--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত আকৌ এবাৰ আইপিএল! ৮ৰ পৰা ১০টা দলে অংশগ্ৰহণ কৰিছিল সদ্যসমাপ্ত আইপিএলত। ফলত মেচৰ সংখ্যাও বৃদ্ধি পাইছে।  দৰ্শকেৰে ভৰি পৰিছিল ষ্টেডিয়াম। চলিত বৰ্ষৰ আইপিএলৰ সামৰণি পৰাৰ লগে লগে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ বাবে অপেক্ষাৰে বাট চাইছে ক্ৰীড়ানুৰাগীয়ে। কিন্তু অহা বছৰ যদি দুখনকৈ আইপিএল হয়? তেতিয়া কি হ’ব? নাই, ফেণ্টাচী নহয়। ৰবি শাস্ত্ৰীয়ে নিজেই এনে  ইংগিত দিয়া দেখা গৈছে।

চলিত বৰ্ষৰ আইপিএল দুমাহতকৈও অধিক সময় ধৰি চলিছে। নতুন চেম্পিয়ন হিচাপে বিবেচিত হৈছে গুজৰাট টাইটান্স। ১৫টা ছিজন পাৰ হোৱাৰ পাছতো আইপিএলৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ উৎসাহ টুটি যোৱা নাই। সেয়েহে, ৰবি শাস্ত্ৰীয়ে দ্বিপাক্ষিক টি-২০ শৃংখলা হ্ৰাস কৰি ফ্ৰেঞ্চাইজী ক্ৰিকেটত অধিক গুৰুত্ব দিয়াটো বিচাৰিছে। তেওঁৰ দাবী, আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচসমূহ কেৱল বিশ্বকাপতে সীমাবদ্ধ ৰাখিব লাগে। কেৱল সেয়াই নহয়, এতিয়াৰে পৰা প্ৰতিবছৰে দুখনকৈ আইপিএলৰ আয়োজন কৰাৰ ইংগিত দিছে।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক আছিল শাস্ত্ৰী। কিন্তু বিৰাট কোহলীৰ দলটোৱে গ্রুপ পর্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছিল। সেই শাস্ত্ৰীয়ে ভাবে যে ভাৰতকে ধৰি বহু দলে সৰু সৰু ফৰ্মেটত দ্বিপাক্ষিক শৃংখলা খেলি আছে। কিন্তু সেই কথা কোনেও বেছি দিনলৈ মনত নাৰাখে। তাতোকৈ যদি ক্লাব ক্ৰিকেট হয় তেতিকয়া ক্ৰিকেটাৰৰ পৰা দৰ্শকলৈকে সকলোৰে আগ্ৰহ বৃদ্ধি পাব বুলি সদৰী কৰিছে শাস্ত্ৰীয়ে।

বছৰত দুবাৰকৈ আইপিএল অনুষ্ঠিত কৰা সন্দৰ্ভত শাস্ত্ৰীয়ে কয়, ‘হয়, অৱশ্যেই। দ্বিপাক্ষিক টি-২০ ছিৰিজৰ এটা গোট আছে। ভাৰতীয় দলৰ প্ৰশিক্ষক হৈ থাকোতে মই এই কাম কৰিছিলোঁ। কিন্তু মই ভাবো এই ক্ষেত্ৰতো ফুটবলক অনুসৰণ কৰাটো উচিত। বিশ্বকাপত কেৱল টি-২০ মেচ হ’ব আৰু বাকীখিনি ক্লাৱৰ মাজত হ’ব। কাৰণ, দ্বিপাক্ষিক শৃংখলাৰ বিষয়ে কোনেও মনত নাৰাখে। বিগত ছমাহত কি কি ছিৰিজ অনুষ্ঠিত হ’ল তাকো মনত নাথাকে। মোৰ দেখোন মনত নপঢ়ে।’

শাস্ত্ৰীৰ মতে ক্লাৱ ক্ৰিকেট হ’লে সেই কথা সকলোৱে মনত ৰাখিব। উপভোগো কৰিব পাৰিব। শাস্ত্ৰীৰ মতে, ক্লাৱ ক্ৰিকেটেই টি-২০ৰ ভৱিষ্যত। আজি ৬০ খন মেচ অনুষ্ঠিত হৈছে, কাইলৈ ১৪০ খনো হ’ব পাৰে। এবছৰত ইয়াক দুটা ভাগত বিভক্ত কৰিব পাৰি। অর্থাৎ ভৱিষ্যতে বছৰত দুবাৰকৈ আইপিএল অনুষ্ঠিত হ’লে আচৰিত হ’ব লগীয়া একো নাথাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ