--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২৭ বছৰৰ এগৰাকী বঙালী যুৱতী এতিয়া ৯ হাজাৰ কোটি টকাৰ গৰাকী ।অতি কম বয়সতে এই অসম্ভৱক সম্ভৱ কৰি তুলিলে অংকিতি বসু নামৰ এগৰাকী যুৱতীয়ে মাত্ৰ ২১ লাখ টকাৰে এক ব্যৱসায় আৰম্ভ কৰি এতিয়া মাত্ৰ চাৰি বছৰতে সেই টকা ৯৮০০ কোটিলৈ বৃদ্ধি পাইছে

যেতিয়া এটা কোম্পানীৰ লেনদেন ১ বিলিয়ন ডলাৰ হয়, তেতিয়া ইয়াৰ নামকৰণ কৰা হয় ইউনিকৰ্ণ নামৰ এটা কাল্পনিক প্ৰাণীৰ নামেৰে। অংকিতিৰ ফেশ্বন ই-কমাৰ্চ কোম্পানীয়ে ইতিমধ্যে ইয়াক অধিগ্ৰহণ কৰিছে। ইউনিকৰ্ণ কোম্পানী এটাৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিৰ্বাচিত হোৱা অংকিতিয়েই আছিল আটাইতকৈ কম বয়সীয়া ভাৰতীয় মহিলা ।

বঙালী পৰিয়ালত জন্ম লাভ কৰিলেও অংকিতি বসু বংগৰ বাহিৰত ডাঙৰ-দীঘল হৈছিল। ২০১২ চনত তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা অৰ্থনীতি আৰু গণিত বিষয়ত অধ্যয়ন কৰে। ইয়াৰ পাছতে তেওঁ মাৰ্কিন কনসাল্টিং প্ৰতিষ্ঠান মেককিনজিৰ মুম্বাই শাখাত কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পাছত তেওঁ  আন এটা প্ৰতিষ্ঠান চেকুয়া কেপিটেলছৰ বেংগালুৰু কাৰ্যালয়ত যোগদান কৰে। তেত্ৰিশ বছৰ বয়সত তেওঁ বাংগালুৰুত চৌবিশ বছৰীয়া ধ্ৰুৱ কাপুৰৰ সৈতে মত বিনিময় কৰে।ধ্ৰুৱে আই আই টি গুৱাহাটীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গেমিং ষ্টুডিঅ’ কিউয়ি আইএনসি (IQIYI Inc) ত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল।

চাকৰি এৰি নিজৰ কিবা এটা কৰাৰ সপোন দুয়োৰে আছিল। প্ৰথমে তেওঁলোকে ই-কমাৰ্চ চাইট এটা খোলাৰ কথা ভাবিলে। কিন্তু ভাৰতত ফ্লিপকাৰ্ট, আমাজনৰ দৰে বৃহৎ কোম্পানীয়ে ইতিমধ্যে ভাৰতত থিতাপি লৈছিল । তেওঁলোকে বুজি পালে যে তেওঁলোকে তেনে কোম্পানীৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে। কিন্তু সকলো চিন্তা-চৰ্চাৰ মাজতে তেওঁলোকৰ কোম্পানী সম্পৰ্কীয় চিন্তাধাৰা অব্যাহত ৰাখিলে।

সেই বছৰেই বেংকক ভ্ৰমণ কৰি থাকোঁতে অংকিতিৰ চকু মেলিছিল তাত থকা চাটুচক বজাৰত প্ৰৱেশ কৰি ।তেওঁ লক্ষ্য কৰিলে স্থানীয় ডিজাইনাৰসকলে বনোৱা কাপোৰ, জোতা, বেগ আৰু আনুষংগিক সামগ্ৰী। তেওঁ উপলব্ধি কৰে যে ভাষাৰ বাধাৰ বাবে স্থানীয় ব্যৱসায়ীসকলে বাহিৰৰ মানুহক সেইবোৰ যোগাযোগ কৰাটো সম্ভৱ নহয়। তেতিয়াই মনলৈ আহিল ধাৰণাটো। ঘৰলৈ উভতি আহি ধ্ৰুৱৰ সৈতে সেই সম্পৰ্কে কথা পাতে অংকিতিয়ে। চাকৰি এৰি ২১ লাখ টকাৰ মূলধনেৰে দুয়োয়ে কাম আৰম্ভ কৰে।

জিলিংগো হৈছে এক প্ৰযুক্তিৰ মঞ্চ যিয়ে উদ্ভাৱনীমূলক বাণিজ্যিক সমাধানৰ সৈতে বিশ্বৰ যোগান শৃংখলক শক্তিশালী কৰে। বসু আৰু ধ্ৰুৱ কাপুৰে ২০১৫ চনত দায়িত্বশীল আৰু কাৰ্যক্ষম ব্যৱসায় সকলোৰে হাতৰ মুঠিত ৰখাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰিছিল। যাৰ ফলস্বৰুপে জন্ম হয় জিলিংগো নামৰ এখন ফেশ্বন আৰু লাইফষ্টাইলৰ বজাৰ।

অংকিতি আৰু ধ্ৰুৱে একত্ৰিত হৈ প্ৰযুক্তি ব্যৱহাৰ কৰি সমাধান কৰিব পৰা যাব বুলি তেওঁলোকে বিশ্বাস কৰা , দক্ষিণ-পূব এছিয়াৰ খুচুৰা, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰিৱেশৰ সমস্যা সমাধান কৰিলে ।ইয়াৰ ফলত জন্ম হয় জিলিংগো নামৰ এখন ফেশ্বন আৰু লাইফষ্টাইলৰ বজাৰ।

কিন্তু যাত্ৰা সহজ নাছিল। বজাৰ গৱেষণা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকক প্ৰায় এবছৰ সময় লাগিল। বেংককৰ বজাৰসমূহ ভ্ৰমণ কৰা ব্যৱসায়ীসকলৰ মাজত অনলাইন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ গঢ়ি তুলি অংকিটিয়ে কাম আৰম্ভ কৰিছিল। বঙাইগাঁওত থাকি ধ্ৰুৱই কাৰিকৰী দিশটো চম্ভালিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে সমগ্ৰ দক্ষিণ এছিয়াৰ বজাৰ দখল কৰিবলৈ আগ্ৰহী আছিল।

তেওঁলোকৰ কামৰ মানদণ্ড ইমানেই উন্নত আছিল যে যোৱা চাৰি বছৰত জিলিংগোৱে ছিংগাপুৰ, ফিলিপাইনছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, টাইৱান, চীন, কোৰিয়া আৰু কম্বোডিয়াৰ বজাৰ দখল কৰাত সফল হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াতো আৰম্ভ হৈছে লেনদেন। এসময়ত চেকুয়াৰ কৰ্মচাৰী অংকিটিয়েও জিলিংগোত ২২৬ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। ছিংগাপুৰৰ তামছেক হোল্ডিং প্ৰাইভেট লিমিটেডৰ হাতত আছে এই বিনিয়োগ। এই মুহূৰ্তত জিলিংগোৰ চিইঅ’ হৈছে অংকিটি। তেওঁ ছিংগাপুৰত থকা কোম্পানীটোৰ মুখ্য কাৰ্যালয় পৰিচালনা কৰিছিল। বঙাইগাঁওত ধ্ৰুৱৰ নেতৃত্বত আছে ১০০ জন শ্ৰমিক। তেওঁ বৰ্তমান কোম্পানীটোৰ মুখ্য প্ৰযুক্তি বিষয়া (CTO)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ