--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূৰ্বতকৈ যেন অধিক আত্মবিশ্বাসী হৈ পৰিছে কংগ্ৰেছ৷কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি চলা ভাৰত জোড়ো যাত্ৰাৰ পাছত পুনৰ ছন্দ ঘূৰি আহিছে বুলি কংগ্ৰেছে দাবী কৰিছে৷দক্ষিণৰ একমাত্ৰ বিজেপি শাসিত ৰাজ্য কৰ্ণাটকত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত দেশজুৰি কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত সঞ্চাৰ হৈছে নতুন শক্তিৰ৷ইতিমধ্যে দেশৰ ১০ খনতকৈয়ো অধিক ৰাজ্যত আছে বিজেপি বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ৷এই সকলোকে লগত লৈ গঠন হৈছে বিৰোধী উমৈহতীয়া ঐক্যমঞ্চ 'ইণ্ডিয়া'৷

কিন্তু আত্মবিশ্বাসী কংগ্ৰেছৰ সমুখত আহি পৰিছে এনে কিছু প্ৰত্যাহ্বান যাৰ বাবে ২০২৪ৰ নিৰ্বাচনত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা পৰিকল্পনা কৰিছে কংগ্ৰেছে৷ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিখন ৰাজ্যত শাসন কৰা শাসকীয় দলসমূহে মিলামিছাৰ জৰিয়তে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত অনিশ্চুকতা প্ৰকাশ কৰিছে,সেয়েহে কংগ্ৰেছে কিছু প্ৰত্যাহ্বানৰ সমুখীন হৈছে৷উদাহৰণস্বৰূপে-আম আদমী পাৰ্টীৰ দিল্লীত চৰকাৰ আছে বাবে ২৪'ৰ লোকসভাত আপে দিল্লীৰ ৭ খন লোকসভাতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰে৷এনে দোদুল্যমান পৰিস্থিতিত কংগ্ৰেছৰ বাবে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰা হৈছে৷

সমুখত আহি আছে ৫ খনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত৷বহুকেইটা ৰাষ্ট্ৰীয় সমীক্ষাৰ মতে কংগ্ৰেছৰ হাতলৈ ৪খন ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী যোৱাৰ সম্ভাৱনা আছে৷তেনে এক প্ৰেক্ষাপটত কেউখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছতহে প্ৰাক-নিৰ্বাচনী মিত্ৰতা নে নিৰ্বাচনোত্তৰ মিত্ৰতা হ’ব সেই কথা ঠাৱৰ কৰা হ’ব৷

তদুপৰি আত্মবিশ্বাসী কংগ্ৰেছে অসমতো নিৰ্বাচন অকলেই খেলাৰ কথা পৰিকল্পনা কৰিছে৷প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰোক্ষভাৱে ইতিপূৰ্বে সেই কথা স্পষ্ট কৰিছে৷কাৰণ অসমত থা বিৰোধী উমৈহতীয়া মঞ্চৰ সদস্য অসম জাতীয় পৰিষদে  বৰাকৰ পৰা  শদিয়াত সমাপ্ত কৰা এক অসম যাত্ৰাৰ প্ৰভাৱ জনজীৱনত তেনেই ক্ষীণ৷ৰাইজৰ দলৰো সাংগঠনিক ভেটি উজনি অসমৰ বাহিৰে অসমৰ বাকী জিলাসমূহত সামান্য৷তদুপৰি তৃণমূল কংগ্ৰেছ আদিৰ দৰে ৰাজনৈতিক দলৰ গুৱাহাটীৰ হোটেল আৰু কাৰ্যালয়ৰ বাহিৰত গৈ লোৱা সাংগঠনিক ভেটি মজবুতৰ কোনো কাৰ্যপন্থা৷এইসমূহৰ উপৰিও বামপন্থী দলসমূহৰো জনপ্ৰিয়তা শ্ৰমিক আৰু কৰ্মজীৱী অল্পসংখ্যক মানুহৰ বাহিৰে আন লোকৰ মাজত দেখিবলৈ পোৱা নাযায়৷তদুপৰি ১৯৯১ চন আৰু ১৯৯৬ চনৰ দুটাকৈ লোকসভা নিৰ্বাচনত কম্যুনিষ্ট পাৰ্টী অৱ্‌ ইণ্ডিয়াৰ উদ্ধৱ বৰ্মন বৰপেটা লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচিত হৈছিল৷সৰভোগ বিধানসভা সমষ্টিটো আছে চিপিআইএমৰ সবল স্থিতি যাৰ বাবে বামপন্থী দলসমূহে সমষ্টিটো দাবী কৰিব পাৰে যদিও ৯০ৰ দশকত  বৰপেটা সমষ্টিৰ জনবিন্যাস আৰু দলীয় স্থিতি আৰু ২০২৩ৰ ৰাজনৈতিক পৰিবেশৰ মাজত আছে বৃহৎ তফাৎ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ