--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত আকৌ এবাৰ আইপিএল! ৮ৰ পৰা ১০টা দলে অংশগ্ৰহণ কৰিছিল সদ্যসমাপ্ত আইপিএলত। ফলত মেচৰ সংখ্যাও বৃদ্ধি পাইছে।  দৰ্শকেৰে ভৰি পৰিছিল ষ্টেডিয়াম। চলিত বৰ্ষৰ আইপিএলৰ সামৰণি পৰাৰ লগে লগে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ বাবে অপেক্ষাৰে বাট চাইছে ক্ৰীড়ানুৰাগীয়ে। কিন্তু অহা বছৰ যদি দুখনকৈ আইপিএল হয়? তেতিয়া কি হ’ব? নাই, ফেণ্টাচী নহয়। ৰবি শাস্ত্ৰীয়ে নিজেই এনে  ইংগিত দিয়া দেখা গৈছে।

চলিত বৰ্ষৰ আইপিএল দুমাহতকৈও অধিক সময় ধৰি চলিছে। নতুন চেম্পিয়ন হিচাপে বিবেচিত হৈছে গুজৰাট টাইটান্স। ১৫টা ছিজন পাৰ হোৱাৰ পাছতো আইপিএলৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ উৎসাহ টুটি যোৱা নাই। সেয়েহে, ৰবি শাস্ত্ৰীয়ে দ্বিপাক্ষিক টি-২০ শৃংখলা হ্ৰাস কৰি ফ্ৰেঞ্চাইজী ক্ৰিকেটত অধিক গুৰুত্ব দিয়াটো বিচাৰিছে। তেওঁৰ দাবী, আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচসমূহ কেৱল বিশ্বকাপতে সীমাবদ্ধ ৰাখিব লাগে। কেৱল সেয়াই নহয়, এতিয়াৰে পৰা প্ৰতিবছৰে দুখনকৈ আইপিএলৰ আয়োজন কৰাৰ ইংগিত দিছে।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক আছিল শাস্ত্ৰী। কিন্তু বিৰাট কোহলীৰ দলটোৱে গ্রুপ পর্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছিল। সেই শাস্ত্ৰীয়ে ভাবে যে ভাৰতকে ধৰি বহু দলে সৰু সৰু ফৰ্মেটত দ্বিপাক্ষিক শৃংখলা খেলি আছে। কিন্তু সেই কথা কোনেও বেছি দিনলৈ মনত নাৰাখে। তাতোকৈ যদি ক্লাব ক্ৰিকেট হয় তেতিকয়া ক্ৰিকেটাৰৰ পৰা দৰ্শকলৈকে সকলোৰে আগ্ৰহ বৃদ্ধি পাব বুলি সদৰী কৰিছে শাস্ত্ৰীয়ে।

বছৰত দুবাৰকৈ আইপিএল অনুষ্ঠিত কৰা সন্দৰ্ভত শাস্ত্ৰীয়ে কয়, ‘হয়, অৱশ্যেই। দ্বিপাক্ষিক টি-২০ ছিৰিজৰ এটা গোট আছে। ভাৰতীয় দলৰ প্ৰশিক্ষক হৈ থাকোতে মই এই কাম কৰিছিলোঁ। কিন্তু মই ভাবো এই ক্ষেত্ৰতো ফুটবলক অনুসৰণ কৰাটো উচিত। বিশ্বকাপত কেৱল টি-২০ মেচ হ’ব আৰু বাকীখিনি ক্লাৱৰ মাজত হ’ব। কাৰণ, দ্বিপাক্ষিক শৃংখলাৰ বিষয়ে কোনেও মনত নাৰাখে। বিগত ছমাহত কি কি ছিৰিজ অনুষ্ঠিত হ’ল তাকো মনত নাথাকে। মোৰ দেখোন মনত নপঢ়ে।’

শাস্ত্ৰীৰ মতে ক্লাৱ ক্ৰিকেট হ’লে সেই কথা সকলোৱে মনত ৰাখিব। উপভোগো কৰিব পাৰিব। শাস্ত্ৰীৰ মতে, ক্লাৱ ক্ৰিকেটেই টি-২০ৰ ভৱিষ্যত। আজি ৬০ খন মেচ অনুষ্ঠিত হৈছে, কাইলৈ ১৪০ খনো হ’ব পাৰে। এবছৰত ইয়াক দুটা ভাগত বিভক্ত কৰিব পাৰি। অর্থাৎ ভৱিষ্যতে বছৰত দুবাৰকৈ আইপিএল অনুষ্ঠিত হ’লে আচৰিত হ’ব লগীয়া একো নাথাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু