--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক লৈ দেশজুৰি শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তৎপৰতা৷ বাজিছে নিৰ্বাচনী বিকুল৷ দেশত বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠনৰ পূৰ্বেই অসমত গঠন হৈছিল বিৰোধীৰ ঐক্যমঞ্চ৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক সাধাৰণ সম্পাদক আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সভাপতি হিচাপে লৈ গঠিত বিৰোধী ঐক্যমঞ্চই অব্যাহত ৰাখিছে বিৰোধী ৰাজনীতিৰ কাম-কাজ৷

১২টাকৈ বিৰোধী ৰাজনৈতিক দলেৰে গঠিত এই ঐক্যমঞ্চত কোনোধৰণৰ আলোচনা নকৰাকৈয়ে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছিল ১৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা৷ তাৰ পাছতেই বিৰোধী ৰাজনীতিত লাগিছিল হাহাকাৰ৷ জিতেন্দ্ৰ সিং অসমলৈ অহাৰ সময়তে প্ৰস্তুত হৈছিল কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা৷ 

আৰু এই তালিকা প্ৰকাশৰ এসপ্তাহ পাছত ভূপেন বৰাৰ মন্তব্যই আউল লগাইছে বিৰোধীৰ অংকত৷ ১৪টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বুলি কৰা ঘোষণাৰ পাছতেই বিৰোধী ঐক্যমঞ্চত বিভাজন মেলাৰ স্পষ্ট ইংগিত পোৱা গৈছে৷ 

ভূপেন বৰাৰ মন্তব্যক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে৷ কংগ্ৰেছে অকলে ১৪টা সমষ্টিত নিৰ্বাচন খেলাৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে৷ এই খবৰ পোৱাৰ লগে লগে ভূপেন বৰাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ 

অখিল গগৈয়ে ভূপেন বৰাই এনেধৰনৰ কোনো কথা নহয় বুলি কোৱা বুলি সদৰী কৰিছে সংবাদ মাধ্যমৰ সন্মুখত৷ অখিল গগৈয়ে লগতে কয়, বাৰে বাৰে কংগ্ৰেছৰ এনে কথা ওলাই থকা বিষয়টোৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে৷ সেয়ে ভূপেন বৰাক সোনকালে স্থিতি স্পষ্ট কৰাৰ আহ্বান বিধায়ক অখিল গগৈৰ৷

উল্লেখযোগ্য যে, ’১৪খন আসনতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল
APCCৰ সভাপতি ভূপেন বৰাই৷ কংগ্ৰেছে লোকসভাত কাকো আসন এৰি নিদিয়ে বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ