--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ নাটকীয় ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছতে শনিবাৰে মাজনিশা ক্ষমতাচ্যুত হৈ পৰে ইমৰান খান। সোমবাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল শ্বাহবাজ শ্বৰীফ। পাকিস্তানৰ ২৩ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে নৱাজ শ্বৰীফৰ ভাতৃ শ্বাহবাজ। বিগত কেইদিনমানৰ ৰাজনৈতিক অস্থিৰতাই পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীক পৰিচয় কৰাই দিছিল সকলোৰে মাজত। অৱশ্যে এই পৰিচয়ৰ কেন্দ্ৰবিন্দু আছিল ৰাজনৈতিক। পাছে শ্বাহবাজৰ ব্যক্তিগত বিষয়কলৈয়ো এতিয়া চৰ্চা হোৱা আৰম্ভ হৈছে।
 
প্ৰশাসনিক অভিজ্ঞতা থাকিলেও, তিনিবাৰ পাক-পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলেও, পাকিস্তান মুছলীম লীগৰ সৰ্বেসৰ্বা ককায়েক নৱাজে প্ৰধানমন্ত্ৰী পদপ্ৰাৰ্থী হিচাপে কেতিয়াও নিজ ভাতৃৰ নাম প্ৰকাশ কৰা নাছিল। এইবাৰ ইয়াৰ ব্যতিক্ৰম। ইমৰানক ক্ষমতাচ্যুত কৰিবলৈ নৱাজ আৰু নৱাজৰ দলে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শ্বাহবাজক অনুমোদন জনোৱাৰ কাৰণ কি আছিল?
 
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, শ্বাহবাজৰ বাহিৰে আন কোনো উপায় নাছিল। দৰাচলতে, নৱাজে তেওঁৰ জীয়ৰী মাৰিয়ামক পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছিল। কিন্তু মাৰিয়ামৰ নামত পাকিস্তানৰ আদালতত একাধিক দুৰ্নীতিৰ অভিযোগৰ ওপৰত তদন্ত চলি আছে। ফলস্বৰূপে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাতৃক প্ৰধানমন্ত্ৰী পদপ্ৰাৰ্থী হিচাপে অনুমোদন দিবলৈ বাধ্য হৈছিল। বিৰোধীৰ মতে ধোৱা তুলসীৰ পাত নহয় শ্বাহবাজো। বিত্তীয় প্ৰৱঞ্চনাকে ধৰি শ্বাহবাজৰ নামত আছে একাধিক গোচৰ। দুৰ্নীতিৰ অভিযোগৰ বাবেই কেইবাবাৰো কাৰাগাৰৰ আলহী হ’বলগীয়া হৈছিল তেওঁ। মন কৰিবলগীয়া যে, ৭০ বছৰীয়া জীৱনত শ্বাহবাজে ৫বাৰ বিবাহ পাশত আৱদ্ধ হৈছে। এতিয়াও তেওঁৰ সৈতে  আছে দুগৰাকী পত্নী। তেওঁলোক দুয়ো হৈছে নুছৰত আৰু তেহমিনা দুৰানী। বাকী তিনিগৰাকী ক্ৰমে আলিয়া হানি, নিলোফাৰ খোচা আৰু কুলচুম হেৰ সৈতে বিচ্ছেদ হৈছে শ্বাহবাজৰ। ইয়াৰোপৰি, শ্বাহবাজ ৬ টা সন্তানৰ পিতৃ। ২ জন ল'ৰা আৰু ৪ জনী ছোৱালী।  শ্বাহবাজৰ জেষ্ঠ্য পুত্ৰ হামজা শ্বাহবাজ পঞ্জাৱ বিধানসভাৰ বিৰোধী দলৰ নেতা।  ইংলেণ্ডৰ বাসিন্দা সৰু পুত্ৰ ছুলেইমানে পাৰিবাৰিক ব্যৱসায় পৰিচালনা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?