--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক লৈ দেশজুৰি শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা৷ বাজিছে নিৰ্বাচনী বিকুল৷ দেশত বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠনৰ পূৰ্বেই অসমত গঠন হৈছিল বিৰোধীৰ ঐক্যমঞ্চ৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক সাধাৰণ সম্পাদক আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সভাপতি হিচাপে লৈ গঠিত বিৰোধী ঐক্যমঞ্চই অব্যাহত ৰাখিছে বিৰোধী ৰাজনীতিৰ কাম-কাজ৷

১২টাকৈ বিৰোধী ৰাজনৈতিক দলেৰে গঠিত এই ঐক্যমঞ্চত কোনোধৰণৰ আলোচনা নকৰাকৈয়ে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছিল ১৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা৷ তাৰ পাছতেই বিৰোধী ৰাজনীতিত লাগিছিল হাহাকাৰ৷ জিতেন্দ্ৰ সিং অসমলৈ অহাৰ সময়তে প্ৰস্তুত হৈছিল কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা৷ 

আৰু এই তালিকা প্ৰকাশৰ এসপ্তাহ পাছত ভূপেন বৰাৰ মন্তব্যই আউল লগাইছে বিৰোধীৰ অংকত৷ ১৪টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বুলি কৰা ঘোষণাৰ পাছতেই বিৰোধী ঐক্যমঞ্চত বিভাজন মেলাৰ স্পষ্ট ইংগিত পোৱা গৈছে৷ 

ভূপেন বৰাৰ মন্তব্যক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে৷ কংগ্ৰেছে অকলে ১৪টা সমষ্টিত নিৰ্বাচন খেলাৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে৷ এই খবৰ পোৱাৰ লগে লগে ভূপেন বৰাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ 

অখিল গগৈয়ে ভূপেন বৰাই এনেধৰনৰ কোনো কথা নহয় বুলি কোৱা বুলি সদৰী কৰিছে সংবাদ মাধ্যমৰ সন্মুখত৷ অখিল গগৈয়ে লগতে কয়, বাৰে বাৰে কংগ্ৰেছৰ এনে কথা ওলাই থকা বিষয়টোৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ সেয়ে ভূপেন বৰাক সোনকালে স্থিতি স্পষ্ট কৰাৰ আহ্বান বিধায়ক অখিল গগৈৰ৷

উল্লেখযোগ্য যে, ’১৪খন আসনতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল
APCCৰ সভাপতি ভূপেন বৰাই৷ কংগ্ৰেছে লোকসভাত কাকো আসন এৰি নিদিয়ে বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক