ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ
ঘোষণা অনুসৰি যোৱা ১ জুলাইৰ পৰা ভাৰতবৰ্ষত নিষিদ্ধ কৰা হ’ল একক
ব্যৱহাৰযোগ্য প্লাষ্টিকৰ উৎপাদন, আমদানি আৰু বিতৰণ৷ নিঃসন্দেহে এয়া এক প্ৰশংসনীয় পদক্ষেপ৷
কিন্তু বাস্তৱ ক্ষেত্ৰত এই পদক্ষেপ কিমান ফলপ্ৰসূ হৈছে সেয়াও বিচাৰ কৰি চোৱাৰ প্ৰয়োজন
আছে৷
যদিও আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট, প্লাষ্টিক সমগ্ৰ মানৱ সভ্যতাৰ বাবে এক ভাবুকিস্বৰূপ৷ প্লাষ্টিকৰ ব্যৱহাৰে এফালে আমাৰ দৈনন্দিন কাম-কাজসমূহ সুচল কৰি তুলিছে। আনফালে সৃষ্টি কৰিছে নানান সমস্যাৰো৷ গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী সৃষ্টিৰো অন্যতম কাৰক হৈছে-প্লাষ্টিক৷ বন্ধ পানী ওলাই যোৱা নলা-নৰ্দমাসমূহ প্লাষ্টিকৰ পেকেট, পলিথিন জমা হৈ বন্ধ হৈ পৰাৰ ফলত এজাক বৰষুণতেই সাগৰসদৃশ হৈ মহানগৰীৰ বহু অঞ্চল৷
ইয়াৰ পূৰ্বেও বহুবাৰ ভাৰতত প্লাষ্টিক নিষিদ্ধ কৰা হৈছিল৷ কিন্তু প্ৰতিবাৰেই বিফল হৈছে ভাৰত চৰকাৰ৷ অৱশ্যে এইক্ষেত্ৰত চৰকাৰেই দায়ী বুলিব পাৰি৷ কাগজ-কলমৰ ঘোষণাৰ বাহিৰে বাস্তৱসন্মত নীতি গ্ৰহণৰ প্ৰতি চৰকাৰৰ কোনোধৰণৰ আগ্ৰহ নাই। ফলত প্ৰতিবাৰেই ঘোষণাৰ কিছুদিনৰ পাছতেই পুনৰ আৰম্ভ হয় প্লাষ্টিকৰ ব্যৱহাৰ৷
জনসাধাৰণৰ অভ্যাস পৰিৱৰ্তন হ’লেহে প্লাষ্টিক নিষিদ্ধকৰণৰ ঘোষণা সফল হ’ব৷ আমি অতীজৰে পৰা প্লাষ্টিক ব্যৱহাৰত অভ্যস্ত৷ গতিকে মাত্ৰ এটা ঘোষণাই এই অভ্যাস সলনি কৰাটো সহজ নহয়৷ আনহাতে, এইক্ষেত্ৰত চৰকাৰেও কোনো ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷
নিষিদ্ধ ঘোষণা কৰাৰ পাছতো অসমৰ
বিভিন্ন প্ৰান্তত এতিয়াও পূৰ্বৰ দৰেই প্লাষ্টিক ব্যৱহাৰ হৈয়েই আছে৷ বৃহৎ ব্যৱসায়ীসকলৰ
পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ বাবে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰে৷
পদপথৰ ব্যৱসায়ীসকলৰ মাজতো প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট৷ ইয়াৰ মূল কাৰণ হৈছে বিকল্প সামগ্ৰীৰ
অভাৱ৷ চৰকাৰে প্লাষ্টিক নিষিদ্ধকৰণৰ পূৰ্বে বজাৰত বিকল্প সামগ্ৰীসমূহ সুলভ কৰা প্ৰয়োজন
আছিল৷ সমান্তৰালভাৱে প্লাষ্টিক সামগ্ৰীৰ তুলনাত আন বিকল্প সামগ্ৰীসমূহ ব্যয়বহুল৷ গতিকে
জনসাধাৰণৰ প্লাষ্টিক ব্যৱহাৰৰ অভ্যাস সলনি
নোহোৱাটো স্বাভাৱিক৷ সেয়ে চৰকাৰে কিছুদিনলৈ বিকল্প সামগ্ৰীসমূহ পৰাপক্ষত বিনামূলীয়াকৈ
অথবা সুলভ মূল্যত যোগান ধৰা উচিত৷ যি সময়ত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি
কৰিব লাগিছিল সেই সময়ত মাত্ৰ এটা ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে!
প্লাষ্টিক নিষিদ্ধকৰণ বিকল্প সামগ্ৰী উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে এক নতুন সুযোগ হ’ব পাৰে৷ চৰকাৰে এনে প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰা উচিত৷ লগতে কাপোৰ, মৰাপাট আদিৰে দৈনন্দিন সামগ্ৰীসমূহ তৈয়াৰ কৰিও বহুতে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ এইসকলকো বাট দেখুৱাবলৈ চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা উচিত৷
জনসাধাৰণৰ মাজত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হৈছে যদিও প্লাষ্টিক উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই! উল্লেখযোগ্য যে ভাৰতবৰ্ষত প্ৰায় ২৫,০০০টা প্লাষ্টিক উৎপাদনকাৰী উদ্যোগ আছে আৰু তিনি মিলিয়ন শ্ৰমিক এই উদ্যোগ সমূহত নিয়োজিত হৈ আছে৷ প্লাষ্টিক নিষিদ্ধকৰণৰ লগে লগে নিৱনুৱা হ’ব পৰা এই শ্ৰমিক সকলৰ সংস্থাপনৰ বাবেও চৰকাৰে কোনো কাৰ্যপন্থা হাতত লোৱা নাই৷
একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধকৰণৰ বাবে চৰকাৰ কঠোৰ হোৱা উচিত৷ প্ৰয়োজন সাপেক্ষে এনে প্লাষ্টিক ব্যৱহাৰ কৰিলে ক্ষতিপূৰণ লোৱাৰ ব্যৱস্থা কৰিব লাগে৷ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ প্ৰয়োজন কিছু দীৰ্ঘম্যাদী আঁচনিৰ৷ কিন্তু চৰকাৰে কি আঁচনি গ্ৰহণ কৰিছে সেই বিষয়ে হয়তো কোনো জ্ঞাত নহয়। চৰকাৰ জনসাধাৰণৰ মাজলৈ যোৱা উচিত৷ জনতাৰ সাম্ভাৱ্য সুবিধা-অসুবিধাসমূহৰ উমান লৈহে সিদ্ধান্ত লোৱা উচিত৷ অন্যথা কাগজ-কলমৰ ঘোষণাসমূহ ‘কাগজৰ বাঘ’ হৈয়ে ৰ’বগৈ!