--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা। ২ বছৰীয়া ভায়েকৰ মৃতদেহ কোলাত লৈ গছৰ তলত বহি থাকিল এটি ৪ বছৰীয়া শিশু। নাহিল এম্বুলেন্স। মধ্যপ্ৰদেশৰ মুৰেনাত সংঘটিত হৈছে এক অতি শোকাৱহ ঘটনা। ৪ বছৰীয়া এটি শিশুৱে এজোপা গছৰ তলত নিজৰ ২ বছৰীয়া ভায়েকৰ মৃতদেহ কোলাত লৈ বহি আছিল। সেই সময়ত মৃত পুত্ৰৰ মৃতদেহ ঘৰলৈ নিবলৈ এম্বুলেন্স বিচাৰি হাবাথুৰি খাই আছিল পিতৃ। ৰাস্তাৰ দাঁতিত মৃতদেহটো লৈ বহি থকা কণমানি শিশুটিক দেখি বহুলোক সেই স্থানত জমা হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। 

ঘটনাটো মুৰেনা জিলাৰ আম্বাহৰ বদফৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি পূজাৰাম জাটাভৰ দুবছৰীয়া পুত্ৰ ৰাজাৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে। প্ৰথম অৱস্থাত পুজাৰামে ঘৰতে পুত্ৰক সুস্থ কৰিবলৈ চেষ্টা কৰিছিল যদিও পেটৰ বিষ অসহ্যকৰ হৈ পৰাত শিশুটিক মৰেনা জিলা চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ ডাঙৰ পুত্ৰ গুলচনো পূজাৰামৰ সৈতে চিকিৎসালয়লৈ গৈছিল। দুখৰ বিষয় যে মৰেনা জিলা চিকিৎসালয়ত মৃত্যু হয় কণমানি ৰাজাৰ। দৰিদ্ৰ আৰু অসহায় পূজাৰামে চিকিৎসালয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল যে মৃতদেহটো পুনৰ নিজৰ গাঁৱলৈ লৈ যাবলৈ যাতে এম্বুলেন্সৰ ব্যৱস্থা কৰিব দিয়ে কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই দৰিদ্ৰ পিতৃজনৰ অনুৰোধক একেবাৰতে নাকচ কৰে। চিকিৎসালয় কৰ্তৃপক্ষই এম্বুলেন্স নাকচ কৰাৰ পিছতে লোকজনে শিশুটিৰ মৃতদেহ লৈ চিকিৎসালয়ৰ পৰা ওলাই আহি ৰাস্তাত বহিছিল।

পূজাৰাম জাটাভে চিকিৎসালয়ৰ পৰা কোনো বাহন নাপালে আৰু আন এখন বাহনেৰে যাবলৈও পৰ্যাপ্ত ধন নাছিল। পিতৃজনৰ হাতত আন কোনো বিকল্প নথকাত তেওঁ নিজৰ ৪ বছৰীয়া ডাঙৰ পুত্ৰক সৰু পুত্ৰৰ মৃতদেহৰ সৈতে চিকিৎসালয়ৰ বাহিৰতে এৰি থৈ যোৱাৰ সিদ্ধান্ত লয়। যাতে কোনোবাই শিশু দুটিক ঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব পাৰে। 

৪ বছৰীয়া শিশু গুলচনে দেউতাক উভতি অহাৰ আশাতে প্ৰায় আধা ঘণ্টা সময় মৃত ভায়েকৰ শটো কোলাত লৈ গছৰ তলত বহি থাকে। মৃতদেহটোৰ সৈতে ৰাস্তাৰ কাষত বহি থকা সৰু ল’ৰাটোক দেখি মানুহৰ ভিৰ জমা হয় আৰু কৰ্তৃপক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি মৃতদেহৰ সৈতে শিশুটিক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে। এই ঘটনাই সকলোকে আৱেগিক কৰি তুলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ