--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীৰ টুইট। তেওঁৰ পোষ্টটোত বহু মানুহে তেওঁক 'কিউট' বুলি মন্তব্য কৰিছে।  মেট্ৰিমনি এপ Shaadi.comৰ প্ৰতিষ্ঠাপকগৰাকীয়েও এই পোষ্টটোৰ সন্দৰ্ভত মন্তব্য কৰিছে, যাৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ দিছে। নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু নাগালেণ্ডৰ বিজেপিৰ ইউনিটৰ সভাপতি টেমজেন ইমনা এলঙে কৰা এই টুইটটো তেওঁৰ পত্নীৰ বিষয়ে আছিল। দৰাচলতে টেমজেন ইমনা এলঙে গুগল চাৰ্চ বক্সৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এটা কেপশ্বন দিছিল, যিটো ভাইৰেল হৈ পৰিছে।

গুগল চাৰ্চ বক্সত তেওঁ নিজৰ নামৰ প্ৰথম ৫টা আখৰ টাইপ কৰিছিল। ইয়াৰ পাছতেই গুগলে তেওঁৰ সৈতে জড়িত বিষয়বস্তুৰ তালিকাখন দেখুৱাইছিল। এই তালিকাত প্ৰথম স্থানত আছে মন্ত্ৰী টেমজেন ইমনা এলঙৰ নাম। দ্বিতীয়টোত টেমজেন ইমনা এলঙৰ টুইটাৰ, তৃতীয়টোত টেমজেন ইমনা এলঙৰ বয়স আৰু চতুৰ্থটোত টেমজেন ইমনা এলঙৰ পত্নীৰ বিষয়ে আছিল। মানুহে আচলতে টেমজেন ইমনা এলঙৰ পত্নী কোন সেয়া জানিবৰ বাবে গুগলত চাৰ্চ কৰি থাকে। ইফালে টেমজনে এতিয়ালৈকে বিয়া পতা নাই।

৪১ বছৰীয়া মন্ত্ৰীজনে তেওঁৰ পত্নী কোন সেয়া চাৰ্চ কৰা সন্দৰ্ভত টুইট কৰে। তেওঁ লিখিছে- ''গুগল চাৰ্চে মোক এক্সাইটেড কৰি দিলে। মই এতিয়াও তেওঁক(পত্নী) বিচাৰি আছোঁ।'' টেমজেনৰ এই টুইট লগে লগে ভাইৰেল হৈ পৰে। ইয়াক এতিয়ালৈকে ৩৬ হাজাৰৰো অধিক লোকে লাইক কৰিছে। মেট্ৰিমনি এপ শ্বাডী ডটকমৰ প্ৰতিষ্ঠাপক অনুপম মিট্টালে নাগালেণ্ডৰ মন্ত্ৰী টেমজেনৰ এই পোষ্টটোত মন্তব্য কৰি লিখে-''কিবা এটা কৰিব লাগিব।'' এই টুইটৰ উত্তৰ দি মন্ত্ৰী টেমজেন ইমনা এলঙে কয়–''ভাই বৰ্তমান মই একদম বিন্দাচ আছোঁ। মই ছলমান ভাইৰ বিয়ালৈহে অপেক্ষা কৰি আছোঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ