--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কর্ম সংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ গৈছে। কিন্তু বহিঃৰাজ্যতো তেওঁলোক নিৰাপদ নহয়।

ডিজিটেল ডেস্ক : অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা কিমান। ইয়াকে লৈ বিভিন্ন সময়ত বিভিন্ন চর্চা চলি থকাৰ সময়তে কালি ৰাজ্য চৰকাৰে বিধানসভাত ঘোষণা কৰিছে যে ৰাজ্যত যোৱা ৩০ জুনলৈকে পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা হৈছে ১৫,৪৩,৩৫০জন। এনে পৰিস্থিতিত কর্ম সংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ গৈছে। কিন্তু বহিঃৰাজ্যতো তেওঁলোক নিৰাপদ নহয়। 


প্রতিদিনেই বহিঃৰাজ্যত মৃত্যু হৈছে অসমীয়া যুৱক-যুৱতীৰ। খোদ ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ তথ্য মতে, ২০২৫ চনৰ ১ অক্টোবৰ পৰা আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত যোৱা ১ জুলাইলৈকে বহিঃৰাজ্যত কৰ্মৰত ৩৫৪জন বিভিন্ন ৰোগ আৰু পথ দুর্ঘটনাত পতিত শ্রমিক আৰু অধ্যয়নৰত ছাত্ৰৰ মৃতদেহ গৃহ ৰাজ্যলৈ চৰকাৰী খৰচত অনা হৈছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে বহিঃৰাজ্যলৈ যোৱা অসমৰ লোকসকলৰ অৱস্থা কি? 


ইফালে ৰাজ্যখনত থকা পঞ্জীয়নভুক্ত শ্ৰমিকৰ সংখ্যা হৈছে ৭৮,৭৩,৬৫৮জন। ইয়াৰ ভিতৰত কাৰিকৰীভাৱে অক্ষম তথা অদক্ষ শ্রমিকৰ দৈনিক মজুৰি হৈছে ৪০৫.৫২ টকা। একেদৰে সাধাৰণভাৱে দক্ষ শ্রমিকে ৪৭১.৪৪ টকা। কাৰিকৰীভাৱে দক্ষ শ্রমিক, কেৰাণী শ্রমিকে ৫৮৯.৩৪ টকা, কাৰিকৰীভাৱে অতি দক্ষ শ্রমিকে ৭৫৮.০৮ টকা লাভ কৰি আহিছে। আনহাতে, ঠিকাদাৰৰ দ্বাৰা নিয়োজিত শ্রমিকসকলৰ বাবে দৈনিক মজুৰি হৈছে ক্ৰমে কাৰিকৰীভাৱে অক্ষম, অদক্ষ শ্রমিকৰ ৩৯৫.০০ টকা, সাধাৰণভাৱে দক্ষ শ্রমিকৰ ৪৫৮.০ টকা, কাৰিকৰীভাৱে দক্ষ শ্রমিক, কেৰাণী শ্ৰমিকৰ ৫৫৩.০০ টকা, কাৰিকৰীভাৱে দক্ষ শ্রমিক, নন আই টি আইৰ ৫৮৫.০০ টকা, কাৰিকৰীভাৱে অতি দক্ষ শ্ৰমিকৰ দৈনিক মজুৰি হৈছে ৭২৭.০০ টকা। 


কালি সদনত এই তথ্য প্রকাশ কৰিছে শ্রম কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। কিন্তু তেওঁ নিজৰ বিভাগৰ অধীনত শ্রমিকসকলক নিজা ৰাজ্যত নিয়োজিত কৰাৰ বাবে কোনো আঁচনি বা ব্যৱস্থা নাই বুলিহে প্রকাশ কৰিছে।

 উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী