--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কর্ম সংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ গৈছে। কিন্তু বহিঃৰাজ্যতো তেওঁলোক নিৰাপদ নহয়।

ডিজিটেল ডেস্ক : অসমত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা কিমান। ইয়াকে লৈ বিভিন্ন সময়ত বিভিন্ন চর্চা চলি থকাৰ সময়তে কালি ৰাজ্য চৰকাৰে বিধানসভাত ঘোষণা কৰিছে যে ৰাজ্যত যোৱা ৩০ জুনলৈকে পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা হৈছে ১৫,৪৩,৩৫০জন। এনে পৰিস্থিতিত কর্ম সংস্থাপন বিচাৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ গৈছে। কিন্তু বহিঃৰাজ্যতো তেওঁলোক নিৰাপদ নহয়। 


প্রতিদিনেই বহিঃৰাজ্যত মৃত্যু হৈছে অসমীয়া যুৱক-যুৱতীৰ। খোদ ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ তথ্য মতে, ২০২৫ চনৰ ১ অক্টোবৰ পৰা আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত যোৱা ১ জুলাইলৈকে বহিঃৰাজ্যত কৰ্মৰত ৩৫৪জন বিভিন্ন ৰোগ আৰু পথ দুর্ঘটনাত পতিত শ্রমিক আৰু অধ্যয়নৰত ছাত্ৰৰ মৃতদেহ গৃহ ৰাজ্যলৈ চৰকাৰী খৰচত অনা হৈছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে বহিঃৰাজ্যলৈ যোৱা অসমৰ লোকসকলৰ অৱস্থা কি? 


ইফালে ৰাজ্যখনত থকা পঞ্জীয়নভুক্ত শ্ৰমিকৰ সংখ্যা হৈছে ৭৮,৭৩,৬৫৮জন। ইয়াৰ ভিতৰত কাৰিকৰীভাৱে অক্ষম তথা অদক্ষ শ্রমিকৰ দৈনিক মজুৰি হৈছে ৪০৫.৫২ টকা। একেদৰে সাধাৰণভাৱে দক্ষ শ্রমিকে ৪৭১.৪৪ টকা। কাৰিকৰীভাৱে দক্ষ শ্রমিক, কেৰাণী শ্রমিকে ৫৮৯.৩৪ টকা, কাৰিকৰীভাৱে অতি দক্ষ শ্রমিকে ৭৫৮.০৮ টকা লাভ কৰি আহিছে। আনহাতে, ঠিকাদাৰৰ দ্বাৰা নিয়োজিত শ্রমিকসকলৰ বাবে দৈনিক মজুৰি হৈছে ক্ৰমে কাৰিকৰীভাৱে অক্ষম, অদক্ষ শ্রমিকৰ ৩৯৫.০০ টকা, সাধাৰণভাৱে দক্ষ শ্রমিকৰ ৪৫৮.০ টকা, কাৰিকৰীভাৱে দক্ষ শ্রমিক, কেৰাণী শ্ৰমিকৰ ৫৫৩.০০ টকা, কাৰিকৰীভাৱে দক্ষ শ্রমিক, নন আই টি আইৰ ৫৮৫.০০ টকা, কাৰিকৰীভাৱে অতি দক্ষ শ্ৰমিকৰ দৈনিক মজুৰি হৈছে ৭২৭.০০ টকা। 


কালি সদনত এই তথ্য প্রকাশ কৰিছে শ্রম কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। কিন্তু তেওঁ নিজৰ বিভাগৰ অধীনত শ্রমিকসকলক নিজা ৰাজ্যত নিয়োজিত কৰাৰ বাবে কোনো আঁচনি বা ব্যৱস্থা নাই বুলিহে প্রকাশ কৰিছে।

 উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী