--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএতিয়া প্ৰযুক্তিৰ যুগ। প্ৰযুক্তিৰ যুগত ডিজিটেল বিশ্বত হোৱা সামান্য ভুল একোটায়ো বহুতৰে ব্যক্তিগত তথ্যকে ধৰি আন বহু বিষয় ফাদিল কৰি দিব পাৰে। যিবোৰ তথ্যৰ অপব্যৱহাৰ কৰি দুষ্ট চক্ৰই বহুতকে বিপদতো পেলাব পাৰে। তেনে এক ঘটনাই ঘটিছে চীনত।

হয়তো অসচেতনতাৰ বাবেই বাবেই চীনৰ এক বিলিয়নতকৈও অধিক লোকৰ সংবেদনশীল ব্যক্তিগত তথ্য এটা চৰকাৰী সংস্থাৰ পৰা লিক হৈ পৰা বুলি অভিযোগ উঠিছে। ডাৰ্ক ৱেবত ১০  বিটকইনৰ বিনিময়ত তেনে তথ্যসমূহ  বিক্ৰীৰ হোৱাৰো অভিযোগ উঠিছে।

 ক্ৰিপ্টোকাৰেন্সী এক্সচেঞ্জ বিনেন্সৰ মুখ্য কাৰ্যবাহী বিষয়া চাংপেং ঝাওৱে টুইটত কৈছে  যে তেওঁলোকৰ প্ৰযুক্তিয়ে  ডাৰ্ক ৱেবত বিক্ৰীৰ বাবে সাজু কৰা ১ বিলিয়ন তথ্য চিনাক্ত কৰিছে। "ইয়াত এছিয়াৰ এখন দেশৰ নাম, ঠিকনা, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ, মোবাইল, আৰক্ষী আৰু চিকিৎসা সম্পৰ্কীয় ৰেকৰ্ড অন্তৰ্ভুক্ত হৈ আছে।

 এটা চৰকাৰী সংস্থাৰ দ্বাৰা এনে তথ্য ফাদিল  সম্ভাৱনা আছে,"। তথ্য ফাদিল হোৱাৰ  ইয়াৰ প্ৰভাৱ হেকাৰ চিনাক্তকৰণ/প্ৰতিৰোধ ব্যৱস্থা, একাউণ্ট অধিগ্ৰহণৰ বাবে ব্যৱহৃত ম'বাইল নম্বৰ আদিৰ ওপৰত পৰিব বুলিও তেওঁ কয়।   সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে এই লিক হোৱা তথ্যবোৰ চীনা নাগৰিকৰ হ'ব পাৰে ।

কিয়নো এটা  হেকিং ফ'ৰামে  ১০ বিলিয়ন চীনা নাগৰিকৰ বাবে ২৩টিবি ডাটাবেচ বিক্ৰী কৰা বুলি দাবী কৰিছে। এই তথ্য ছাংহাই নেচনেল পুলিচৰ  ডাটাবেছৰ পৰা লিক কৰা হ'ব পাৰে, যদিও চীনৰ চৰকাৰে এতিয়াও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। 

উল্লেখ্য ভাৰততো কোভিডৰ তথ্য চুৰি হোৱা বুলি বহু অভিযোগ উঠি আহিছে৷

এনে তথ্য ফাদিল হোৱাৰ ফলত লোক এজনে ক’ত থাকে, তেওঁৰ পেছা, বয়স কিমান কি তথ্য বোৰ ৰাজহুৱা হৈ পৰিব পাৰে৷ তেনে তথ্যৰ আধাৰতে দুষ্ট চক্ৰই নানান অপকৰ্ম সংঘটিত কৰিব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি