--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ 'ৰৈ ৰৈ বিনালে' ছবিখন সন্দৰ্ভত কয় যে, 'জুবিনৰ এইখন শেষ ছবি, সকলোৱে মৰমেৰে চাওক। জুবিনে বৰ আগ্ৰহেৰে কৰিছিল চিনেমাখনৰ কাম। আমাৰ সামর্থ্যৰে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইখন আপোনালোকৰ ছবি।'

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গার্গে ভাল পোৱা নাহৰ গছেৰে সোণাপুৰৰ পৰা জাগীৰোডলৈকে ভৰাই দিবলৈ আহ্বান জনালে গৰিমা শইকীয়া গার্গে।


তেওঁ এই ঠাইখিনি জুবিনৰ নাহৰবন কৰাৰ বাবেও সকলোকে আহ্বান জনাই নাহৰবনৰ মাজত জুবিন গার্গে সুখেৰে থাকিব বুলি কয়।


আনহাতে জুবিন গাৰ্গৰ অন্তিম ছবি হিচাপে সকলোকে 'ৰৈ ৰৈ বিনালে' চাবৰ বাবেও আহ্বান জনায়। সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুর্গা মন্দিৰত গৰিমা শইকীয়া গার্গে নাহৰ গছৰ পুলি ৰোপণ কৰে। এই অনুষ্ঠানত তেওঁ 'ৰৈ ৰৈ বিনালে' ছবিখন সন্দৰ্ভত কয় যে, 'জুবিনৰ এইখন শেষ ছবি, সকলোৱে মৰমেৰে চাওক। জুবিনে বৰ আগ্ৰহেৰে কৰিছিল চিনেমাখনৰ কাম। আমাৰ সামর্থ্যৰে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইখন আপোনালোকৰ ছবি।'


উল্লেখযোগ্য যে, জুবিন গাৰ্গে নাহৰ গছ বহুত ভাল পাইছিল বাবে জুবিনক্ষেত্রত অনুৰাগীয়ে হিয়া উজাৰি নাহৰ পুলি আগবঢ়াই আহিছে। এনেদৰে আগবঢ়োৱা নাহৰ পুলিৰ সংখ্যা ইমানেই অধিক হৈ পৰিছে যে জুবিনক্ষেত্রত সকলো পুলিৰ ৰোপণ সম্ভৱ নহয়। সেয়ে বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিৰ সহযোগত ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুর্গা মন্দিৰত গৰিমা শইকীয়া গাৰ্গে নাহৰ পুলি ৰোপণ কৰে। তেওঁক সংগ দিয়ে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। গৰিমা শইকীয়া গাৰ্গে সকলোকে নাহৰৰ পুলি ৰোপণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সোণাপুৰৰ পৰা জাগীৰোডলৈকে সমগ্ৰ এলেকা জুবিনৰ নাহৰবন কৰি তোলাৰ প্ৰস্তাৱ দিয়ে।


এই নাহৰবনৰ মাজতে জুবিন গার্গে সুখেৰে থাকিব বুলিও তেওঁ প্রকাশ কৰে। স্বামীৰ ইচ্ছা অনুসৰি ৰাজ্যখন সেউজকৰণ কৰাৰ আৰম্ভণি হিচাপে এই পদক্ষেপ আৰম্ভ কৰা বুলিও তেওঁ উল্লেখ কৰে।


উল্লেখযোগ্য যে সোণাপুৰৰ পৰা জাগীৰোডলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নাহৰ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো ছয় লেনলৈ সম্প্ৰসাৰণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে নাহৰ পুলিসমূহ যাতে কাটি পেলাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যৱধান ৰাখি ৰোপণ কৰিবলৈয়ো তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে গৰিমা শইকীয়া গাৰ্গে স্বামীৰ সমাধিত বন্তি প্রজ্বলন কৰি মঙলদৈৰ পৰা আহি জুবিনক্ষেত্ৰত মেণ্ডোলিনবাদন কৰা ৫০ জন শিশুক সংগ দিয়ে। মঙলদৈৰ সাতসৰী সংগীত বিদ্যালয়ৰ এই শিশুসকলে মেণ্ডোলিনত মায়াবিনী শীর্ষক গীতটোৰ লহৰ তোলে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ