--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফাটি যোৱা গোৰোহা দেখাত বেয়া হোৱাই নহয়, ই শৰীৰতো সমস্যাৰ সৃষ্টি কৰে। যদিহে গোৰোহা বেছিকৈ ফাটি যায়, তেতিয়া ঘা হয়, বিষ হয় আৰু কেতিয়াবা গোৰোহাৰ পৰা তেজ ওলাবলৈ ধৰে। ঘৰুৱা ঔষধৰ সহায়ত গোৰোহা ভাল কৰিব পাৰি।

ঠাণ্ডা বতৰ আৰম্ভ হোৱাৰ লগে লগে ছালৰ সমস্যা আৰম্ভ হয়। বতৰৰ পৰিৱৰ্তনৰ বাবে ঠাণ্ডা বতাহ বলিছে যাৰ ফলত ছালখন শুকান হৈ পৰে। মুখৰ পৰা গোৰোহালৈকে ই ফাটিবলৈ ধৰে। ক্ৰীমৰ সহায়ত মুখখন সংশোধন হয়, কিন্তু ঠাণ্ডা মাটিৰ বাবে গোৰোহাবোৰ ভাল হোৱাত অসুবিধা হয়। গোৰোহা ভাল কৰিবলৈ আমি কিছুমান ঘৰুৱা উপায় চেষ্টা কৰিব পাৰো। ফাটি যোৱা গোৰোহা কেনেকৈ নিমজ কৰিব লাগে জানো আহক।

হিং 
হিঙে ফাটি যোৱা গোৰোহা ভাল কৰাৰ কাম কৰে। সেয়ে ইয়াক পেষ্ট বনাই গোৰোহাত লগাওক, ৰাতি শুই থকাৰ সময়ত হিং আৰু অলপ পানী মিহলাই দ্ৰৱ বনাই ফাটি যোৱা গোৰোহাত লগাব লাগে। ঠাণ্ডা বতাহে যাতে গোৰোহাত সমস্যা নিদিয়ে তাৰ বাবে গোৰোহাত পলিথিন বান্ধিব লাগে। কেইদিনমানৰ ভিতৰতে পৰিবৰ্তন দেখা পাব 
 
নাৰিকল তেল 
গোৰোহা ভাল কৰিবলৈও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি। নাৰিকল তেলৰ লগত মম মিহলাই এই মিশ্ৰণ লগালে গোৰোহা ফটা বন্ধ হয়। এই তেলে গোৰোহাৰ ঘাঁৰ বিষতো উপশম পাব।
 
মৌৱে ঘাঁ ভাল কৰিব
মৌত উপস্থিত থকা গুণবোৰে গোৰোহাৰ ঘাঁবোৰ ভাল কৰাৰ কাম কৰে। অলপ পানী গৰম কৰি তাত কিছু মৌ দিব। এতিয়া এই মৌ মিহলি পানীত ভৰি ৰাখক। ভৰি দুখন ২০ মিনিট পানীত ৰখাৰ পিছত গোৰোহা মচি কিছু ক্ৰীম বা মইশ্ব’ৰাইজাৰ লগাব লাগে। গোৰোহা ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
 
অলিভ অইল
অলিভ অইলত থকা ঔষধি গুণে ফাটি যোৱা গোৰোহা ভাল কৰে। এই তেল ছালৰ বাবে উপকাৰী বুলি ধৰা হয় আৰু ই ছালখন কোমল কৰি তোলে। ফাটি যোৱা গোৰোহাবোৰ গৰম পানীৰে ধুই ৰাতিটো অলিভ অইল লগাই দিব লাগে।  অলিভ অইল সনা পাছত গোৰোহাত ধূলি লাগিব নিদিব ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ