--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বাস্তাৰ অঞ্চলৰ ছুকমা জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত শনিবাৰে ১১গৰাকী মহিলা কেডাৰসহ ১৭ মাওবাদী নিহত হয়। এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ ৪জন জোৱানো আহত হয়। অৱশ্যে আহত জোৱানসকল বিপদমুক্ত।

আজি সংঘর্ষত নিহত এজন মাওবাদীক জগদীশ ওৰফে বুধৰা বুলি চিনাক্ত কৰা হৈছে। ২০১৩ চনত ঝীৰমত কংগ্ৰেছ নেতা মহেন্দ্র কর্মাকে ধৰি কমেও ২৫ গৰাকী লোকৰ হত্যাকাণ্ডত বুধৰা জড়িত আছিল। বাস্তাৰ অঞ্চলৰ আৰক্ষীৰ মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জনোৱা মতে মাওবাদীৰ উপস্থিতিৰ খবৰ পাই কেন্দ্ৰীয় সংৰক্ষিত বাহিনী (চিআৰপিএফ) আৰু ডিস্ট্রিক্ট ৰিজার্ভ গার্ড (ডিআৰজি)ৰ এটা যুটীয়া দলে কেৰলাপাল অঞ্চলত মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰোঁতেই পুৱা ৮ মান বজাত সংঘৰ্ষ আৰম্ভ হয়। 

পাছত যুটীয়া দলটোৱে মাওবাদীৰ মৃতদেহবোৰ উদ্ধাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ জব্দ কৰে। এইবোৰৰ ভিতৰত আছে  এ কে ৪৭, ছেল্ল্ফ ল'ডিং ৰাইফল, ৰকেট লান্সাৰ, খ্ৰী নট খ্ৰী ৰাইফল আৰু বেৰেল গ্রেনেড লান্সাৰ। আনহাতে নিৰাপত্তা বাহিনীয়ে ১৭জন মাওবাদীক হত্যা কৰাৰ পাছত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কয়, 'অস্ত্র লৈ থকাসকলক মই কওঁ যে অস্ত্ৰ আৰু হিংসাই পৰিৱৰ্তন আনিব নোৱাৰে, কেৱল শান্তি আৰু উন্নয়নেহে পাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ