--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়সৰ ওপৰত ভিত্তি কৰি প্ৰেম নহয়। এই কথা প্ৰমাণ কৰিলে মিডিয়া সম্ৰাট ৰূপাৰ্ট মাৰ্ডকে। ৯২ বছৰ বয়সত বিয়া পাতিবলৈ ওলাইছে ৰূপাৰ্ট মাৰ্ডকে। 

বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে তেওঁ জুন মাহত নিজৰ প্ৰেমিকা এলিনা জুকোভাক বিয়া কৰাবলৈ পৰিকল্পনা কৰিছে। ইয়াৰ আগতে মাৰ্ডকে চাৰিবাৰ বিবাহপাশত আবদ্ধ হৈছিল। 

ৰাছিয়াৰ কইনা এলিনা জুকোভা এগৰাকী অৱসৰপ্ৰাপ্ত বিজ্ঞানী। এলিনাৰ বয়স ৬৭ বছৰ। যোৱা এপ্ৰিল মাহত মাৰ্ডক আৰু এলিনাৰ সম্পৰ্কৰ খবৰ পোহৰলৈ আহিছিল। এই খবৰটো প্ৰকাশ পোৱাৰ মাত্ৰ চাৰি মাহৰ আগতে মাৰ্ডকে ৰেডিঅ’ পৰিচালক এন লেছলি স্মিথৰ সৈতে দুসপ্তাহজোৰা এংগেজমেণ্ট ভাঙি পেলাইছিল।

এই বিয়াখন কেলিফৰ্ণিয়াৰ তেওঁৰ মৰাগা আঙুৰৰ বাগিচাত অনুষ্ঠিত হ’ব। ইয়াৰ সৈতে জড়িত নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। 

অভিনেত্ৰী আৰু মডেল জেৰী হলৰ সৈতে চতুৰ্থবাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱাৰ ছয় বছৰৰ পাছত ২০২২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁ যোৱা বছৰ ছান ফ্ৰান্সিস্কো আৰক্ষীৰ প্ৰাক্তন চেপলিন এন লেছলি স্মিথৰ সৈতে বাগ্দান কৰিছিল। পাছে সেই সম্পৰ্ক আগনাবাঢ়িল।

তেওঁৰ আন প্ৰাক্তন পত্নীসকল হ’ল অষ্ট্ৰেলিয়াৰ বিমান পৰিচাৰিকা পেট্ৰিচিয়া বুকাৰ, স্কটিছত জন্মগ্ৰহণ কৰা সাংবাদিক আন্না মান, মিছ ডেং আৰু আমেৰিকান মডেল আৰু অভিনেত্ৰী জেৰী হল।

উল্লেখ্য যে ৰূপাৰ্ট মাৰ্ডকে ১৯৫০ চনত অষ্ট্ৰেলিয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৬৯ চনত তেওঁ ব্ৰিটেইনত নিউজ অৱ দ্য ৱৰ্ল্ড আৰু দ্য ছান কাকত ক্ৰয় কৰে, লগতে নিউয়ৰ্ক পোষ্ট আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলকে ধৰি কেইবাখনো আমেৰিকাৰ প্ৰকাশন ক্ৰয় কৰে। নিউজ কৰ্পৰ ৱাল ষ্ট্ৰীট জাৰ্নেল, ফক্স নিউজ আৰু স্কাই নিউজ অষ্ট্ৰেলিয়াকে ধৰি শ শ স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল নিউজ আউটলেটৰ লগতে কিতাপ প্ৰকাশক হাৰ্পাৰকলিন্সৰ মালিক ৰূপাৰ্ট মাৰ্ডক। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৮.৯৬ আৰৱ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন