--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ বিৰোধী যুদ্ধ ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহ  মন্ত্ৰী অমিত শ্বাহে।   এন চি অ’ আৰ ডিৰ সপ্তম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি শ্বাহে যিকোনো মূল্যৰ বিনিময়তে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিবই লাগিব বুলি কয়। বৈঠকত শ্বাহে বিগত পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা  যুদ্ধত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে আৰু এই ক্ষেত্ৰত সহায় কৰা  সকলো সংস্থাকে অভিনন্দন জনায়।তেওঁ কয় যে এতিয়ালৈকে যিখিনি কৃতিত্ব লাভ কৰা হৈছে তাৰ পৰিমাণ মাত্ৰ ১০%হে । এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। শ্বাহে কয়-“আচল যুদ্ধ এতিয়াও আৰম্ভ হোৱা নাই । যেতিয়ালৈকে ৩৫ বছৰৰ তলৰ প্ৰতিজন নাগৰিকে এই যুদ্ধত যোগদান কৰাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে আমি এই যুদ্ধত জয়ী হ’ব নোৱাৰো। চৰকাৰে যুদ্ধ নিৰ্দেশনা দিব পাৰে, কিন্তু নিজে জয়ী হ’ব নোৱাৰে। এই কাৰণেই এই যুদ্ধখন দেশৰ  ১৩০ কোটি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজন। ৰাজ্য চৰকাৰৰ লগত থকা সংস্থাসমূহকে ধৰি সকলো সংস্থাই এই লক্ষ্য  পূৰণ কৰিব লাগিব।’

 শ্বাহে লগতে কয়, “ভাৰতৰ অমৃতকাল আৰম্ভ হৈছে। আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক প্ৰতিটো দিশতে আগশাৰীৰ দেশ  হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছো।কিন্তু ভাৰতৰ যুৱক-যুৱতীক ড্ৰাগছৰ আতংকৰ পৰা মুক্ত নকৰাকৈ আমি এই লক্ষ্যত উপনীত হ’ব নোৱাৰো। আমি এই যুদ্ধখন গুৰুত্বসহকাৰে যুঁজিব লাগিব আৰু ইয়াক অগ্ৰাধিকাৰ হিচাপে ল’ব লাগিব। গতিকে আমি সকলোৱে এই কামৰ বাবে প্ৰতি সপ্তাহত কিছু সময় উলিয়াই ইয়াৰ বাবে এটা সুকীয়া ব্যৱস্থা সৃষ্টি কৰিব লাগিব।আমাৰ হাতত বহু পশ্চিমীয়া দেশৰ  উদাহৰণ আছে। যদি আমি একেলগে আৰু দৃঢ়তাৰে যুঁজ দিওঁ তেন্তে আমি হয়তো এই যুদ্ধত জয়ী হম।”
 শ্বাহে লগতে কয় যে কিছুমান দেশে তালিকাৰ পৰা কিছুমান বিশেষ ড্ৰাগছৰ ব্যৱহাৰ আঁতৰাই পেলাইছে। কাৰাগাৰত অপৰাধীক আৱদ্ধ কৰি ৰখাৰ পৰ্যাপ্ত ক্ষমতা নথকাৰ বাবেই তেওঁলোকে এনে কৰিছে।
“যোৱা পাঁচ বছৰত আমি গাঁথনিগত, প্ৰতিষ্ঠানিক আৰু তথ্য সংস্কাৰৰ জৰিয়তে এই যুদ্ধখন চলাইছিলো আৰু সম্পূৰ্ণ  চৰকাৰী দৃষ্টিভংগীৰে আগবাঢ়িছিলো। এই পন্থাৰ ফলাফল অতি উৎসাহজনক। ২০০৪ চনৰ পৰা ২০১৩ চনলৈকে জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল ১.৫২ লাখ কিলোগ্ৰাম। যিটো ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে ৫.৪৩ লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে।এই সময়ছোৱাত জব্দ কৰা  ড্ৰাগছৰ মূল্য ৫৯৩৩ কোটি টকাৰ পৰা ২২ হাজাৰ কোটি টকাতকৈ অধিক হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ