--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ১০০ দিনত সফলতাৰে আগবাঢ়িছে ড০ হিমন্ত বিশ্ব শৰ্মা৷ দেশৰ কেপ্টেইন নৰেন্দ্ৰ মোদী আৰু অসমৰ কেপ্টেইন হিমন্ত বিশ্ব শৰ্মা৷ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমত উপস্থিত হৈ এই মন্তব্য কৰে সৰ্বানন্দ সোণোৱাল৷ বিমানবন্দৰৰ পৰা পোনে পোনে আজাৰা বন্ধু মিলন নাট্য মন্দিৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অসমত উপস্থিত হৈয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সোণোৱালে৷ কংগ্ৰেছৰ কাৰ্যকালত গোটেই দেশতে দুৰ্নীতিৰ শিপা বিয়পিছিল বুলি অভিযোগ কৰি তেওঁ কংগ্ৰেছৰ দিনত উন্নয়নৰ নামত কেৱল দুৰ্নীতি চলাৰ অভিযোগৰ৷ তাৰপৰা মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে পৰিত্ৰাণ কৰিলে বুলি অবিহিত কৰে তেওঁ৷ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ তেওঁ কয়, দেশৰ প্ৰতিটো কামতে মূল্যবোধৰ ৰাজনীতি কৰিছে মোদী চৰকাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণৰ ওপৰত মোদীৰ ভূমিকাও বৰ্ণনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

উত্তৰ পূৰ্বাঞ্চলত এতিয়া উন্নয়ন হৈছে বুলি উল্লেখ কৰি তেওঁ ৰাস্তা ঘাট, দলং, পকীপথ সৰ্বদিশতে বিকাশ হৈছে বুলিও মন্তব্য কৰে৷ অসমৰ গোমোছাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ব্যক্তিজন নৰেন্দ্ৰ মোদী বুলিও তেওঁ দাবী কৰে৷ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাক ধন্যবাদ জনায় সোণোৱালে৷ হিমন্তই বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজক লগত লৈ বলিষ্ঠ ৰূপত কাম কৰিছে বুলিও তেওঁ প্ৰশংসা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু