--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ নাটকীয় ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছতে শনিবাৰে মাজনিশা ক্ষমতাচ্যুত হৈ পৰে ইমৰান খান। সোমবাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল শ্বাহবাজ শ্বৰীফ। পাকিস্তানৰ ২৩ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে নৱাজ শ্বৰীফৰ ভাতৃ শ্বাহবাজ। বিগত কেইদিনমানৰ ৰাজনৈতিক অস্থিৰতাই পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীক পৰিচয় কৰাই দিছিল সকলোৰে মাজত। অৱশ্যে এই পৰিচয়ৰ কেন্দ্ৰবিন্দু আছিল ৰাজনৈতিক। পাছে শ্বাহবাজৰ ব্যক্তিগত বিষয়কলৈয়ো এতিয়া চৰ্চা হোৱা আৰম্ভ হৈছে।
 
প্ৰশাসনিক অভিজ্ঞতা থাকিলেও, তিনিবাৰ পাক-পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলেও, পাকিস্তান মুছলীম লীগৰ সৰ্বেসৰ্বা ককায়েক নৱাজে প্ৰধানমন্ত্ৰী পদপ্ৰাৰ্থী হিচাপে কেতিয়াও নিজ ভাতৃৰ নাম প্ৰকাশ কৰা নাছিল। এইবাৰ ইয়াৰ ব্যতিক্ৰম। ইমৰানক ক্ষমতাচ্যুত কৰিবলৈ নৱাজ আৰু নৱাজৰ দলে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শ্বাহবাজক অনুমোদন জনোৱাৰ কাৰণ কি আছিল?
 
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, শ্বাহবাজৰ বাহিৰে আন কোনো উপায় নাছিল। দৰাচলতে, নৱাজে তেওঁৰ জীয়ৰী মাৰিয়ামক পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছিল। কিন্তু মাৰিয়ামৰ নামত পাকিস্তানৰ আদালতত একাধিক দুৰ্নীতিৰ অভিযোগৰ ওপৰত তদন্ত চলি আছে। ফলস্বৰূপে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাতৃক প্ৰধানমন্ত্ৰী পদপ্ৰাৰ্থী হিচাপে অনুমোদন দিবলৈ বাধ্য হৈছিল। বিৰোধীৰ মতে ধোৱা তুলসীৰ পাত নহয় শ্বাহবাজো। বিত্তীয় প্ৰৱঞ্চনাকে ধৰি শ্বাহবাজৰ নামত আছে একাধিক গোচৰ। দুৰ্নীতিৰ অভিযোগৰ বাবেই কেইবাবাৰো কাৰাগাৰৰ আলহী হ’বলগীয়া হৈছিল তেওঁ। মন কৰিবলগীয়া যে, ৭০ বছৰীয়া জীৱনত শ্বাহবাজে ৫বাৰ বিবাহ পাশত আৱদ্ধ হৈছে। এতিয়াও তেওঁৰ সৈতে  আছে দুগৰাকী পত্নী। তেওঁলোক দুয়ো হৈছে নুছৰত আৰু তেহমিনা দুৰানী। বাকী তিনিগৰাকী ক্ৰমে আলিয়া হানি, নিলোফাৰ খোচা আৰু কুলচুম হেৰ সৈতে বিচ্ছেদ হৈছে শ্বাহবাজৰ। ইয়াৰোপৰি, শ্বাহবাজ ৬ টা সন্তানৰ পিতৃ। ২ জন ল'ৰা আৰু ৪ জনী ছোৱালী।  শ্বাহবাজৰ জেষ্ঠ্য পুত্ৰ হামজা শ্বাহবাজ পঞ্জাৱ বিধানসভাৰ বিৰোধী দলৰ নেতা।  ইংলেণ্ডৰ বাসিন্দা সৰু পুত্ৰ ছুলেইমানে পাৰিবাৰিক ব্যৱসায় পৰিচালনা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন