--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ এদিনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক। ৩৩টাতকৈ অধিক ৰাজনৈতিক দলৰ ফ্লোৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হল প্ৰধানমন্ত্ৰী মোদী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সংসদৰ নেতা পীয়ুষ গোৱেল, আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও এই বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে, তেওঁ সংসদত ইতিবাচক আৰু গঠনমূলক আলোচনা অনুষ্ঠিত হোৱাৰ আশা কৰিছে। তেওঁ লগতে কয়, চৰকাৰে নিয়মৰ মাজেৰে সকলো বিষয় আলোচনা কৰিবলৈ ইচ্ছুক। এই বৈঠকত কংগ্ৰেছৰ হৈ বিৰোধী দলটোৰ ৰাজ্যসভা তথা লোকসভাৰ নেতা ক্ৰমে মল্লিকাৰ্জুন খৰ্গে আৰু অধীৰ ৰঞ্জন চৌধুৰীয়ে অংশ লয়। তৃণমূল কংগ্ৰেছৰ ডেৰেক ওব্ৰায়ান, ডিএমকেৰ তিৰুচী শিৱা, সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ, বিএছপিৰ সতীশ মিশ্ৰকে ধৰি ৩৩টাতকৈও অধিক ৰাজনীতিক দলৰ সংসদৰ সদস্যই ভাগ লয়। সংসদৰ এই অধিৱেশনত চৰকাৰে ৩০খনকৈ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে কোনো বিষয়ৰে আলোচনাৰ পৰা আঁতৰি নাথাকে বুলি আজিৰ বৈঠকত প্ৰকাশ কৰে। কাইলৈ সংসদৰ এই বৰ্ষাকালীন অধিৱেশন আৰম্ভ হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ