--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিশেষ গাড়ীয়ে এতিয়া ছ’চিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ গাড়ী খনৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেলো হৈ পৰিছে৷ গাড়ী খন কোনো ৰজা-মহাৰজাই ব্যৱহাৰ কৰা গাড়ী নহয়, গাড়ী খন হৈছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা  তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ গাড়ী৷ 

আমেৰিকাত তালিবানে সংঘটিত কৰা বিধ্বংসী ৯/১১ কাণ্ডৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই মোল্লা ওমৰক ধৰিবলৈ আফগানিস্তানত পিয়াপি দিছিল৷ সেই সময়তে তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰে ব্যৱহাৰ কৰা  তেওঁৰ অতিকৈ মৰমৰ গাড়ীখন পূৱ আফগানিস্তানত  মাটিৰ তলত  পুতি থৈছিল৷ 

প্ৰায়  দুই দশকৰো অধিক সময় ধৰি সমাধিস্থ হৈ থকা গাড়ী খন এতিয়াও সুন্দৰ অৱস্থাতে আছে৷  বগা টয়োটা কৰোলাটো গাড়ীখন আফগানিস্তানৰ  জাবুল প্ৰদেশৰ এখন গাঁৱত তালিবানৰ প্ৰাক্তন নেতা আব্দুল জব্বাৰ ওমাৰিয়ে পুতি থৈছিল৷ গাড়ীখনৰ কথা হয়তো তালিবানৰে বহুতে পাহৰি পেলাইছিল৷ কিন্তু কথাষাৰ মনত আছিল গাড়ী খন পুতি থোৱা আব্দুল জব্বাৰ ওমাৰিৰ৷ কাৰণ তেওঁ নিজেই  গাড়ী খন পুতি থৈছিল৷

 আফগানিস্তান এতিয়া তালিবানৰ দখলত৷  সেয়ে তালিবান নেতা আব্দুল জব্বাৰ ওমাৰিয়ে  গাড়ী খন  পুতি থোৱা স্থানৰ পৰা খান্দি উলিয়াবলৈ নিৰ্দেশ দিছে৷ সেইমৰ্মে  গাড়ী খন  মাটিৰ তলৰ পৰা খান্দি উলিওৱা হৈছে৷ জাবুল প্ৰদেশৰ তথ্য আৰু সংস্কৃতি সঞ্চালক ৰহমতুল্লাহ হাম্মাদে কয় "গাড়ী খন  এতিয়াও ভাল অৱস্থাত আছে, কেৱল ইয়াৰ সন্মুখভাগ অলপ ক্ষতিগ্ৰস্ত হৈছে," ।   

তালিবানে গাড়ীখন ৰাজধানী কাবুলৰ  ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত "মহান ঐতিহাসিক স্মাৰক" হিচাপে সংৰক্ষণ কৰিব বুলি  হাম্মাদে জানিবলৈ দিছে।  মোল্লা ওমৰে ১৯৯৬ চনত এক ৰক্তক্ষয়ী গৃহযুদ্ধৰ পিছত কঠোৰপন্থী তালিবানৰ জন্ম দিছিল৷তালিবানে  ইছলামিক আইনৰ কঠোৰ প্ৰয়োগ জনতাৰ ওপৰত  জাপি দিছিল। 

মোল্লা ওমৰে টয়োটা কৰোলা বাহন খনেৰে আফগানিস্তানৰ বিভিন্ন স্থান ঘূৰি-ফুৰি তালিবানক শক্তিশালী কৰি তুলিছিল৷  ২০১৩ চনত মোল্লা ওমৰৰ মৃত্যু হৈছিল যদিও  তালিবানে সেই কথা  কেইবা বছৰ ধৰি গোপনে ৰাখিছিল। শেহতীয়াকৈ তালিবানে আফগানিস্তানৰ নিৰ্বাচিত চৰকাৰ খনক ওফৰাই নিজৰ শাসন প্ৰৱৰ্তন কৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি