--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ১০০ দিনত সফলতাৰে আগবাঢ়িছে ড০ হিমন্ত বিশ্ব শৰ্মা৷ দেশৰ কেপ্টেইন নৰেন্দ্ৰ মোদী আৰু অসমৰ কেপ্টেইন হিমন্ত বিশ্ব শৰ্মা৷ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমত উপস্থিত হৈ এই মন্তব্য কৰে সৰ্বানন্দ সোণোৱাল৷ বিমানবন্দৰৰ পৰা পোনে পোনে আজাৰা বন্ধু মিলন নাট্য মন্দিৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অসমত উপস্থিত হৈয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সোণোৱালে৷ কংগ্ৰেছৰ কাৰ্যকালত গোটেই দেশতে দুৰ্নীতিৰ শিপা বিয়পিছিল বুলি অভিযোগ কৰি তেওঁ কংগ্ৰেছৰ দিনত উন্নয়নৰ নামত কেৱল দুৰ্নীতি চলাৰ অভিযোগৰ৷ তাৰপৰা মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে পৰিত্ৰাণ কৰিলে বুলি অবিহিত কৰে তেওঁ৷ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ তেওঁ কয়, দেশৰ প্ৰতিটো কামতে মূল্যবোধৰ ৰাজনীতি কৰিছে মোদী চৰকাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰ ওপৰত মোদীৰ ভূমিকাও বৰ্ণনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

উত্তৰ পূৰ্বাঞ্চলত এতিয়া উন্নয়ন হৈছে বুলি উল্লেখ কৰি তেওঁ ৰাস্তা ঘাট, দলং, পকীপথ সৰ্বদিশতে বিকাশ হৈছে বুলিও মন্তব্য কৰে৷ অসমৰ গোমোছাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ব্যক্তিজন নৰেন্দ্ৰ মোদী বুলিও তেওঁ দাবী কৰে৷ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাক ধন্যবাদ জনায় সোণোৱালে৷ হিমন্তই বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজক লগত লৈ বলিষ্ঠ ৰূপত কাম কৰিছে বুলিও তেওঁ প্ৰশংসা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ