--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফাটি যোৱা গোৰোহা দেখাত বেয়া হোৱাই নহয়, ই শৰীৰতো সমস্যাৰ সৃষ্টি কৰে। যদিহে গোৰোহা বেছিকৈ ফাটি যায়, তেতিয়া ঘা হয়, বিষ হয় আৰু কেতিয়াবা গোৰোহাৰ পৰা তেজ ওলাবলৈ ধৰে। ঘৰুৱা ঔষধৰ সহায়ত গোৰোহা ভাল কৰিব পাৰি।

ঠাণ্ডা বতৰ আৰম্ভ হোৱাৰ লগে লগে ছালৰ সমস্যা আৰম্ভ হয়। বতৰৰ পৰিৱৰ্তনৰ বাবে ঠাণ্ডা বতাহ বলিছে যাৰ ফলত ছালখন শুকান হৈ পৰে। মুখৰ পৰা গোৰোহালৈকে ই ফাটিবলৈ ধৰে। ক্ৰীমৰ সহায়ত মুখখন সংশোধন হয়, কিন্তু ঠাণ্ডা মাটিৰ বাবে গোৰোহাবোৰ ভাল হোৱাত অসুবিধা হয়। গোৰোহা ভাল কৰিবলৈ আমি কিছুমান ঘৰুৱা উপায় চেষ্টা কৰিব পাৰো। ফাটি যোৱা গোৰোহা কেনেকৈ নিমজ কৰিব লাগে জানো আহক।

হিং 
হিঙে ফাটি যোৱা গোৰোহা ভাল কৰাৰ কাম কৰে। সেয়ে ইয়াক পেষ্ট বনাই গোৰোহাত লগাওক, ৰাতি শুই থকাৰ সময়ত হিং আৰু অলপ পানী মিহলাই দ্ৰৱ বনাই ফাটি যোৱা গোৰোহাত লগাব লাগে। ঠাণ্ডা বতাহে যাতে গোৰোহাত সমস্যা নিদিয়ে তাৰ বাবে গোৰোহাত পলিথিন বান্ধিব লাগে। কেইদিনমানৰ ভিতৰতে পৰিবৰ্তন দেখা পাব 
 
নাৰিকল তেল 
গোৰোহা ভাল কৰিবলৈও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি। নাৰিকল তেলৰ লগত মম মিহলাই এই মিশ্ৰণ লগালে গোৰোহা ফটা বন্ধ হয়। এই তেলে গোৰোহাৰ ঘাঁৰ বিষতো উপশম পাব।
 
মৌৱে ঘাঁ ভাল কৰিব
মৌত উপস্থিত থকা গুণবোৰে গোৰোহাৰ ঘাঁবোৰ ভাল কৰাৰ কাম কৰে। অলপ পানী গৰম কৰি তাত কিছু মৌ দিব। এতিয়া এই মৌ মিহলি পানীত ভৰি ৰাখক। ভৰি দুখন ২০ মিনিট পানীত ৰখাৰ পিছত গোৰোহা মচি কিছু ক্ৰীম বা মইশ্ব’ৰাইজাৰ লগাব লাগে। গোৰোহা ফটা সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
 
অলিভ অইল
অলিভ অইলত থকা ঔষধি গুণে ফাটি যোৱা গোৰোহা ভাল কৰে। এই তেল ছালৰ বাবে উপকাৰী বুলি ধৰা হয় আৰু ই ছালখন কোমল কৰি তোলে। ফাটি যোৱা গোৰোহাবোৰ গৰম পানীৰে ধুই ৰাতিটো অলিভ অইল লগাই দিব লাগে।  অলিভ অইল সনা পাছত গোৰোহাত ধূলি লাগিব নিদিব ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু