--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলকিছ বানোৰ দুজন ধৰ্ষণকাৰীৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে আবেদনকাৰী ৰাধেশ্যাম ভাগবন্দাছ আৰু ৰাজুভাই বাবুলালক অন্তৱৰ্তীকালীন জামিন দিব নোৱাৰি।২০২২ চনৰ ১৫ আগষ্টত গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১১ জন দোষীক মুকলি কৰি দিয়া হৈছিল।

 কিন্তু চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে ধৰ্ষণকাৰীসকলক পুনৰ জে’ললৈ যাবলৈ নিৰ্দেশ দিছিল আৰু নিৰ্দেশ পালন কৰি গোধৰা কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল ১১ জন ধৰ্ষণকাৰীয়ে। যোৱা মাৰ্চ মাহত ভাগবন্দাছ আৰু বাবুলালে বিষয়টো বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰিবলৈ আবেদন কৰিছিল। এনে পৰিস্থিতিত আজিৰ দিনটোত ন্যায়াধীশসকলে এই আবেদন ‘সম্পূৰ্ণ ভুল’ বুলি মন্তব্য কৰি এইবুলি প্ৰশ্ন  কৰে, বিচাৰপীঠে দিয়া ৰায়ৰ বিৰুদ্ধে কেনেকৈ আবেদন কৰিব পাৰি? তাৰ পিছত ধৰ্ষণকাৰী দুজনৰ অধিবক্তাই আবেদনখন প্ৰত্যাহাৰ কৰাৰ অনুমতি বিচাৰিছিল আৰু উচ্চতম ন্যায়ালয়ে তাত সন্মতি দিয়ে। 

আজিৰ দিনটোতে ন্যায়াধীশ সঞ্জীৱ খান্নাই আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে এই বিষয়ত জনস্বাৰ্থত কেনেদৰে গোচৰৰ শুনানি হ’ব পাৰে? প্ৰসংগক্ৰমে ২০২২ চনৰ ১৫ আগষ্ট অৰ্থাৎ ৭৬ সংখ্যক স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে বিলকিছৰ ধৰ্ষণকাৰীসকলক  মুকলি কৰি দিছিল। অভিযোগ অনুসৰি, স্থানীয় বিজেপি নেতৃত্বই ১১ জন লোকক মুক্তিৰ পাছত ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল। বিতৰ্কৰ মাজতো গুজৰাট চৰকাৰে কৈছিল যে ১১ জন ধৰ্ষণকাৰী আৰু হত্যাকাৰীয়ে জেলত ‘ভাল আচৰণ’ কৰিছিল। সেইবাবেই তেওঁলোকৰ শাস্তি হ্ৰাস কৰা হৈছে। ১১ জন ধৰ্ষণকাৰীক মুক্তি দিয়াৰ বিৰুদ্ধে বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ নিৰ্দেশ বাতিল কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা সেই ১১ জন ধৰ্ষণকাৰীক আত্মসমৰ্পন কৰি পুনৰ কাৰাগাৰলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন