--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়সৰ ওপৰত ভিত্তি কৰি প্ৰেম নহয়। এই কথা প্ৰমাণ কৰিলে মিডিয়া সম্ৰাট ৰূপাৰ্ট মাৰ্ডকে। ৯২ বছৰ বয়সত বিয়া পাতিবলৈ ওলাইছে ৰূপাৰ্ট মাৰ্ডকে। 

বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে তেওঁ জুন মাহত নিজৰ প্ৰেমিকা এলিনা জুকোভাক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছে। ইয়াৰ আগতে মাৰ্ডকে চাৰিবাৰ বিবাহপাশত আবদ্ধ হৈছিল। 

ৰাছিয়াৰ কইনা এলিনা জুকোভা এগৰাকী অৱসৰপ্ৰাপ্ত বিজ্ঞানী। এলিনাৰ বয়স ৬৭ বছৰ। যোৱা এপ্ৰিল মাহত মাৰ্ডক আৰু এলিনাৰ সম্পৰ্কৰ খবৰ পোহৰলৈ আহিছিল। এই খবৰটো প্ৰকাশ পোৱাৰ মাত্ৰ চাৰি মাহৰ আগতে মাৰ্ডকে ৰেডিঅ’ পৰিচালক এন লেছলি স্মিথৰ সৈতে দুসপ্তাহজোৰা এংগেজমেণ্ট ভাঙি পেলাইছিল।

এই বিয়াখন কেলিফৰ্ণিয়াৰ তেওঁৰ মৰাগা আঙুৰৰ বাগিচাত অনুষ্ঠিত হ’ব। ইয়াৰ সৈতে জড়িত নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। 

অভিনেত্ৰী আৰু মডেল জেৰী হলৰ সৈতে চতুৰ্থবাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱাৰ ছয় বছৰৰ পাছত ২০২২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁ যোৱা বছৰ ছান ফ্ৰান্সিস্কো আৰক্ষীৰ প্ৰাক্তন চেপলিন এন লেছলি স্মিথৰ সৈতে বাগ্দান কৰিছিল। পাছে সেই সম্পৰ্ক আগনাবাঢ়িল।

তেওঁৰ আন প্ৰাক্তন পত্নীসকল হ’ল অষ্ট্ৰেলিয়াৰ বিমান পৰিচাৰিকা পেট্ৰিচিয়া বুকাৰ, স্কটিছত জন্মগ্ৰহণ কৰা সাংবাদিক আন্না মান, মিছ ডেং আৰু আমেৰিকান মডেল আৰু অভিনেত্ৰী জেৰী হল।

উল্লেখ্য যে ৰূপাৰ্ট মাৰ্ডকে ১৯৫০ চনত অষ্ট্ৰেলিয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৬৯ চনত তেওঁ ব্ৰিটেইনত নিউজ অৱ দ্য ৱৰ্ল্ড আৰু দ্য ছান কাকত ক্ৰয় কৰে, লগতে নিউয়ৰ্ক পোষ্ট আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলকে ধৰি কেইবাখনো আমেৰিকাৰ প্ৰকাশন ক্ৰয় কৰে। নিউজ কৰ্পৰ ৱাল ষ্ট্ৰীট জাৰ্নেল, ফক্স নিউজ আৰু স্কাই নিউজ অষ্ট্ৰেলিয়াকে ধৰি শ শ স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল নিউজ আউটলেটৰ লগতে কিতাপ প্ৰকাশক হাৰ্পাৰকলিন্সৰ মালিক ৰূপাৰ্ট মাৰ্ডক। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮.৯৬ আৰৱ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক