--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা। ২ বছৰীয়া ভায়েকৰ মৃতদেহ কোলাত লৈ গছৰ তলত বহি থাকিল এটি ৪ বছৰীয়া শিশু। নাহিল এম্বুলেন্স। মধ্যপ্ৰদেশৰ মুৰেনাত সংঘটিত হৈছে এক অতি শোকাৱহ ঘটনা। ৪ বছৰীয়া এটি শিশুৱে এজোপা গছৰ তলত নিজৰ ২ বছৰীয়া ভায়েকৰ মৃতদেহ কোলাত লৈ বহি আছিল। সেই সময়ত মৃত পুত্ৰৰ মৃতদেহ ঘৰলৈ নিবলৈ এম্বুলেন্স বিচাৰি হাবাথুৰি খাই আছিল পিতৃ। ৰাস্তাৰ দাঁতিত মৃতদেহটো লৈ বহি থকা কণমানি শিশুটিক দেখি বহুলোক সেই স্থানত জমা হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। 

ঘটনাটো মুৰেনা জিলাৰ আম্বাহৰ বদফৰা গাঁৱৰ বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি পূজাৰাম জাটাভৰ দুবছৰীয়া পুত্ৰ ৰাজাৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে। প্ৰথম অৱস্থাত পুজাৰামে ঘৰতে পুত্ৰক সুস্থ কৰিবলৈ চেষ্টা কৰিছিল যদিও পেটৰ বিষ অসহ্যকৰ হৈ পৰাত শিশুটিক মৰেনা জিলা চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ ডাঙৰ পুত্ৰ গুলচনো পূজাৰামৰ সৈতে চিকিৎসালয়লৈ গৈছিল। দুখৰ বিষয় যে মৰেনা জিলা চিকিৎসালয়ত মৃত্যু হয় কণমানি ৰাজাৰ। দৰিদ্ৰ আৰু অসহায় পূজাৰামে চিকিৎসালয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল যে মৃতদেহটো পুনৰ নিজৰ গাঁৱলৈ লৈ যাবলৈ যাতে এম্বুলেন্সৰ ব্যৱস্থা কৰিব দিয়ে কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই দৰিদ্ৰ পিতৃজনৰ অনুৰোধক একেবাৰতে নাকচ কৰে। চিকিৎসালয় কৰ্তৃপক্ষই এম্বুলেন্স নাকচ কৰাৰ পিছতে লোকজনে শিশুটিৰ মৃতদেহ লৈ চিকিৎসালয়ৰ পৰা ওলাই আহি ৰাস্তাত বহিছিল।

পূজাৰাম জাটাভে চিকিৎসালয়ৰ পৰা কোনো বাহন নাপালে আৰু আন এখন বাহনেৰে যাবলৈও পৰ্যাপ্ত ধন নাছিল। পিতৃজনৰ হাতত আন কোনো বিকল্প নথকাত তেওঁ নিজৰ ৪ বছৰীয়া ডাঙৰ পুত্ৰক সৰু পুত্ৰৰ মৃতদেহৰ সৈতে চিকিৎসালয়ৰ বাহিৰতে এৰি থৈ যোৱাৰ সিদ্ধান্ত লয়। যাতে কোনোবাই শিশু দুটিক ঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব পাৰে। 

৪ বছৰীয়া শিশু গুলচনে দেউতাক উভতি অহাৰ আশাতে প্ৰায় আধা ঘণ্টা সময় মৃত ভায়েকৰ শটো কোলাত লৈ গছৰ তলত বহি থাকে। মৃতদেহটোৰ সৈতে ৰাস্তাৰ কাষত বহি থকা সৰু ল’ৰাটোক দেখি মানুহৰ ভিৰ জমা হয় আৰু কৰ্তৃপক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি মৃতদেহৰ সৈতে শিশুটিক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে। এই ঘটনাই সকলোকে আৱেগিক কৰি তুলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক