--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীৰ টুইট। তেওঁৰ পোষ্টটোত বহু মানুহে তেওঁক 'কিউট' বুলি মন্তব্য কৰিছে।  মেট্ৰিমনি এপ Shaadi.comৰ প্ৰতিষ্ঠাপকগৰাকীয়েও এই পোষ্টটোৰ সন্দৰ্ভত মন্তব্য কৰিছে, যাৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে ধেমেলীয়াকৈ দিছে। নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু নাগালেণ্ডৰ বিজেপিৰ ইউনিটৰ সভাপতি টেমজেন ইমনা এলঙে কৰা এই টুইটটো তেওঁৰ পত্নীৰ বিষয়ে আছিল। দৰাচলতে টেমজেন ইমনা এলঙে গুগল চাৰ্চ বক্সৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এটা কেপশ্বন দিছিল, যিটো ভাইৰেল হৈ পৰিছে।

গুগল চাৰ্চ বক্সত তেওঁ নিজৰ নামৰ প্ৰথম ৫টা আখৰ টাইপ কৰিছিল। ইয়াৰ পাছতেই গুগলে তেওঁৰ সৈতে জড়িত বিষয়বস্তুৰ তালিকাখন দেখুৱাইছিল। এই তালিকাত প্ৰথম স্থানত আছে মন্ত্ৰী টেমজেন ইমনা এলঙৰ নাম। দ্বিতীয়টোত টেমজেন ইমনা এলঙৰ টুইটাৰ, তৃতীয়টোত টেমজেন ইমনা এলঙৰ বয়স আৰু চতুৰ্থটোত টেমজেন ইমনা এলঙৰ পত্নীৰ বিষয়ে আছিল। মানুহে আচলতে টেমজেন ইমনা এলঙৰ পত্নী কোন সেয়া জানিবৰ বাবে গুগলত চাৰ্চ কৰি থাকে। ইফালে টেমজনে এতিয়ালৈকে বিয়া পতা নাই।

৪১ বছৰীয়া মন্ত্ৰীজনে তেওঁৰ পত্নী কোন সেয়া চাৰ্চ কৰা সন্দৰ্ভত টুইট কৰে। তেওঁ লিখিছে- ''গুগল চাৰ্চে মোক এক্সাইটেড কৰি দিলে। মই এতিয়াও তেওঁক(পত্নী) বিচাৰি আছোঁ।'' টেমজেনৰ এই টুইট লগে লগে ভাইৰেল হৈ পৰে। ইয়াক এতিয়ালৈকে ৩৬ হাজাৰৰো অধিক লোকে লাইক কৰিছে। মেট্ৰিমনি এপ শ্বাডী ডটকমৰ প্ৰতিষ্ঠাপক অনুপম মিট্টালে নাগালেণ্ডৰ মন্ত্ৰী টেমজেনৰ এই পোষ্টটোত মন্তব্য কৰি লিখে-''কিবা এটা কৰিব লাগিব।'' এই টুইটৰ উত্তৰ দি মন্ত্ৰী টেমজেন ইমনা এলঙে কয়–''ভাই বৰ্তমান মই একদম বিন্দাচ আছোঁ। মই ছলমান ভাইৰ বিয়ালৈহে অপেক্ষা কৰি আছোঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক