--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানত উঠাৰ আগতে তেওঁ প্ৰাৰ্থনা কৰিছিল যে সকলোৰে যাত্ৰা ভাল হওক। গতিকে এজন যাত্ৰীয়ে প্ৰয়োজনীয় নিয়ম মানি চলিলে। কিন্তু সেই প্ৰথাৰ বাবেই বিমানখন চাৰি ঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰিবলগা হ’ল। বুধবাৰে চীনৰ এটা বিমানবন্দৰত সংঘটিত হয় এই ঘটনা।

স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি বিমানখন সানয়াৰ বিমানবন্দৰৰ পৰা বেইজিং অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। স্থানীয় সময় অনুসৰি পুৱা ১০ বজাত এই বিমানখন অনুষ্ঠিত হোৱাৰ কথা। কিন্তু যাত্ৰীসকলে নিৰ্দিষ্ট সময়ৰ পিছতো বিমানৰ ভিতৰত বহু সময় অপেক্ষা কৰিবলগীয়া হয়। বিমানখনৰ যাত্ৰীসকল চিন্তিত হৈ পৰিল। পিছত বিমান পৰিচাৰিকাই জনোৱা মতে, যাত্ৰী এজনে ইঞ্জিনৰ ভিতৰত এটা মুদ্ৰা দলিয়াইছিল, যাতে যাত্ৰাটো শুভ হয়। এই ঘটনাটোৰ বাবেই বিমানখনৰ যাত্ৰা পলম হোৱা বুলি বিমান পৰিচাৰকসকলে জানিবলৈ দিয়ে।

ইঞ্জিনটো পৰীক্ষা কৰি মুদ্ৰাটো টছ কৰাৰ বাবে কিবা যান্ত্ৰিক দোষ হৈছে নেকি চোৱা হয়। যাত্ৰাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিমান সংস্থাৰ কৰ্মচাৰীসকলে সময় উলিয়াই সকলো পৰীক্ষা কৰে। এই সঁজুলি পৰীক্ষা কৰাৰ অন্তত নিৰ্ধাৰিত সময়ৰ চাৰি ঘণ্টাৰ পিছত দিনৰ ২:১৬ বজাত বেইজিংলৈ উৰা মাৰিবলৈ আৰম্ভ কৰে বিমানখনে।

বিমান সংস্থাটোৰ হৈ চীনৰ এটা বিশেষ ছ’চিয়েল মিডিয়াত এই ঘটনাৰ কথা উল্লেখ কৰি লিখিছে, “অশিক্ষিত মানুহৰ দৰে আচৰণ। এই অন্ধবিশ্বাসৰ ফলত কি ভয়ানক দুৰ্ঘটনা হ’ব পাৰিলেহেঁতেন সেয়া কল্পনাও কৰিব নোৱাৰি।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’