--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নগাঁও জিলাৰ ধিং উন্নয়ন খণ্ডৰ টুকটুকী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত মুঠ ১৯টা আত্মসহায়ক গোটৰ মহিলা হিতাধিকাৰীয়ে লাখপতি বাইদেউ আঁচনিৰ তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত টুকটুকী গাঁও পঞ্চায়তত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান তথা লাখপতি বাইদেউ আঁচনিত এক অনিয়ম আৰু মইমতালিৰ অভিযোগ পোহৰলৈ আহিছে। টুকটুকী গাঁও পঞ্চায়তৰ তিনি শতাধিক মহিলা হিতাধিকাৰীক “জীৱিত মহিলাক মৃত” দেখুৱাই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে।


নগাঁও জিলাৰ ধিং উন্নয়ন খণ্ডৰ টুকটুকী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত মুঠ ১৯টা আত্মসহায়ক গোটৰ মহিলা হিতাধিকাৰীয়ে লাখপতি বাইদেউ আঁচনিৰ তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।


মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে যি সপোনৰ আঁচনি আৰম্ভ কৰিছিল, সেই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ ফলত টুকটুকীৰ মহিলাসকল আজি অসন্তুষ্ট আৰু ক্ষোভিত।


আবেদনকাৰী মহিলাসকলৰ তথ্য পুনৰ্নিৰীক্ষণৰ সময়ত গাঁওপ্ৰধান আবুল হুছেইন আৰু গাঁও পঞ্চায়তৰ জীৱিকা সখী ৰেহেনা বেগমে আবেদনকাৰীক 'মৃত' হিচাপে তালিকাভুক্ত কৰাৰ অভিযোগ ভুক্তভোগী মহিলাসকলৰ ।


ফলস্বৰূপে, এইসকল মহিলা লাখপতি বাইদেউ আঁচনিৰ তালিকাত স্থান লাভ নকৰিলে। ক্ষুব্ধ মহিলাসকলে আজি ধিং উন্নয়ন খণ্ডত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।


তেওঁলোকে গাঁও প্ৰধান আৰু জীৱিকা সখীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আঁচনিৰ পুনৰ নিৰীক্ষণ কৰি সকলো প্ৰকৃত মহিলা হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক আবেদন জনায়।


চৰকাৰে মহিলা সকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য লৈ আৰম্ভ কৰা লাখপতি বাইদেউ আঁচনিৰ এনে বঞ্চনামূলক ঘটনাই ধিঙত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি