছাতুল বানাত নামৰ এই মাদ্ৰাছাখনৰ এজন শিক্ষকে কেইবাগৰাকীও ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ক্ষুব্ধ অভিভাৱকসকলে যোগীঘোপা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে ৰাইজে মাদ্ৰাছাখনৰ চৌহদৰ একাংশ ভাঙি পেলায়। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হৈছিল আৰু তাৰ পিছতে প্ৰশাসনৰ দ্বাৰা মাদ্ৰাছাখনত ছীল মোহৰ লগোৱা হৈছিল। এই গ্ৰেপ্তাৰে ঘটনাৰ তদন্তত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি সূচনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ