--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলকিছ বানোৰ দুজন ধৰ্ষণকাৰীৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে আবেদনকাৰী ৰাধেশ্যাম ভাগবন্দাছ আৰু ৰাজুভাই বাবুলালক অন্তৱৰ্তীকালীন জামিন দিব নোৱাৰি।২০২২ চনৰ ১৫ আগষ্টত গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১১ জন দোষীক মুকলি কৰি দিয়া হৈছিল।

 কিন্তু চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে ধৰ্ষণকাৰীসকলক পুনৰ জে’ললৈ যাবলৈ নিৰ্দেশ দিছিল আৰু নিৰ্দেশ পালন কৰি গোধৰা কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল ১১ জন ধৰ্ষণকাৰীয়ে। যোৱা মাৰ্চ মাহত ভাগবন্দাছ আৰু বাবুলালে বিষয়টো বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰিবলৈ আবেদন কৰিছিল। এনে পৰিস্থিতিত আজিৰ দিনটোত ন্যায়াধীশসকলে এই আবেদন ‘সম্পূৰ্ণ ভুল’ বুলি মন্তব্য কৰি এইবুলি প্ৰশ্ন  কৰে, বিচাৰপীঠে দিয়া ৰায়ৰ বিৰুদ্ধে কেনেকৈ আবেদন কৰিব পাৰি? তাৰ পিছত ধৰ্ষণকাৰী দুজনৰ অধিবক্তাই আবেদনখন প্ৰত্যাহাৰ কৰাৰ অনুমতি বিচাৰিছিল আৰু উচ্চতম ন্যায়ালয়ে তাত সন্মতি দিয়ে। 

আজিৰ দিনটোতে ন্যায়াধীশ সঞ্জীৱ খান্নাই আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে এই বিষয়ত জনস্বাৰ্থত কেনেদৰে গোচৰৰ শুনানি হ’ব পাৰে? প্ৰসংগক্ৰমে ২০২২ চনৰ ১৫ আগষ্ট অৰ্থাৎ ৭৬ সংখ্যক স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে বিলকিছৰ ধৰ্ষণকাৰীসকলক  মুকলি কৰি দিছিল। অভিযোগ অনুসৰি, স্থানীয় বিজেপি নেতৃত্বই ১১ জন লোকক মুক্তিৰ পাছত ফুলৰ মালা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰিছিল। বিতৰ্কৰ মাজতো গুজৰাট চৰকাৰে কৈছিল যে ১১ জন ধৰ্ষণকাৰী আৰু হত্যাকাৰীয়ে জেলত ‘ভাল আচৰণ’ কৰিছিল। সেইবাবেই তেওঁলোকৰ শাস্তি হ্ৰাস কৰা হৈছে। ১১ জন ধৰ্ষণকাৰীক মুক্তি দিয়াৰ বিৰুদ্ধে বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ নিৰ্দেশ বাতিল কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা সেই ১১ জন ধৰ্ষণকাৰীক আত্মসমৰ্পন কৰি পুনৰ কাৰাগাৰলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন