--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ 'ৰৈ ৰৈ বিনালে' ছবিখন সন্দৰ্ভত কয় যে, 'জুবিনৰ এইখন শেষ ছবি, সকলোৱে মৰমেৰে চাওক। জুবিনে বৰ আগ্ৰহেৰে কৰিছিল চিনেমাখনৰ কাম। আমাৰ সামর্থ্যৰে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইখন আপোনালোকৰ ছবি।'

ডিজিটেল ডেস্কঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গার্গে ভাল পোৱা নাহৰ গছেৰে সোণাপুৰৰ পৰা জাগীৰোডলৈকে ভৰাই দিবলৈ আহ্বান জনালে গৰিমা শইকীয়া গার্গে।


তেওঁ এই ঠাইখিনি জুবিনৰ নাহৰবন কৰাৰ বাবেও সকলোকে আহ্বান জনাই নাহৰবনৰ মাজত জুবিন গার্গে সুখেৰে থাকিব বুলি কয়।


আনহাতে জুবিন গাৰ্গৰ অন্তিম ছবি হিচাপে সকলোকে 'ৰৈ ৰৈ বিনালে' চাবৰ বাবেও আহ্বান জনায়। সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুর্গা মন্দিৰত গৰিমা শইকীয়া গার্গে নাহৰ গছৰ পুলি ৰোপণ কৰে। এই অনুষ্ঠানত তেওঁ 'ৰৈ ৰৈ বিনালে' ছবিখন সন্দৰ্ভত কয় যে, 'জুবিনৰ এইখন শেষ ছবি, সকলোৱে মৰমেৰে চাওক। জুবিনে বৰ আগ্ৰহেৰে কৰিছিল চিনেমাখনৰ কাম। আমাৰ সামর্থ্যৰে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইখন আপোনালোকৰ ছবি।'


উল্লেখযোগ্য যে, জুবিন গাৰ্গে নাহৰ গছ বহুত ভাল পাইছিল বাবে জুবিনক্ষেত্রত অনুৰাগীয়ে হিয়া উজাৰি নাহৰ পুলি আগবঢ়াই আহিছে। এনেদৰে আগবঢ়োৱা নাহৰ পুলিৰ সংখ্যা ইমানেই অধিক হৈ পৰিছে যে জুবিনক্ষেত্রত সকলো পুলিৰ ৰোপণ সম্ভৱ নহয়। সেয়ে বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিৰ সহযোগত ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুর্গা মন্দিৰত গৰিমা শইকীয়া গাৰ্গে নাহৰ পুলি ৰোপণ কৰে। তেওঁক সংগ দিয়ে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। গৰিমা শইকীয়া গাৰ্গে সকলোকে নাহৰৰ পুলি ৰোপণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সোণাপুৰৰ পৰা জাগীৰোডলৈকে সমগ্ৰ এলেকা জুবিনৰ নাহৰবন কৰি তোলাৰ প্ৰস্তাৱ দিয়ে।


এই নাহৰবনৰ মাজতে জুবিন গার্গে সুখেৰে থাকিব বুলিও তেওঁ প্রকাশ কৰে। স্বামীৰ ইচ্ছা অনুসৰি ৰাজ্যখন সেউজকৰণ কৰাৰ আৰম্ভণি হিচাপে এই পদক্ষেপ আৰম্ভ কৰা বুলিও তেওঁ উল্লেখ কৰে।


উল্লেখযোগ্য যে সোণাপুৰৰ পৰা জাগীৰোডলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নাহৰ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো ছয় লেনলৈ সম্প্ৰসাৰণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে নাহৰ পুলিসমূহ যাতে কাটি পেলাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যৱধান ৰাখি ৰোপণ কৰিবলৈয়ো তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে গৰিমা শইকীয়া গাৰ্গে স্বামীৰ সমাধিত বন্তি প্রজ্বলন কৰি মঙলদৈৰ পৰা আহি জুবিনক্ষেত্ৰত মেণ্ডোলিনবাদন কৰা ৫০ জন শিশুক সংগ দিয়ে। মঙলদৈৰ সাতসৰী সংগীত বিদ্যালয়ৰ এই শিশুসকলে মেণ্ডোলিনত মায়াবিনী শীর্ষক গীতটোৰ লহৰ তোলে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ কলাগুৰু ফাউণ্ডেশ্যনক দিব 'ৰৈ ৰৈ বিনালে'ৰ কৰৰ ধন, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত
২০৩১ চনত দুগুণলৈ বাঢ়িব ভাৰতীয়ৰ আয়
জুবিন গাৰ্গৰ অনুষ্ঠানৰ মাননি আত্মসাৎ কৰিছিল 'সিদ্ধার্থ এণ্ড কোম্পানী'য়ে
কলিয়াবৰত ১ কোটি ২০ লাখ টকাৰ জালনোট উদ্ধাৰ; আটক মুজিবুৰ ৰহমান
অতি কম দামতে পোৱা এবিধ ছুপাৰফুড বাদাম; বহু সমস্যা কৰে দূৰ
'ৰৈ ৰৈ বিনালে' মৰমেৰে চাবলৈ আহ্বান গৰিমা গাৰ্গৰ
সৰিয়হৰ তেল বিশুদ্ধ নে ভেজাল? এই ৩টা সহজ ঘৰুৱা পৰীক্ষা জানি লওক
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা
অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কেইবাটাও শিতানত কৰিব বঁটা প্রদান
নামৰূপত কৰুণ ঘটনা! নৰ্দমাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
'জয় জুবিন ' ধ্বনিৰে জামুগুৰিহাটত খেৰ কাটিলে সহস্ৰাধিক লোকে
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কিদৰে হৈছিল ছিংগাপুৰত ? ছিংগাপুৰৰ পৰা অসমলৈ উভতিল এছ আই টিৰ দল
দ্বিতীয় মেচতো ভাৰতৰ পৰাজয়, এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ
জুবিন ক্ষেত্রত মদ্যপায়ীৰ প্ৰৱেশ নিষিদ্ধ